Fact Check: চনু ছুদ আৰু স্বৰা ভাস্কৰৰ নামত হামাছ সন্ত্ৰাসবাদী সংগঠনলৈ কৰা টুইটবোৰ ভুৱা

উপসংহাৰ: আমাৰ অনুসন্ধানত, এইটো স্পষ্ট হৈ পৰিছে যে ভাইৰেল হৈ থকা স্ক্ৰীণশ্বটটো প্ৰকৃত বা সত্য নহয়। সন্ত্ৰাসবাদী সংগঠন হামাছৰ কোনো অফিচিয়েল টুইটাৰ হেণ্ডেল নাই বা ভাইৰেল স্ক্ৰীণশ্বটত দেখা স্বৰা ভাস্কৰ আৰু চনু ছুদৰ টুইটাৰ হেণ্ডেলো সঠিক নহয়।

Fact Check: চনু ছুদ আৰু স্বৰা ভাস্কৰৰ নামত হামাছ সন্ত্ৰাসবাদী সংগঠনলৈ কৰা টুইটবোৰ ভুৱা

নতুন দিল্লী (Vishvas News)। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা সংঘাতৰ মাজত এটা টুইটৰ স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ আছে। ইয়াৰ শীৰ্ষত আছে পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছৰ ইংৰাজীত কৰা এটা টুইট, য’ত তেওঁক জিঅ’নিষ্টসকলৰ বিৰুদ্ধে যুঁজিবলৈ ৫ খন ৰাফেল জেট দাবী কৰা দেখা গৈছে, আনহাতে টুইটটোত অভিনেত্ৰী স্বৰা ভাস্কৰৰ উত্তৰ দেখুওৱা হৈছে, য’ত তেওঁ সহানুভূতি প্ৰকাশ কৰি কয় যে চনু ছুদ হৈছে মানৱতাৰ বাবে বাকী থকা শেষ আশা। আনহাতে, চনু ছুদৰ উত্তৰ ইয়াৰ তলত দেখা গৈছে, য’ত তেওঁ লিখিছে যে কাইলৈ ৰাতিপুৱালৈকে ৫খন ৰাফেল জেট আপোনাৰ ওচৰলৈ গৈ পাব। বেছিভাগ ছ’চিয়েল মিডিয়া ইউজাৰে ইয়াক সত্য বুলি ধৰি লৈছে, কিয়নো তিনিওটা টুইটাৰ হেণ্ডেলত নীলা চিহ্ন বা ভেৰিফাইড একাউণ্টৰ চিহ্ন আছে। বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা গৈছে যে এই ভাইৰেল টুইটটো ভুৱা।

দৰাচলতে, হামাচৰ কোনো অফিচিয়েল টুইটাৰ হেণ্ডেল নাই। ভাইৰেল স্ক্ৰীণশ্বটত স্বৰা ভাস্কৰ আৰু চনু ছুদৰ টুইটাৰ হেণ্ডেলবোৰো ভুৱা।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক পেজ The Right Side ত এই স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে, য’ত লিখা বাক্যকেইটাৰ অসমীয়া ভাঙনি এনেধৰণৰ – হামাছ — আমাক ৫ খন ৰাফেল জেটৰ আৱশ্যক যাতে আমি জিঅ’নিজমৰ বিৰুদ্ধে যুঁজিব পাৰোঁ। ইয়াৰ প্ৰত্যুত্তৰত স্বৰা ভাস্কৰ – আমি সকলোৱে আপোনালোকৰ বেদনা বুজি পাওঁ। @SonuSood মানৱতাৰ বাবে বাকী থকা শেষ আশা। চনু ছুদৰ উত্তৰ – মোৰ মৰমৰ ভাই @hamas চিন্তা নকৰিবা। ৫ খন ৰাফেল জেট কাইলৈ ৰাতিপুৱালৈ আপোনাৰ ওচৰলৈ যাব। প্ৰাৰ্থনাত মনত ৰাখিবা।

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল স্ক্ৰীণশ্বটটোৰ সত্যতা নিৰূপণ কৰিবলৈ স্বৰা ভাস্কৰ আৰু চনু ছুদৰ অফিচিয়েল টুইটাৰ হেণ্ডেলবোৰ স্কেন কৰে, কিন্তু আমি তেনে কোনো টুইট বা টুইটৰ ৰিপ্লাই পোৱা নাছিলোঁ। ভাইৰেল স্ক্ৰীণশ্বটটো ভালদৰে চাই আমি দেখিলোঁ যে স্বৰা ভাস্কৰৰ টুইটাৰ হেণ্ডেলটো @OxygenData @SwaraBhaskar আৰু চনু ছুদৰ টুইটাৰ হেণ্ডেল লিখা আছে, আনহাতে স্বৰাৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো @ReallySwara আৰু চনু সুদৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো @SonuSood। গতিকে ভাইৰেল পোষ্টত থকা দুয়োটা টুইটাৰ হেণ্ডেল এই চেলিব্ৰিটি দুগৰাকীৰ নহয়।

আমি তেতিয়া @SwaraBhaskar অনুসন্ধান কৰিছিলোঁ আৰু এই একাউণ্টটো বাতিল হৈথকা দেখিবলৈ পাইছিলো। একেদৰে, @OxygenData বিচাৰি আমি বেইজিং ডাটা প্লেয়াৰৰ একাউণ্ট পাইছিলোঁ, কিন্তু ২০১৮ চনৰ পৰা এই হেণ্ডেলৰ পৰা কোনো বাৰ্তাই পোষ্ট কৰা হোৱা নাই। আমি ভাইৰেল পোষ্টটোত দেখা @Death_To_Juice হামাছৰ টুইটাৰ হেণ্ডেলটো অনুসন্ধান কৰিছিলোঁ, কিন্তু আমি তেনে কোনো একাউণ্ট বিচাৰি পোৱা নাছিলোঁ।

চনু ছুদে বহু সময়ৰ পৰা মানুহক সহায় কৰাৰ বাবে সংবাদ শিৰোনাম দখল কৰি আহিছে। সেয়েহে আমি কী-ৱৰ্ডৰ সৈতে ইণ্টাৰনেটত অনুসন্ধান কৰিছিলোঁ, কিন্তু আমি চনুক হামাছক সহায় কৰিবলৈ বা সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা কোৱা কোনো সংবাদ মাধ্যমৰ প্ৰতিবেদন পোৱা নাছিলোঁ। যদি তেনে হ’লহেঁতেন, ই এটা ডাঙৰ খবৰ হ’লহেঁতেন আৰু সংবাদ মাধ্যমত শিৰোনাম দখল কৰিলেহেঁতেন।

অধিক তথ্যৰ বাবে, আমি মুম্বাইত বলীউড কভাৰ কৰা দৈনিক জাগৰণৰ মুখ্য সংবাদদাতা স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক নিশ্চিতি দি কয় যে স্বৰা আৰু চনুৱে এনে ধৰণৰ কোনো বাৰ্তা টুইট কৰা নাই, ভাইৰেল হৈ থকা স্ক্ৰীণশ্বটটো সম্পাদনা সঁজুলিৰ সহায়ত প্ৰস্তুত কৰা হৈছে। এতিয়া ফেচবুকত এই পোষ্টটো শ্বেয়াৰ কৰা পেজ দ্য ৰাইট চাইডৰ প্ৰ’ফাইল স্কেন কৰাত, আমি দেখিছিলো যে বাতৰিটো লিখাৰ পৰলৈকে পেজটোত 59,000 ৰো অধিক ফ’ল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: আমাৰ অনুসন্ধানত, এইটো স্পষ্ট হৈ পৰিছে যে ভাইৰেল হৈ থকা স্ক্ৰীণশ্বটটো প্ৰকৃত বা সত্য নহয়। সন্ত্ৰাসবাদী সংগঠন হামাছৰ কোনো অফিচিয়েল টুইটাৰ হেণ্ডেল নাই বা ভাইৰেল স্ক্ৰীণশ্বটত দেখা স্বৰা ভাস্কৰ আৰু চনু ছুদৰ টুইটাৰ হেণ্ডেলো সঠিক নহয়।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস