Fact Check: পেৰিচৰ আৰ্ক ডি ট্ৰায়াম্ফত প্ৰাইড ৰেইনব’ৰ ভিডিঅ’ আচল নহয়, ডিজিটালি তৈয়াৰ কৰা এখন ভিডিঅ’হে

নতুন দিল্লি(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত পেৰিচৰ ঐতিহাসিক ভৱন আৰ্ক ডি ট্ৰায়াম্ফক দেখা পোৱা গৈছে। ভৱনৰ চাৰিওকাষে প্ৰাইড ৰেইনব’ও দেখা পোৱা গৈছে। ভিডিঅ’খনক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, আৰ্ক ডি ট্ৰায়াম্ফক এখন ডাঙৰ প্ৰাইড ৰেইনব’ৰে ঢাকি দিয়া হৈছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই ভিডিঅ’ আচল নহয়। ইয়াক ডিজিটাল প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে।

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, ”পেৰিচত আৰ্ক ডি ট্ৰায়াম্ফক এখন ডাঙৰ প্ৰাইড ৰেইনব’ৰে ঢাকি দিয়া হৈছে।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

তদন্তৰ আৰম্ভণিত পুনপ্ৰথমতে আমি ভাইৰাল ভিডিঅ’খনক ইনৱিড টুলত আপল’ড কৰি বেলেক বেলেক কীৱাৰ্ডৰ জৰিয়তে গুগল ৰিভাৰ্ছ ইমেজত বিছৰিলো। এই খোঁজ প্ৰক্ৰিয়াত আমি ভিডিঅ’খন এখন ইউটিউব চেনেলত আপল’ড হোৱা দেখা পালো। ইয়াত আপল’ড কৰা ভিডিঅ’ৰ লগত থকা তথ্য মতে, ডিজিটাল আৰ্টিষ্ট ইয়ান পেডঘাম(Ian Padgham) -এ বনাইছে। তাতেই ভিডিঅ’ৰ লগত থকা বিৱৰণত কোৱা হৈছে যে, এই সুন্দৰ ভিডিঅ’খন প্ৰাইড মান্থ 2023 ক উদযাপন কৰিবলৈ বনোৱা হৈছে। ইয়ান পেডঘাম প্ৰকৃততে এজন কেলিফৰ্নিয়াৰ শিল্পী, তেঁও বৰ্তমানত ফ্ৰাঞ্চত বসবাস কৰে। তেঁও বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মত ডাঙি ধৰা নিজৰ এনিমেটেড সৃষ্টিসমূহৰ বাবে বিখ্যাত হৈছে।

তদন্ত আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি গুগলত ইয়ান পেডঘামৰ বিষয়ে বিছাৰিলো আৰু আমি একে নামৰে ওৱেবচাইট আৰু ভেৰিফাইড ইনষ্টাগ্ৰাম হেণ্ডেল পালো। ইনষ্টাগ্ৰাম একাউণ্টত এই ভিডিঅ’খন 1 জুনত শ্বেয়াৰ কৰা হৈছে।

ইয়ান পেডঘামৰ ইনষ্টাগ্ৰাম বায়’ অনুসৰি, তেঁও কেলিফৰ্নিয়াৰ লগত সম্বন্ধ থকা এজন শিল্পী, যিজন ফ্ৰাঞ্চত থাকে।

পেডঘামে এই ভিডিঅ’খন তেঁওৰ টুইটাৰ হেণ্ডেলতও প্ৰকাশ কৰিছে, য’ত এজন ব্যৱহাৰকাৰীক উত্তৰ দিঁওতে তেঁও জঁনাইছে যে, এই ভিডিঅ’খন 3ডি এনিমেচন হয়, য’ত এডিটিঙও কৰা হৈছে।

এই সন্দৰ্ভত নিশ্চিত হোৱাৰ বাবে আমি পেডঘামৰ ওৱেবচাইটত থকা ইমেইলৰ জৰিয়তে যোগাযোগ কৰিলো আৰু আমাক কোৱা হ’ল যে, এই ভিডিঅ’খন ফ্ৰাঞ্চত প্ৰাইড মান্থ উদযাপন কৰিবলৈ আৰু LGBTQIA সম্প্ৰদায়ক সমৰ্থন কৰিবলৈ, ইয়ান পেডঘামে ডিজিটাল ৰুপত বনাইছে।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক ষ্কেনিঙত আমি এয়া গম পালো যে, ব্যৱহাৰকাৰীজনে ইয়াৰ আগতও ভুৱা পোষ্ট শ্বেয়াৰ কৰিছে।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, আৰ্ক ডি ট্ৰায়াম্ফত প্ৰাইড ৰেইনব’ৰ এই ভিডিঅ’ আচল নহয়। ইয়াক ডিজিটাল প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস