X
X

Fact Check: গৌতম বুদ্ধৰ মূৰ্তিত মেৰিয়াই থোৱা এটা ৰবটিক সাপকে সঁচা সাপ বুলি ভাইৰেল কৰা হৈছে

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই সাপটো প্ৰকৃত সাপ নহয়, বৰঞ্চ এটা ৰবটিক সাপহে।

নতুন দিল্লী (বিশ্বাস নিউজ)। ছচিয়েল মিডিয়াত শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দাবী কৰা হৈছে যে বৰষুণৰ সময়ত প্ৰতি বছৰে ১৫ ফুট দৈৰ্ঘ্যৰ এডাল সাপ আহি গৌতম বুদ্ধৰ মূৰ্তিত মেৰিয়াই ধৰি থাকে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই সাপটো প্ৰকৃত সাপ নহয়, বৰঞ্চ এটা ৰবটিক সাপহে।

কি এই ভাইৰেল পোষ্ট

এটা ভাইৰেল ভিডিঅ’ত, এডাল সাপে বুদ্ধৰ মূৰ্তিৰ চাৰিওফালে মেৰিয়াই থোৱা দেখা গৈছে। পোষ্টটোত লিখা আছে, “ইয়াত প্ৰতি বছৰে এডাল ১৫ ফুট দৈৰ্ঘ্যৰ সাপে বৰষুণত ভগৱান বুদ্ধৰ মূৰ্তি আৱৰি ৰাখে। ইয়াৰ সত্যতা বিশ্বাস কৰিবলৈ এই ভিডিঅ’টো চাওক।”

এই পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

আমি অনুসন্ধানৰ বাবে গুগল ৰিভাৰ্চ ইমেজত এই ভিডিঅ’টোৰ কীফ্ৰেমবোৰ অনুসন্ধান কৰিছিলোঁ। আমি ১৩ মে, ২০১৭ তাৰিখে সংঘ টিভি নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা ভাইৰেল ভিডিঅ’টো পাইছিলো। ভাইৰেল ভিডিঅ’টো অলপ অস্পষ্ট আছিল কিন্তু ভিডিঅ’টো ইয়াত স্পষ্টভাৱে দেখা গৈছিল। ভিডিঅ’টো সঠিকভাৱে চালে স্পষ্টকৈ দেখুওৱা হৈছে যে ভিডিঅ’টোত থকা সাপটো প্ৰকৃত সাপৰ দৰে চলি থকা নাই, কিন্তু এনে লাগিছে যেন কোনোবাই ইয়াক পিছফালৰ পৰা ঠেলি দিছে বা ই বেটাৰীৰে মাজে মাজে চলি আছে। তদুপৰি, বহু ঠাইত এই সাপৰ চকুত ৰঙা লাইট জিলিকি থকা দেখা যায়, যিটো সাধাৰণ সাপত দেখা নাযায়।

এই ভিডিঅ’টোৰ এটা কমেণ্টত লিখা হৈছে – “Its a budhist temple in sri lanka , man made robotic snake for tourist attraction… you have to buy tickets to view this nice and beautiful scenary. ” ইয়াৰ অসমীয়া অনুবাদ হৈছে – “এইটো শ্ৰীলংকাৰ এটা বৌদ্ধ মন্দিৰ, পৰ্যটকৰ আকৰ্ষণৰ বাবে এটা মানৱ-নিৰ্মিত ৰবটিক সাপ… এই সুন্দৰ আৰু ধুনীয়া দৃশ্যটো চাবলৈ আপুনি এটা টিকট ক্ৰয় কৰিব লাগিব। “

ইয়াৰ পৰাই শুংসূত্ৰ লৈ আমি গুগলত অপেন কী-ৱৰ্ডত ছাৰ্ছ কৰিছিলো। আমি এই ভিডিঅ’টো Knowledge, News & Fun নামৰ ইউটিউব চেনেলত  ২০১৭ চনতে আপলোড কৰা দেখিবলৈ পাইছিলোঁ। ইয়াৰ লগত বিৱৰণীত লিখা আছিল – “শ্ৰীলংকাৰ এগৰাকী যুৱকে মুছলিণ্ডা কোব্ৰা প্ৰস্তুত কৰিবৰ বাবে ৰ’বটিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰে।”

https://youtu.be/DhrzYM5gVJw

আমি আৰু কিছুমান একে ধৰণৰ ভিডিঅ’ পাইছিলো, যাৰ বৰ্ণনা অনুসৰি, এইবোৰ হৈছে ৰবটিক সাপ।

শ্ৰীলংকাৰ বাতৰি কাকত দ্য আইলেণ্ডৰ ডিজিটেল সম্পাদক কুমাৰ মানকাৰে আমাক কৈছিল, “এইটো এটা ৰবটিক সাপ। জনবিশ্বাস অনুসৰি, মুক্লিন্দা, মুচালিন্দা বা মুচিলিণ্ডা হৈছে এটা সাপৰ নাম যি জ্ঞানলাভৰ পিছত গৌতম বুদ্ধক সুৰক্ষিত কৰিছিল। এই স্বীকৃতি প্ৰতিফলিত কৰিবলৈ, শ্ৰীলংকাত কাৰ্যসূচীৰ আয়োজন কৰা হয় য’ত মুক্লিন্দাই এটা ৰবটিক সাপ বজায়। যিটো দূৰৈৰ পৰা পৰিচালনা কৰা হয়।”

পোষ্টটো বহুতে মিছা দাবীৰে সামাজিক মাধ্যমত ভাইৰেল কৰি তুলিছে। তাৰে এজন বিকাশ পাৱাৰ নামৰ এজন ফেচবুক ব্যৱহাৰকাৰী। সামাজিক স্কেনিংত প্ৰকাশ পোৱা মতে, এই ব্যৱহাৰকাৰীজনৰ ফেচবুকত 101,627 জন অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো ভুৱা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এই সাপটো প্ৰকৃত সাপ নহয়, বৰঞ্চ এটা ৰবটিক সাপহে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later