Fact Check: প্ৰথমখন ভাপ ইঞ্জিনচালিত ৰে’ল বুলি ভাইৰেল হোৱা ভিডিঅ’ ভুৱা

উপসংহাৰ – ১৮০৯ চনত চলা বিশ্বৰ প্ৰথম ৰে’ল বুলি ভাইৰেল হোৱা ভিডিঅ’টো প্ৰকৃততে ‘Our Hospitality নামৰ এখন নিৰ্বাক ছবিৰহে দৃশ্য। ভাইৰেল ভিডিঅ’ৰ সৈতে কৰা দাবী সম্পূৰ্ণ ভুৱা।

Fact Check: প্ৰথমখন ভাপ ইঞ্জিনচালিত ৰে’ল বুলি ভাইৰেল হোৱা ভিডিঅ’ ভুৱা

বিশ্বাস নিউজ (নতুন দিল্লী) : শেহতীয়াকৈ বিভিন্ন সামাজিক মাধ্যম তথা হোৱাটছএপ্পযোগে এটা বিশেষ ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোৰ সৈতে দাবী কৰা হৈছে যে এয়া আজিৰ পৰা ২১১ বছৰ পূৰ্বে ১৮০৯ চনত মুকলি হোৱা বিশ্বৰ প্ৰথমখন ৰে’লৰ ভিডিঅ’। এই ভিডিঅ’টোত দেখুওৱা হৈছে যে এখন ৰে’লে ওখ-চাপৰ, একা-বেকা এটা ট্ৰেকেৰে গতি কৰিছে। পিছে বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই দাবী ভুৱা বুলি প্ৰতিপন্ন হৈছে।

দাবী –

ফে’চবুক ইউজাৰ Santosh Pai য়ে ৩০ জুন তাৰিখে ফে’চবুক গ্ৰুপ Mind Your English ত এটা ৩ মিনিট ১ ছেকেণ্ডৰ ভিডিঅ’ আপলোড কৰি লিখিছে –World’s first train started on 24-Dec-1809 (about 211 years ago). This video is worth watching. Most importantly during their journey there were some interesting events were happened.

ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – বিশ্বৰ প্ৰথমখন ৰে’ল ২৪-ডিচেম্বৰ-১৮০৯ তাৰিখে আৰম্ভ হৈছিল (প্ৰায় ২১১ বছৰ পূৰ্বে)। এই ভিডিঅ’টো সঁচাকৈয়ে অনবদ্য। আটাইতকৈ গুৰুত্বপূৰ্ণ  কথাটো হৈছে এই প্ৰথমটো যাত্ৰাৰ সময়ত কিছু আকৰ্ষণীয় ঘটনা সংঘটিত হৈছিল।

এই পোষ্টটো আৰু ইয়াৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে সৰ্বপ্ৰথমে এই ভাইৰেল ভিডিঅ’টো InVID টুলত দাখিল কৰি ইয়াৰ কী-ফ্ৰেমবোৰ উলিয়াই লও। ইয়াৰ পিছত এই ফ্ৰেমবোৰ গুগল ৰিভাৰ্ছ ইমেজ টুলত দাখিল কৰিছিলোঁ। ইয়াৰ পৰাই আমি এটা ইউটিউব ভিডিঅ’ৰ লিংক লাভ কৰিছিলোঁ। Buster Keaton পৰিচালিত ‘Our Hospitality’ নামৰ ১৯২৩ চনৰ ছবিখনৰ এই ভিডিঅ’টো ভালকৈ পৰীক্ষা কৰোতেই এই ভাইৰেল ভিডিঅ’ ক্লিপটো ইয়াত দেখিবলৈ পাইছিলোঁ। ছবিখনৰ ১৫ মিনিটত এই বিশেষ ভাইৰেল ভিডিঅ’টো দেখা গৈছে। তলত সম্পূৰ্ণ ছবিখনৰ লিংকটো দিয়া হৈছে –  

প্ৰথমখন ৰে’লৰ সবিশেষ তলত দিয়া হৈছে –

ৰে’লৰ ইতিহাস জানিবলৈ আমি সঠিক কী-ৱৰ্ডেৰে ইণ্টাৰনেটত বিচাৰ-খোচাৰ কৰিলো। আমি লাভ কৰা তথ্য অনুসৰি বিশ্বৰ প্ৰথমখন ভাপ ইঞ্জিন চালিত ৰে’ল আৱিষ্কাৰ হৈছিল ১৮০৪ চনত। কিন্তু ট্ৰেকত চলাব পৰা প্ৰথমখন ভাপ ইঞ্জিন চালিত ৰে’ল মুকলি কৰা হৈছিল ১৮২৫ চনতহে। গতিকে এই ভাইৰেল ভিডিঅ’ৰ সৈতে কৰা দাবীও সম্পূৰ্ণৰূপে ভুৱা।

আমি এই সন্দৰ্ভত দ্য আছাম ট্ৰিবিউন গোষ্ঠীৰ জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট চলচ্চিত্ৰ সমালোচক সিদ্ধাৰ্থ শংকৰ ডেকাক এই ভাইৰেল ভিডিঅ’ সন্দৰ্ভত অৱগত কৰিছিলোঁ। তেওঁ আমাক জনায়, “এই ভিডিঅ’টো ময়ো ফে’চবুক আৰু হোৱাটছএপ্পত লাভ কৰিছো। আচলতে এয়া এখন চিনেমাৰহে অংশ। মই এই চিনেমাখনো চাইছো। এয়া হৈছে ১৯২৩ চনত Buster Keaton এ নিৰ্মাণ কৰা ছবি “Our Hospitality – A Metro Attraction” ৰ এক দৃশ্যাংশ। এই ভাইৰেল দাবী সম্পূৰ্ণ ভুৱা।”

আমাৰ অনুসন্ধানৰ অন্তিম পৰ্যায়ত বিশ্বাস নিউজে এই ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ সন্তোষ পাইৰ ছ’চিয়েল স্কেনিং কৰে। বাতৰি লিখাৰ পৰলৈ এই ইউজাৰগৰাকীৰ আছে ২১৭ গৰাকী বন্ধু। গুজৰাটৰ বৰোদা নিবাসী এই লোকজন কেলিফ’ৰ্ণিয়াৰ ফুলাৰটনৰ বাসিন্দা।

নিষ্কৰ্ষঃ উপসংহাৰ – ১৮০৯ চনত চলা বিশ্বৰ প্ৰথম ৰে’ল বুলি ভাইৰেল হোৱা ভিডিঅ’টো প্ৰকৃততে ‘Our Hospitality নামৰ এখন নিৰ্বাক ছবিৰহে দৃশ্য। ভাইৰেল ভিডিঅ’ৰ সৈতে কৰা দাবী সম্পূৰ্ণ ভুৱা।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস