X
X

ফেক্ট চেক: তুৰ্কিয়েৰ 6 বছৰ পুৰণী ভিডিঅ’ পাকিস্তানৰ আৰ্থিক সংকটৰ লগত সংযুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে।

  • By: Pragya Shukla
  • Published: Feb 14, 2023 at 03:43 PM
  • Updated: Feb 17, 2023 at 09:42 AM

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই দাবি কৰা হৈ আছে যে, ভুকত পগলা হৈ পাকিস্তানৰ জনতায় তাৰ সৈনিকসকলক পিটিব আৰম্ভ কৰি দিছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে, যেতিয়া পাকিস্তানৰ জনতায় সৈনিকসকলৰ পৰা আটা খুঁজিলে, তেতিয়া সেইসকলে মানুহবিলাকক তিৰস্কাৰ কৰিব আৰম্ভ কৰিলে, যাৰ পিছত মানুহবিলাকৰ খং উঠিলে, আৰু তেঁওলোকে সৈনিকসকলক সিঁহতৰ বেল্টেৰেহে সিঁহতক পিটিব আৰম্ভ কৰি দিলে।

বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুল বুলি প্ৰমানিত হৈছে। ভাইৰাল ছবিখনৰ পাকিস্তানৰ লগত কোনো সম্পৰ্ক নাই। ভাইৰাল হোৱা ছবিখন 2016 ত তুৰ্কিয়েত হোৱা এটা আন্দোলনৰ, যিটোক এতিয়া ভুল দাবিৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈ আছে।

কি ভাইৰাল হৈ আছে ?

ফেচবুক ব্যৱহাৰকাৰী সৰলা মুদ্ৰায় 13 ফেব্ৰুৱাৰী 2023 ত ভাইৰাল ছবিখনক শ্বেয়াৰ কৰিছে। পোষ্টত লিখা আছে, “এই ছবিখন শিয়ালকোট পাকিস্তানৰ হয়। ভুকত পগলা জনতাক, পাকিস্তানৰ সেনায় যেতিয়া আটা দিয়াৰ পৰিবৰ্তে গালি দিলে, তেতিয়া জনতায় সিঁহতক সিঁহতৰ বেল্টেৰে পেলাই পেলাই পিটিলে। মোদি ডাঙৰিয়াই পাকিস্তানৰ এই অৱস্থা কৰি পেলালে।”

ভাইৰাল পোষ্টৰ আৰ্কাইভ লিঙ্ক ইয়াত চাব পৰা যাব। ভাইৰাল ছবিখনক মিল থকা দাবিৰ সৈতে অন্যান্য ব্যৱহাৰকাৰীসকলেও শ্বেয়াৰ কৰি আছে।

তদন্ত

ভাইৰাল দাবিৰ সত্যতা জানিবলৈ, আমি ছবিখনক গুগল ৰিভাৰ্ছ ইমেজৰ জৰিয়তে বিছাৰিলোঁ। এই প্ৰক্ৰিয়াত আমি এনবিছি নিউজৰ ওৱেবচাইটত ভাইৰাল দাবিৰ লগত সংযুক্ত এটা ৰিপোৰ্ট পালো। ৰিপোৰ্টখনক 17 জুলাই 2016 ত প্ৰকাশ কৰা হৈছে। ৰিপোৰ্ট মতে, তুৰ্কিয়েৰ কিছুমান সৈনিকে ৰাষ্টপতি ৰেছেপ তৈয়প এদ্ৰ’গানৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে, যাৰ পিছত তেঁওৰ সমৰ্থকসকলে, বিদ্ৰোহ কৰা সৈনিকসকলৰ বিৰুদ্ধে সমদল উলিয়ালে। এই ছবিখন প্ৰকৃততে সেই ঘটনাৰ হয়।

তদন্ত আগবঢ়াঁওতে আমি, গুগলত ঘটনাৰ লগত সংযুক্ত কিৱাৰ্ডৰ মাধ্যমে বিছৰা আৰম্ভ কৰিলোঁ। এই প্ৰক্ৰিয়াত আমি, ভাইৰাল দাবিৰ লগত যুক্ত অইন এখন ৰিপোৰ্ট দা গাৰ্জিয়ানৰ ওৱেবচাইটত 16 জুলাই 2016 ত প্ৰকাশিত হোৱা পালো। দিয়া তথ্য অনুসৰি, তুৰ্কিয়েত সেনাৰ বিদ্ৰোহৰ পিছত, ৰাষ্টপতি ৰেছেপ তৈয়প এদ্ৰ’গানৰ সমৰ্থকসকলে সৈনিকসকলক পিটিলে। এই ছবি সেই ঘটনাৰ হয়। এই ছবিখন চিত্ৰ সংবাদদাতা গ’খন তন-এ তুলিছে।

এই খোঁজ প্ৰক্ৰিয়াত আমি তুৰ্কিয়েৰ সেনা বিদ্ৰোহৰ লগত সম্পৰ্কিত বহুত অন্যান্য ছবি, গেটটি ইমেজৰ ওৱেবচাইটতও পালো। ইয়াতও ছবিসমূহক এই তথ্যৰ লগত শ্বেয়াৰ কৰা হৈছে।

অধিক তথ্যৰ বাবে আমি চিত্ৰ সংবাদদাতা গ’খন তন-ৰ লগত যোগাযোগ কৰিলোঁ। উত্তৰ আহিলে ৰিপোৰ্ট আপডেট কৰা হ’ব।

বিশ্বাস নিউজে ভাইৰাল ছবি সন্দৰ্ভত পাকিস্তানৰ আজ টিভিৰ উৰ্ধ্বতন প্ৰডিউছাৰ আদিল আলিৰ লগত যোগাযোগ কৰিলে। তেঁও আমাক জঁনালে যে, ভাইৰাল দাবি ভুল। এনে ধৰণৰ কোনো ঘটনা পাকিস্তানত ঘটা নাই। এই ছবিখন পাকিস্তানৰ নহয়।

তদন্তৰ পৰৱৰ্তি পৰ্যায়ত আমি ভুৱা বাৰ্তা প্ৰেৰক সৰলা মুদ্ৰাৰ তদন্ত আৰম্ভ কৰিলোঁ। আমি গম পালো যে ব্যৱহাৰকাৰীজন এটা বিশেষ মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত। প্ৰফাইলত থকা তথ্য অনুসৰি, ব্যৱহাৰকাৰীজন উড়িষ্যাৰ বাসিন্দা।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত ভাইৰাল দাবি ভুল প্ৰমানিত হলে। ভাইৰাল ছবিখনৰ পাকিস্তানৰ লগত কোনো সম্পৰ্ক নাই। ভাইৰাল ছবি 2016ত তুৰ্কিয়েত হোৱা এখন আন্দোলনৰ যাক ভুল দাবিৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈ আছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later