X
X

Fact Check: ইজৰাইলৰ পেট্ৰো প্ৰকল্পত হিজবুল্লাহৰ আক্ৰমণ য়েমেনৰ বুলি উল্লেখ কৰি ভাইৰেল হৈ থকা ভিডিঅ’টো ৱেমেনৰ হয়

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে, এই ভিডিঅ’টো ইজৰাইলী পেট্ৰো প্ৰকল্পৰ ওপৰত হিজবুল্লাহৰ আক্ৰমণৰ নহয়। ভাইৰেল ভিডিঅ’টো ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰত ইজৰাইলে প্ৰতিশোধ লৈ য়েমেনৰ হুদাইদা বন্দৰত আক্ৰমণ কৰাৰ ভিডিঅ’ আছিল।

  • By: Umam Noor
  • Published: Oct 31, 2024 at 03:18 PM

নতুন দিল্লী (বিশ্বাস সংবাদ)। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত এখন ঠাইত এটা প্ৰচণ্ড বিস্ফোৰণ দেখা যায়। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত, ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে, এই ভিডিঅ’টো ইজৰাইলৰ হাইফা চহৰৰ পেট্ৰো প্ৰকল্পত হিজবুল্লাহৰ আক্ৰমণৰ সৈতে সম্পৰ্কিত।

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত এই তথ্য পাইছিল যে, এই ভিডিঅ’টো ইজৰাইলী পেট্ৰো প্ৰকল্পৰ ওপৰত হিজবুল্লাহৰ আক্ৰমণৰ নহয়। প্ৰকৃততে, এই ভাইৰেল ভিডিঅ’টো ২০২৪ চনৰ ছেপ্টেম্বৰৰ হয়, যেতিয়া ইজৰাইলে প্ৰতিশোধ লৈ য়েমেনৰ হুদাইদা চহৰৰ বন্দৰত আক্ৰমণ কৰিছিল।

ভাইৰেল পোষ্টটোত কি আছে?

ফেচবুক ব্যৱহাৰকাৰীজনে ভাইৰেল পোষ্টটো শ্বেয়াৰ কটেশ্বন লিখিছে, “ব্ৰেকিং: হিজবুল্লাহ যোদ্ধাসকলে হাইফাত এটা ইজৰাইলী পেট্ৰো প্ৰকল্পক এটি সুন্দৰ আক্ৰমণেৰে ধ্বংস কৰিছে, সংবাদ মাধ্যমৰ প্ৰতিবেদন।’

পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত চাওক।

পুংখানুপুংখ সন্ধান

আমি অনুসন্ধানত কেনেদৰে কৰিছিলোঁ- আমি প্ৰথমে কীফ্ৰেমটো আঁতৰাই গুগল লেন্সৰ জৰিয়তে ভাইৰেল ভিডিঅ’টো অনুসন্ধান কৰিছিলো। অনুসন্ধান কৰি, আমি এই ভিডিঅ’টো 30 ছেপ্টেম্বৰ 2024 তাৰিখে ‘দ্য নেচনেল নিউজ’ নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা দেখিছিলো। ইয়াত ভিডিঅ’টোৰ উপলব্ধ তথ্যটি হৈছে, ভিডিঅ’টো হুদাইদাববন্দৰত (য়েমেনৰ এখন চহৰ) ইজৰাইলী বিমান আক্ৰমণৰ।

অনুসন্ধান অব্যাহত ৰাখি, আমি টাইম টুলৰ সহায়ত ভিডিঅ’টো অনুসন্ধান কৰিলোঁ। আমি ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰত BBC ৱেবছাইটত একেটা ঘটনাৰ সৈতে সম্পৰ্কিত এটা প্ৰতিবেদন পাইছিলো। প্ৰতিবেদন অনুসৰি, দেওবাৰে ইজৰাইলৰ বিমান আক্ৰমণৰ পিছত ইয়েমেনী চহৰ হুদাইদাত জুই লাগিছিল। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’বোৰে চহৰখনৰ বন্দৰত এটা প্ৰচণ্ড বিস্ফোৰণ দেখুৱাইছিল।

এই সন্দৰ্ভত ‘দ্য চান’ৰ ৱেবছাইটত প্ৰকাশিত বাতৰিত দিয়া তথ্য অনুসৰি, য়েমেনৰ তেল টেংকত প্ৰচণ্ড জুইৰ বিস্ফোৰণ ঘটিছে। এইয়া উল্লেখ কৰা হৈছে যে, এই আক্ৰমণটো হুথি বিদ্ৰোহীসকলৰ বিৰুদ্ধে ইজৰাইলৰ প্ৰতিশোধৰ অংশ আছিল। ভিডিঅ’টোত দেখা যায় যে ইজৰাইলী বিমানবোৰে বন্দৰত সঞ্চিত ইন্ধনত আক্ৰমণ কৰিছিল, যাৰ পিছত আকাশত এটা ডাঙৰ ফায়াৰবল উঠি থকা দেখা গৈছিল।

ভাইৰেল পোষ্টটোত কৰা দাবীটো প্ৰমাণিত কৰিবলৈ, আমি জ্যেষ্ঠ সাংবাদিক জে পি ৰঞ্জনৰ সৈতে যোগাযোগ কৰিছিলো, যি দৈনিক জাগৰণত আন্তৰ্জাতিক বিষয়বোৰ কভাৰ কৰে আৰু ভাইৰেল পোষ্টটো তেওঁৰ সৈতে শ্বেয়াৰ কৰিছিল। তেওঁলোকে আমাক কৈছিল যে এই ভিডিঅ’টো আছিল য়েমেনৰ এটা বন্দৰত ইজৰাইলী আক্ৰমণৰ।

অৱশেষত, আমি ফেচবুক ব্যৱহাৰকাৰীসকলৰ চ’চিয়েল স্কেনিং কৰিছিলো যিসকলে বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰ কৰিছিল। আমি দেখিছিলো যে, ব্যৱহাৰকাৰীজন পাকিস্তানৰ।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত বিচাৰি পাইছিল যে, এই ভিডিঅ’টো ইজৰাইলী পেট্ৰো প্ৰকল্পৰ ওপৰত হিজবুল্লাহৰ আক্ৰমণৰ নহয়। ভাইৰেল ভিডিঅ’টো ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰত ইজৰাইলে প্ৰতিশোধ লৈ য়েমেনৰ হুদাইদা বন্দৰত আক্ৰমণ কৰাৰ ভিডিঅ’ আছিল।

  • Claim Review : এই ভিডিঅ'টো ইজৰাইলৰ হাইফা চহৰৰ পেট্ৰো প্ৰকল্পত হিজবুল্লাহৰ আক্ৰমণৰ সৈতে সম্পৰ্কিত।
  • Claimed By : FB User- Zaẁar Abdul Kareem
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later