নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত ফুটবলাৰ লিঅ’নেল মেছিৰ এখন ছবি ভাইৰাল হৈ আছে, য’ত তেঁওক গেলামালৰ দোকানত দেখা পোৱা গৈছে আৰু তেঁওৰ আগত ট্ৰলিত বন্দুক দেখা পোৱা গৈছে বুলি অভিযোগ কৰা হৈছে। ছবিখনক সঁচা ভাবিলৈ ব্যৱহাৰকাৰীসকলে শ্বেয়াৰ কৰি আছে। বিশ্বাস নিউজে ভাইৰাল ছবিৰ তদন্তত ইয়াক ভুৱা বুলি প্ৰমান লাভ কৰিছে। ছবিখনক এডিট কৰি ইয়াত বন্দুক যোগ কৰা হৈছে। প্ৰকৃত ছবিখনত ট্ৰলিত গেলামালৰ বস্তুহে আছিল।
ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, , ”মেছিয়ে আগতেই আমেৰিকাৰ সংস্কৃতিক আকোৱালি লইছে।”
পোষ্টৰ আকাৰ্ইভ সংস্কৰণ ইয়াত চাওক।
আমাৰ তদন্তক আগবঢ়াই নিয়াৰ স্বাৰ্থত পুনপ্ৰথমতে আমি ভাইৰাল কৰি থকা ছবিখনক গুগল লেঞ্চ আৰু ৰিভাৰ্ছ ইমেজৰ জৰিয়তে বিছাৰিলোঁ। এই তদন্ত প্ৰক্ৰিয়াত আমি এই একেখন ছবি কেইবাটাও সামাজিক মাধ্যমৰ প্লেটফৰ্ম আৰু প’ৰ্টালত পালো, যাৰ পৰা গম পোৱা যায় যে, ছবিখন ভালেমান ভাইৰাল হৈছে।
তদন্ত আগবঢ়াই থাকোতে আমি, বেলেক বেলেক কিৱাৰ্ডৰ সহায়ত ছবিখন বিছৰা আৰম্ভ কৰিলোঁ আৰু আমি ডেইলি মেল ডট ইউকে-ৰ ৱেবচাইটত, 14 জুলাই 2023ত মেছিৰ এইখন ছবি সংবাদৰ সৈতে আপল’ড হোৱা পালো। ইয়াত ট্ৰলিত গেলামালৰ বস্তু দেখা পোৱা গৈছে, বন্দুক নহয়।
এই সংবাদৰ লগত থকা তথ্য মতে, ”দক্ষিণ ফ্ল’ৰিডাত আজি মেছিৰ দ্বিতীয় দিন আৰু তেঁও আমেৰিকান সংস্কৃতি আকোৱালি লবলৈ চেষ্টা কৰি আছে আৰু ইয়াৰ মাজতে মেছিক পৰিয়ালৰ লগত মিয়ামি-ত গেলামাল বজাৰ কৰি থকা অৱস্থাত দেখা পোৱা গৈছে।” এই সংবাদৰ লগত মেছিয়ে গেলামাল বজাৰ কৰি থকাৰ বেলেক ছবিও দেখা গৈছে।”
প্রকৃত আৰু এডিট কৰা ছবিৰ মাজৰ পাৰ্থক্য স্পষ্ট দেখা পোৱা গৈছে।
বিশ্বাস নিউজে ভাইৰাল পোষ্টৰ সত্যতা পৰীক্ষা কৰিবলৈ খেল সংবাদদাতা, অভিষেক ত্ৰিপাঠীৰ লগত যোগাযোগ কৰিলে আৰু তেঁও আমাক জঁনালে যে, এই ছবিখন ভুৱা, ইয়াক এডিট কৰি বনোৱা হৈছে।
ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজৰ সামাজিক ষ্কেণিঙত আমি গম পালো যে, পেজটোক 4.3 হাজাৰ মানুহে অনুসৰণ কৰে।
উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, প্ৰকৃত ছবিখনক এডিট কৰি ইয়াত বন্দুক লগলগাই দিয়া হৈছে। প্ৰকৃত ছবিখনত ট্ৰলিৰ ভিতৰত গেলামাল আছিল, বন্দুক নহয়। ভাইৰাল হৈ থকা দাবিটো ভুৱা।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ