Fact Check: ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ সৈতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতায়াহুৰ এই ফটোখন সম্পাদনা কৰা হৈছে

বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি পৰিগণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰি পৰিৱৰ্তন কৰা হৈছে। প্ৰকৃত ছবিখনত নেতায়াহুৰ সৈতে আছিল ইজৰাইলী সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল আবিব কোহেবি, ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ নহয়। প্ৰকৃত ছবিখন ২০১৯ ৰ।

বিশ্বাস নিউজ (নতুন দিল্লী)  পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত চলি থকা হিংসাত্মক সংঘৰ্ষৰ মাজতে, ছ’চিয়েল মিডিয়াত বৃহৎ সংখ্যক দাবী ভাইৰেল হৈ পৰিছে। ইফালে, ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰা হৈছে য’ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতায়াহুক ফে’চবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ সৈতে ইজৰাইলী সেনাৰ পোছাক পিন্ধি থকা দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ফে’চবুকে ইজৰাইলক সমৰ্থন কৰিছে। পিছে বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰি সলনি কৰা হৈছে। প্ৰকৃত ছবিখনত নেতায়াহুৰ সৈতে আছিল ইজৰাইলী সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল আভিভ কোহেবিহে, ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গৰ সৈতে নহয়। প্ৰকৃত ছবিখন ২০১৯ ৰ।

কি এই ভাইৰেল পোষ্ট

ফেচবুক ব্যৱহাৰকাৰী Sanjeev Sisodiya ২০ মে, ২০২১ তাৰিখে এটা ভাইৰেল ফটো শ্বেয়াৰ কৰি লিখিছিল, ‘সন্ত্ৰাসবাদী সংগঠন হামাছৰ সমৰ্থকসকল, ইজৰাইলৰ বিৰোধিতাৰে কেতিয়া ফে’চবুক এৰিবা 🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣🤣’

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান বিশ্বাস নিউজে প্ৰথমে অনুসন্ধান কৰিবলৈ ভাইৰেল ফটোত গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুল ব্যৱহাৰ কৰিছিল। আমি এই ছবিখন timesofisrael.com পাইছিলো। কিন্তু এই ছবিখনত নেতায়াহুৰ সৈতে মাৰ্ক জুকাৰবাৰ্গ নাছিল, আন কাৰোবাৰ সৈতেহে আছিল। ছবিখনৰ সৈতে বৰ্ণনাত এনেদৰে লিখিছে, “Prime Minister Benjamin Netanyahu and IDF Chief of Staff Aviv Kohavi at a press conference after a security cabinet meeting following the escalation of violence in the Gaza Strip, at IDF headquarters in Tel Aviv, on November 12, 2019” ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ – “১২ নৱেম্বৰ ২০১৯ তাৰিখে তেল আবিবস্থিত IDF ৰ মুখ্য কাৰ্যালয়ত গাজা ষ্ট্ৰীপত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি হোৱাৰ পিছত সুৰক্ষা কেবিনেটৰ বৈঠকৰ পিছত এক সংবাদমেলত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াহু আৰু IDF ৰ চীফ অৱ ষ্টাফ আবিব কোহেবি।”

কীৱৰ্ড অনুসন্ধানত, আমি গেটী ইমেজেছত সংশ্লিষ্ট ২০১৯ চনৰ এই সংবাদ মেলৰ আৰু বহুতো ছবি পাইছিলো। এই সকলোবোৰ ফটোৰ বৰ্ণনা অনুসৰি, ছবিখনত থকা লোকসকল হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতায়াহু আৰু IDF ৰ চীফ অফ ষ্টাফ আবিব কোহেবি।

এই সন্দৰ্ভত, আমি টুইটাৰৰ জৰিয়তে গেটী ইমেজেছৰ বাবে এই ছবিবোৰ তোলা এজন ফটো সাংবাদিক গিল কোহেন-মেগানৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কয়, “মই সেই সংবাদমেল খনতে উপস্থিত আছিলোঁ আৰু মই তেওঁৰ বহুতো ফটো তুলিছিলো।” অৱশ্যে, মই এই ভাইৰেল ছবিখন তোলা নাছিলোঁ। কিন্তু মই স্পষ্টভাৱে ক’ব পাৰোঁ যে এইখন ২০১৯ চনত তেল আবিবত অনুষ্ঠিত সংবাদমেলৰ এখন ছবি। এই ছবিখন সম্পাদনা কৰা হৈছে। প্ৰকৃত ছবিখনত নেতায়াহুৰ সৈতে ইজৰাইলৰ সেনা প্ৰধান আবিব কোহেবিহে উপস্থিত আছিল।”

শেষত ফেচবুকত এই ভাইৰেল পোষ্ট শ্বেয়াৰ কৰা পেজ ‘পাপ্পু কি ৰাজনৈতিক ব্যংগ’ৰ প্ৰ’ফাইল স্কেন কৰাত আমি দেখিছিলো যে পৃষ্ঠাটোত ৮৫.৯ হাজাৰ ফ’ল’ৱাৰ্ছ আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই দাবীটো মিছা বুলি পৰিগণিত হৈছে। দৰাচলতে, এই ছবিখন সম্পাদনা কৰি পৰিৱৰ্তন কৰা হৈছে। প্ৰকৃত ছবিখনত নেতায়াহুৰ সৈতে আছিল ইজৰাইলী সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল আবিব কোহেবি, ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ নহয়। প্ৰকৃত ছবিখন ২০১৯ ৰ।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস