নতুন দিল্লী (বিশ্বাস নিউজ)। ইৰাণত হোৱা হিজাব বিবাদৰ লগত যুক্ত ভুৱা খবৰ ভাইৰেল হোৱাৰ ধাৰা এতিয়াও চলি আছে। এই শৃংখলাতে এজনী সৰু ছোৱালীৰ ভিডিঅ’ ভাইৰেল হৈ আছে। তাত ছোৱালীজনীক তেজেৰে ৰঙা পৰি থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ’ শ্বেয়াৰ কৰি ইউজাৰে এই দাবী কৰিছে যে ইৰাণত হিজাব নিপিন্ধাৰ কাৰণে এই সৰু ছোৱালীজনীৰ উপৰত আক্ৰমণ চলাই তাইক প্ৰহাৰ কৰা হৈছে।
বিশ্বাস নিউজে নিজে তদন্ত কৰি গম পাইছে যে এই ভিডিঅ’টো ইৰাণৰ এখন স্কুলৰ হয়, তাত সৰু-সৰু ল’ৰা-ছোৱালীসকলৰ মাজত কাজিয়া হৈছিল, তাত এইজনী ছোৱালীক আন এজন ল’ৰাৰ মাতৃয়ে প্ৰহাৰ কৰিছিলে। এই ভিডিঅ’ক হিজাবৰ ঘটনাৰ লগত যুক্ত কৰি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে।
ফেচবুক ইউজাৰে ভাইৰেল পোষ্টক শ্বেয়াৰ কৰি লিখিছে, ‘Little girl bleeding after getting hit in Iran. Her fault? She didn’t wear Hijab. “Hijab is a choice” is the biggest scam of our times…”
পোষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।
আমি নিজৰ তদন্ত আৰম্ভ কৰি সদৌ প্ৰথমতে এই ভিডিঅ’ক ইনৱিড টুলত আপলোড কৰিছিলোঁ আৰু কীফ্ৰেম্সক গুগল লেন্সৰ জৰিয়তে ছাৰ্চ কৰিছিলোঁ। ‘খবৰ অনলাইন ডট আইআৰ’-ত থকা বাতৰি অনুসৰি, ‘আজি ৰাতিপুৱাৰপৰায়ে তেজেৰে ৰঙা পৰি যোৱা এজনী ছোৱালীৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ আছে। এই বিষয়ত ইস্ফহান প্ৰান্তৰ আৰক্ষীয়ে কৈছে যে কালি দুপৰীয়া ইস্ফহানৰ খনেহ মহল্লাত স্কুল ছুটি হোৱাৰ পাছত এজন ছাত্ৰ আৰু এজনী ছাত্ৰীৰ মাজত কাজিয়া লাগিছিল। তেতিয়া ছাত্ৰজনৰ মাতৃয়ে নিজৰ সন্তানক বচাবলৈ গৈ সেই ছাত্ৰীজনীক ঠেলা মাৰি দিছে। সেই মহিলাগৰাকীক কালি দুপৰীয়া আৰক্ষী বিষয়াৰ উপস্থিতিত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এতিয়া তেওঁ জামিনত মুক্তি পাইছে।’ বাতৰিত জখম হোৱা ছোৱালীজনীৰ মাতৃৰো মন্তব্য পোৱা গৈছে। তেওঁ কৈছে যে, ছোৱালীজনীক আন এখন স্কুলৰ এজন পঢ়ুৱৈৰ মাতৃয়ে ঠেলা মাৰি দিছিল, তেতিয়া তেওঁৰ জীয়েকৰ মূৰটো মাটিত খুন্দা খাইছিল। তাৰ পাছত আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি থানাত লৈ গৈছিল।
ইৰাণৰ নিউজ ৱেবছাইট ‘ছাহেব খবৰ ডট আই আ’-ত ভাইৰেল ভিডিঅ’ৰ লগত যুক্ত ছবি পোৱা গৈছে আৰু বাতৰি -ত কোৱা হৈছে, “তেজেৰে ৰঙা পৰি থকা ছাত্ৰীৰ বিষয়ত ইস্ফহান প্ৰান্তৰ আৰক্ষীৰ জনসংযোগ বিভাগে কৈছে, কালি দুপৰীয়া ইস্ফহানৰ খনেহ মহলালত দুইজন পঢ়ুৱৈৰ মাজত কাজিয়া লাগিছিল। স্কুল ছুটি হোৱাৰ পাছত এজন পঢ়ুৱৈৰ মাতৃয়ে কাজিয়া বন্ধ কৰিবলৈ আহি মহিলাগৰাকীয়ে আন পঢ়ুৱৈক ঠেলা মাৰি দিছিল, তাৰ ফলত আন পঢ়ুৱৈ জখম হৈছে।”
এই ঘটনাৰ লগত যুক্ত বাতৰি ইৰাণৰ কেলেণ্ডাৰ অনুসৰি ‘3 অস্ফন্দ 1401’-ত প্ৰকাশিত হৈছিল। इस तारीख को हमने जॉर्जियन कैलेंडर এই দিনাংকক আমি জৰ্জিয়েন কেলেণ্ডাৰত কনভাৰ্ট কৰাৰ পাছত গম পালোঁ যে এয়া 22 ফেব্ৰুৱাৰী 2023 হয়। অৰ্থাৎ, এই ঘটনাটো কিছু দিন পূৰ্বে প্ৰকাশিত হৈছিল আৰু ভুৱা দাবীৰ সৈতে ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
এই বিষয়ত নিশ্চিত হোৱাৰ কাৰণে আমি ইৰাণৰ ‘অখবাৰ নফ্ত’-ৰ সাংবাদিক হামিদ ৰেজা শ্বকুহীৰ সৈতে টুইটাৰৰ জৰিয়তে যোগাযোগ কৰিছিলোঁ আৰু ভাইৰেল ভিডিঅ’টো তেওঁৰ লগত শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক কৈছে, “এই ভিডিঅ’টো ইৰাণৰ ইস্ফহান চহৰৰ আৰু 9 বছৰীয়া ছোৱালীৰ হয়। ইস্ফহানৰ প্ৰছিকিউটাৰে কৈছে যে এই ঘটনাৰ লগত হিজাবৰ কোনো সম্বন্ধ নাই। এয়া আচলতে এজন ছাত্ৰৰ মাতৃ আৰু আন এজন ছাত্ৰীৰ মাজত হোৱা সংঘাতৰ ঘটনা হয়।”
ইৰাণৰ ফেক্ট চেকাৰ ফাতিমা কৰিম খানেও আমাৰ লগত এই ভিডিঅ’ৰ বিষয়ে কথা পাতিছে। তেওঁ কৈছে, “এই ভিডিঅ’টো বহুত ভাইৰেল হৈছে। প্ৰথমতে এই ভিডিঅ’ক হিজাব বিবাদৰ লগত যুক্ত কৰি শ্বেয়াৰ কৰা হৈছে, কিন্তু পাছলৈ এই বিষয়ত আৰক্ষীয়ে নিশ্চিত কৰি কৈছে যে স্কুলত এজন ছাত্ৰৰ মাতৃয়ে এজনী ছাত্ৰীক ঠেলা মাৰিছিলে, তাৰ ফলত ছাত্ৰীজনী জখম হৈছে। ন্যায়পালিকাৰ মতে, এই ঘটনাৰ লগত হিজাবৰ কোনো সম্বন্ধ নাই।”
ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি গম পাইছোঁ যে এইজন ইউজাৰ 2009 চনৰপৰা ফেচবুকত আছে আৰু তেওঁ চেন্নাইৰ নিবাসী হয়।
উপসংহাৰ: বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে এই ভিডিঅ’টো ইৰাণৰ এখন স্কুলৰ পঢ়ুৱৈসকলৰ মাজৰ কাজিয়া হোৱাৰ পাছৰ ঘটনাৰ হয়, এই ঘটনাত এজনী ছোৱালীৰ উপৰত আন এজন ছাত্ৰৰ মাতৃয়ে হিংসাত্মক আচৰণ কৰিছে। এইটো ভিডিঅ’ক হিজাবৰ লগত যুক্ত কৰি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ