Fact Check: এই ছবিখন ২০১৪ চনত এজন ইৰাকী ব্যক্তিৰ মূৰত গুলী লগাৰ, ইয়াৰ সৈতে পেলেষ্টাইন-ইজৰাইল সংঘৰ্ষৰ কোনো সম্পৰ্ক নাই
উপসংহাৰ: আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই দাবীটো ভুল। দৰাচলতে, এই ছবিখন ইৰাকৰ। মূৰত গুলী বিদ্ধ হোৱা ব্যক্তিজন হৈছে ইৰাকৰ শ্বেখ মহম্মদ ওবাইদ আল-ৰবি। ২০১৪ চনত ইৰাকী সৈন্য আৰু ইৰাকী ধৰ্মীয় গোটৰ মাজত সংঘৰ্ষৰ সময়ত শ্বেখ আল-ৰবিৰ মূৰত গুলী লাগিছিল। এই ছবিবোৰ সেই সময়ৰ। এই আলোকচিত্ৰসমূহৰ ইজৰাইলী আৰু পেলেষ্টাইনীসকলৰ মাজৰ সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।
- By: Pallavi Mishra
- Published: Jun 9, 2021 at 12:03 AM
নতুন দিল্লী (বিশ্বাস নিউজ) । শেহতীয়াকৈ ছচিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে য’ত এজন মানুহক মূৰত গুলী লৈ হাঁহি থকা দেখা গৈছে। পোষ্টটোত দাবী কৰা হৈছে যে এইখন পেলেষ্টাইনৰ এখন ছবি। আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই দাবীটো ভুল। দৰাচলতে, এই ছবিখন ইৰাকৰ।
মূৰত গুলী বিদ্ধ হোৱা ব্যক্তিজন হৈছে শ্বেখ মহম্মদ ওবাইদ আল-ৰবি। ২০১৪ চনত ইৰাকী সৈন্য আৰু ইৰাকী ধৰ্মীয় গোটৰ মাজত সংঘৰ্ষৰ সময়ত শ্বেখ আল-ৰবিৰ মূৰত গুলী লাগিছিল। এই ছবিবোৰ সেই সময়ৰ। এই আলোকচিত্ৰসমূহৰ ইজৰাইলী আৰু ফিলিস্তিনিসকলৰ মাজত সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।
কি এই ভাইৰেল পোষ্ট
ভাইৰেল পোষ্টটোত ৩ খন ফটোৰ এটা কোলাজ আছে য’ত এজন ব্যক্তিয়ে মূৰত এটা বুলেট দেখিব পাৰে। এই দুৰ্যোগৰ স্বত্বেও, এই ব্যক্তিজনে হাঁহি থকা যেন লাগিছে। ফটোৰ সৈতে কেপশ্যনত লিখা হৈছে এনেদৰে – “Allaahu Akbar The power of Allaah. A Palestinian Sheikh who was worshipping in the mosque aqsa was shot by the Zionist of Israel. By the power of Allaah a zionist sniper bullet that was as big as a thumb could not penetrate the head of the sheikh.” ইয়াৰ অসমীয়া অনুবাদ হৈছে – “আল্লাহ হু আকবৰ। আল্লাহৰ শক্তি। আকছাৰ মছজিদত প্ৰাৰ্থনা কৰি থকা এজন পেলেষ্টাইনী শ্বেখক ইজৰাইলী ইহুদীসকলে গুলীয়ায়। আল্লাহৰ শক্তিৰ বাবেই, এটা ইহুদীয়ে চলোৱা এটা বুঢ়া আঙুলিৰ সমান ডাঙৰ স্নাইপাৰ বুলেট শ্বেখৰ মূৰত প্ৰৱেশ কৰিব নোৱাৰিলে।”
এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
এই পোষ্টটো পৰীক্ষা কৰিবলৈ, আমি গুগল ৰিভাৰ্চ ইমেজত ‘man smiling with bullet in his head’ কীৱৰ্ডৰ সৈতে এই ফটোবোৰ পাইছিলোঁ। আমি alarabiya.net ত এটা প্ৰতিবেদন লাভ কৰিছিলো, য’ত এই ঘটনাটো ইৰাকৰ বুলি উল্লেখ কৰা হৈছে। বাতৰিটো ২০১৪ চনৰ ১০ আগষ্টত দাখিল কৰা হৈছিল আৰু কোৱা হৈছিল যে ঘটনাটো ইৰাকৰ আছিল।
আমি এই একেখিনি তথ্যই 9news.com.au ৱেবছাইটটো ১৩ আগষ্ট ২০১৪ তাৰিখে প্ৰকাশিত হোৱা দেখিবলৈ পাইছো।
অধিক তথ্যৰ বাবে, আমি alarabiya.net ৱেব সম্পাদক হাছান আল চাকিবৰ সৈতে কথা পাতিছিলো। “আমাৰ ৱেবছাইটত এই ছবিখনৰ বিষয়ে তথ্য সঠিক। ছবিখন ইৰাকৰ, যেতিয়া ফালুজাহ চহৰৰ বাসিন্দা শ্বেখ মহম্মদ ওবাইদ আল-ৰবিক বিপ্লৱী আৰু ইৰাকী চৰকাৰী সৈন্যৰ মাজত হোৱা বন্দুকযুদ্ধৰ সময়ত মূৰত গুলী মাৰিছিল। “
পোষ্টটো পণ্ডিচেৰীৰ ফেচবুক ব্যৱহাৰকাৰী AU RO ৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছিল। ব্যৱহাৰকাৰীজনৰ ফেচবুকত ৮১৪ জন অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ উপসংহাৰ: আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই দাবীটো ভুল। দৰাচলতে, এই ছবিখন ইৰাকৰ। মূৰত গুলী বিদ্ধ হোৱা ব্যক্তিজন হৈছে ইৰাকৰ শ্বেখ মহম্মদ ওবাইদ আল-ৰবি। ২০১৪ চনত ইৰাকী সৈন্য আৰু ইৰাকী ধৰ্মীয় গোটৰ মাজত সংঘৰ্ষৰ সময়ত শ্বেখ আল-ৰবিৰ মূৰত গুলী লাগিছিল। এই ছবিবোৰ সেই সময়ৰ। এই আলোকচিত্ৰসমূহৰ ইজৰাইলী আৰু পেলেষ্টাইনীসকলৰ মাজৰ সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.