Fact Check: ছবিখনত থকা গঁড়টো অন্তিমটো বগা গঁড় নাছিল; ভাইৰেল দাবী বিভ্ৰান্তিকৰ

উপসংহাৰ: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছিল যে দাবীটো বিভ্ৰান্তিকৰ আছিল। দৰাচলতে, মতা গঁড়টোৰ ২০১৮ চনতে মৃত্যু হৈছিল। তথাপি, ২ টা বগা গঁড় জীয়াই আছে, এই দুয়োটা মাইকী গঁড়। বিজ্ঞানীসকলে হিমায়িত কণী আৰু হিমায়িত শুক্ৰাণু ব্যৱহাৰ কৰি চাৰোগেচীৰ জৰিয়তে প্ৰজাতিটোক বচাবলৈ নিৰন্তৰ চেষ্টা কৰি আছে।

নতুন দিল্লী, (বিশ্বাস নিউজ) । এটা মৃত বগা গঁড়ৰ ফটো শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা দেখা গৈছে। পোষ্টটো মৃত্যু হোৱা বিশ্বৰ অন্তিমটো বগা গঁড় বুলি দাবী কৰা হৈছে। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবীটো বিভ্ৰান্তিকৰ। দৰাচলতে, ২০১৮ চনতে এইটো হোৱাইট ৰাইনো বা বগা গঁড়ৰ মৃত্যু হৈছিল। পিছে এতিয়াও ২ টা মাইকী বগা গঁড় আছে আৰু অন্যান্য ভালেখিনি আছে, যিবোৰ সুস্থ হৈ থকাৰ খবৰ আছে।

কি এই ভাইৰেল পোষ্ট

factz.unheard নামৰ এটা ইনষ্টাগ্ৰাম পৃষ্ঠাই এই পোষ্টটো শ্বেয়াৰ কৰিছে। ছবিখনত লিখা আছিল – “Rip to the last white rhino, they have survived for millions of years, but could not survive mankind!”, যাৰ অসমীয়া অনুবাদ হৈছে- “ঔঁম শান্তি। বিশ্বৰ অন্তিমটো বগা গঁড়লৈ শ্ৰদ্ধা, সিঁহত লাখ লাখ বছৰ ধৰি জীয়াই আহিছে, কিন্তু মানৱজাতিৰ মাজত জীয়াই থাকিব নোৱাৰিলে!”

পোষ্টটো আৰু ইয়াৰ আৰ্কাইভ সংস্কৰণটো ইয়াত  চাওক।

অনুসন্ধান

আমি প্ৰথমে এই ছবিখন পৰীক্ষা কৰিবলৈ ইণ্টাৰনেটত অনুসন্ধান কৰিছিলোঁ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত theguardian.com ৰ এক প্ৰতিবেদন অনুসৰি, পৃথিৱীৰ অন্তিম ২টা বগা গঁড় (উত্তৰ বগা গঁড়) কেনিয়াৰ অ’ল পেজেটা কংগাৰভেনচিত আছে। বাতৰি অনুসৰি, জীয়াই থকা বগা গঁড় দুটা হৈছে মাইকী গঁড় আৰু দুয়োটা মাতৃ আৰু কন্যা, সিঁহতৰ নাম ক্ৰমে নাজিন আৰু ফাটু। বাতৰি অনুসৰি, অন্তিমটো মতা গঁড় চুদানত আছিল, যাৰ ২০১৮ চনত মৃত্যু হৈছিল।

আমি www.nytimes.com ত এই ২ টা অন্তিম হোৱাইট ৰাইনোৰ বিষয়েও খবৰ পাইছিলোঁ। বাতৰিটোত theguardian.com দৰে একে তথ্যই আছিল।

এতিয়া আমি গুগল ৰিভাৰ্চ ইমেজত এই ভাইৰেল ছবিখন অনুসন্ধান কৰিলোঁ। আমি এই ছবিখন NatGeo ৰ Varified ইনষ্টাগ্ৰাম হেণ্ডেলত পাইছিলো। www.instagram.com পোষ্টৰ মতে” বিশ্বৰ অন্তিম পুৰুষ উত্তৰ হোৱাইট ৰাইনোটোৰ চুদানত মৃত্যু হোৱাৰ কিছু মুহূৰ্তৰ আগতে গ্ৰহণ কৰা কেতবোৰ ফটো জোচেফ ৱাচিৰাই কেনিয়াৰ @olpejeta লৈ প্ৰেৰণ কৰিছিল। পোষ্টটোৰ মতে, এই ছবিখন এটা সমীক্ষাত এটা দশকৰ জনপ্ৰিয় ছবি হিচাপে গণ্য কৰা হৈছে। ছবিখন অ’মি ভিটালে নামৰ এজন ফটোগ্ৰাফাৰে তুলিছিল।

আমি ফটোগ্ৰাফাৰ অ’মি ভিটালেৰ ৱেবছাইটত ছবিখনৰ বিষয়ে অধিক তথ্য পাইছিলোঁ। ইয়াত এইদৰেও উল্লেখ কৰা হৈছিল: “পৃথিৱীৰ অন্তিমটো মতা উত্তৰ বগা গঁড়ক ছুদানত যোচেফ ৱাচিৰাৰ অন্তিম বিদায়। এই আবেগিক মুহুৰ্ত্তক বৰ্ণনা কৰিবলৈ কোনো শব্দ নাই।”

আমি কেনিয়াৰ অ’ল পেজেটা কনচৰ্টিয়ামৰ সৈতে যোগাযোগ কৰিছিলোঁ। আমাক কোৱা হৈছিল যে নাজিন আৰু ফাতু হৈছে পৃথিৱীৰ অন্তিম দুটা মাইকী গঁড়। আৰু এই দুয়োটা গঁড়েই জীয়াই আছে।

আমি phys.org ত এক খবৰ লাভ কৰিছিলোঁ। ইয়াৰ মতে, “কেনিয়াৰ অ’ল পেজেটা কংগাৰৱেচীত থকা মাইকী গঁড় নাজিন আৰু ফাটু হৈছে বিশ্বৰ একমাত্ৰ অৱশিষ্ট উত্তৰ বগা গঁড়। উত্তৰ বগা গঁড়ৰ বিলুপ্তি প্ৰতিৰোধ কৰিবলৈ, লিবনিছ-আইজেডব্লিউৰ নেতৃত্বত বিজ্ঞানী আৰু সংৰক্ষণবিদসকলৰ এক আন্তৰ্জাতিক সংগঠনে দুগৰাকী মাইকী গঁড়ৰ পৰা অপৰিপক্ক কণী কোষ (অ’ছাইট) সংগ্ৰহ কৰি আছে আৰু মৃত পুৰুষ গঁড়ৰ পৰা হিমায়িত শুক্ৰাণু ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে গৰ্ভধাৰণ কৰোৱা হৈছে। অদূৰ ভৱিষ্যতে, উত্তৰ বগা গঁড়ৰ সন্তান বিকশিত কৰিবলৈ ভ্ৰূণটো দক্ষিণ বগা গঁড় চাৰোগেট মাতৃলৈ স্থানান্তৰ কৰা হ’ব।”

ভাইৰেল পোষ্টটো ফেক্টজ নামৰ এটা ইনষ্টাগ্ৰাম পেজে বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰিছিল। পৃষ্ঠাটো নিউয়ৰ্কৰ পৰা পৰিচালিত হয়।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছিল যে দাবীটো বিভ্ৰান্তিকৰ আছিল। দৰাচলতে, মতা গঁড়টোৰ ২০১৮ চনতে মৃত্যু হৈছিল। তথাপি, ২ টা বগা গঁড় জীয়াই আছে, এই দুয়োটা মাইকী গঁড়। বিজ্ঞানীসকলে হিমায়িত কণী আৰু হিমায়িত শুক্ৰাণু ব্যৱহাৰ কৰি চাৰোগেচীৰ জৰিয়তে প্ৰজাতিটোক বচাবলৈ নিৰন্তৰ চেষ্টা কৰি আছে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস