X
X

ফেক্ট চেক: উদয়পুৰত কুকুৰৰ সৰু সৰু বাচ্চাক বচোৱাৰ পুৰনা ভিডিঅ’ তুৰ্কিয়েৰ ভূমিকম্পৰ নামত ভাইৰাল

নতুন দিল্লী (বিশ্বাস নিউজ)। তুৰ্কিয়ে আৰু ছিৰিয়াৰ প্ৰলয়ঙ্কাৰী ভূমিকম্পৰ পিছৰ পৰায়ে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভুৱা ভিডিঅ’ আৰু ছবি বুল দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে। এতিয়া এখন ভিডিঅ’ক ভাইকৰাল কৰি দাবি কৰা হৈ আছে যে, এটা কুকুৰৰ বাচ্চা ভূমিকম্পৰ ফলত ভূমিৰ তলত পোত গৈছিল। কোনোবা এজনে সেইসমূহক বঁচালে। ভিডিঅ’ত এজনক কুকুৰৰ সৰু বাচ্চাবোৰক বঁচাই থকা অৱস্থাত দেখা পোৱা গৈছে। বিশ্বাস নিউজে ভাইৰাল পোষ্টৰ তদন্ত কৰিলে। দাবিটো ভ্ৰমাত্মক বুলি প্ৰমানিত হ’ল। প্ৰকৃততে ভিডিঅ’খনৰ ভূমিকম্পৰ লগত কোনো সম্পৰ্ক নাই। এয়া ৰাজস্থানৰ উদয়পুৰৰ পুৰনা ভিডিঅ’।

কি ভাইৰাল হৈ আছে

ফেচবুক ব্যৱহাৰকাৰী খৈৰ মহম্মদে 8 ফেব্ৰুৱাৰী ভিডিঅ’খন পোষ্ট কৰি ইংৰাজীত এই দাবি কৰিছে যে, ‘ভূমিকম্পৰ পিছত কুকুৰৰ বাচ্চা ধ্বংসস্তুপৰ তলত পোত গৈছিল”( ‘The dog’s child was buried under the ruins after earthquake.”)

পোষ্টত কৰা দাবি সঁচা বুলি ভাবি অন্যান্য ব্যৱহাৰকাৰীয়েও ইয়াক ভাইৰাল কৰি আছে। পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাব পৰা যাব

তদন্ত

ভাইৰাল ভিডিঅ’ৰ সত্যতা প্ৰমানৰ বাবে বিশ্বাস নিউজে পুনপ্ৰথমতে অনলাইন টুলৰ সহায় ল’লে। ইয়াৰ বাবে ইনৱিড টুলত ভাইৰাল ভিডিঅ’ক আপল’ড কৰি বহুত সুত্ৰ উলোৱা হ’ল। তাৰপিছত সেইসকলক গুগল লেঞ্চ টুলৰ সহায়ত বিছৰা হ’ল। এই খোঁজ প্ৰক্ৰিয়াত আচল ভিডিঅ’খন এনিমেল এণ্ড আনলিমিটেড নামৰ এখন ফেচবুক পেজত পোৱা গ’ল। আচল ভিডিঅ’খনক 28 আগষ্ট 2019 ত আপল’ড কৰি কোৱা হৈছিল যে, তেঁওলোককৈ এটা কল আহিছিল যে এটা কুকুৰে ক্ৰমাগত কান্দি আছে। যাৰ পিছত সংস্থাৰ তৰফৰ পৰা এজন ব্যক্তিক পঠোৱা হৈছিল।

গম পোৱা গ’ল যে, এটা ঘৰ ভাঙি পড়াৰ বাবে এই কুকুৰৰ বাচ্চা কেইটা ধ্বংসস্তুপৰ তলত পোত গৈছিল। বহুত অসুবিধাৰে এই বাচ্চাবিলাকক বচোৱা গ’ল।

এই ভিডিঅ’খন আমি এনিমেল এণ্ড আনলিমিটেড-ৰ ইউটিউব পেজত পালো। ইয়াক তিনি বছৰ আগত আপল’ড কৰা হৈছিল।
তদন্তক আগবঁঢ়াই নিওতে বিশ্বাস নিউজে দৈনিক জাগৰণৰ উদয়পুৰৰ সংবাদদাতা সুভাষ শৰ্মাৰ লগত যোগযোগ কৰিলে। তেঁওক ভাইৰাল ভিডিঅ’ৰ বিষয়ে অৱগত কৰিলে। তেঁও সংস্থাৰ লগত কথা পাতিলে আৰু জঁনালে যে, এই ভিডিঅ’খন প্ৰায় তিনি বছৰ পুৰনা। সেইসময়তও ভিডিঅ’খন বহুত ভাইৰাল হৈছিল। এয়া উদয়পুৰৰ ভিডিঅ’।

তদন্তৰ শেষত ভুৱা পোষ্ট বিয়পোৱা ব্যৱহাৰকাৰীৰ অনুসন্ধান কৰা হ’ল। ফেচবুক ব্যৱহাৰকাৰী খৈৰ মহম্মদৰ ছ’ছিয়েল ষ্কেনিঙত গম পোৱা গ’ল যে, ব্যৱহাৰকাৰীজন পাকিস্তানৰ বাসিন্দা। এই একাউণ্টখন 2015 চনৰ অক্টোৱৰ মাহত বনোৱা হৈছিল।

উপসংহাৰ : বিশ্বাস নিউজৰ তদন্তত ভাইৰাল ভিডিঅ’ৰ লগত কৰা দাবি ভুৱা প্ৰমানিত হ’ল। ৰাজস্থানৰ উদয়পুৰত এটা কুকুৰৰ বাচ্চাক বচোৱাৰ ভিডিঅ’ এতিয়া তুৰ্কিয়েৰ ভূমিকম্পৰ ঘটনা বুলি ভাইৰাল কৰা হৈ আছে।

  • Claim Review : ভূমিকম্পৰ পিছত ধ্বংসস্তুপত কুকুৰৰ বাচ্চা পোত গৈছিল
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী খৈৰ মহম্মদ
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later