X
X

Fact Check: ছিৰিয়াৰ সন্ত্ৰাসবাদী সংগঠন আল নুচৰাৰ এক হত্যাকাণ্ডৰ পুৰণি ভিডিঅ’ আফগানিস্তানৰ বুলি শ্বেয়াৰ কৰা হৈছে

২০১৫ চনত ছিৰিয়াৰ ইদলিব প্ৰদেশত আল কায়দাৰ সহযোগী আল নুচৰাৰ উগ্ৰপন্থীয়ে পতিতাবৃত্তিত জড়িত থকাৰ সন্দেহত এগৰাকী মহিলাক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰিছিল। এই ভিডিঅ’টো এতিয়া তালিবানৰ নামত আফগানিস্তানত সংঘটিত হোৱা বুলি ভাইৰেল কৰা হৈছে।

নতুন দিল্লী (বিশ্বাস নিউজ) ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত এগৰাকী মহিলাগৰাকীক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰা দেখা গৈছে। দাবী কৰা হৈছে যে আফগানিস্তানলৈ তালিবান উভতি অহাৰ পিছত তালিবান উগ্ৰপন্থীয়ে মহিলাগৰাকীক অকলে ঘৰ এৰি যোৱাৰ সময়ত ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰে।

পিছে বিশ্বাস নিউজ অনুসন্ধানত এই দাবীটো মিছা বুলি প্ৰমাণিত হৈছে। ভাইৰেল হৈ থকা ভিডিঅ’টো আফগানিস্তানৰ নহয়, এয়া ২০১৫ চনত ছিৰিয়াত সংঘটিত এটা ঘটনাহে। এগৰাকী মহিলাক আল নুচৰা সন্ত্ৰাসবাদী গোটৰ উগ্ৰপন্থীয়ে ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰিছিল, আৰু সেই ঘটনাৰেই ভিডিঅ’ আছিল এয়া।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক পেজ ‘NationFirst’ এ এটা ভাইৰেল ভিডিঅ’ (আৰ্কাইভ লিংক) শ্বেয়াৰ কৰি লিখিছে – এজন বুদ্ধিজীৱীয়ে আপোনাক ক’ব নে যে এয়াই ইছলামৰ প্ৰকৃত ৰূপ? যদি এগৰাকী মহিলাই নিজ ইচ্ছানুসৰি পোছাক পৰিধান নকৰে, আপুনি কি তেওঁক হত্যা কৰিব? তালিবানৰ চিন্তাধাৰাত মহিলা আৰু শিশু কেতিয়াও সুৰক্ষিত নহয়। ভাৰততো, বহুতো তালিবানী মনৰ লোক আছে, তেওঁলোকক দেশৰ পৰা তৎক্ষণাৎ স্থানান্তৰ কৰা উচিত।”

এই ভিডিঅ’টো অনুসন্ধান কৰাৰ সময়লৈকে ১২,০০০ বাৰতকৈও অধিক বাৰ চোৱা হৈছে।

অনুসন্ধান

আমি অনুসন্ধান আৰম্ভ কৰিয়েই এই ভিডিঅ’টো InVID টুলত দাখিল কৰিছিলো, ইয়াৰ পিছত আমি লাভ কৰা কীফ্ৰেমবোৰ গুগল ৰিভাৰ্চ ইমেজত দাখিল কৰি অনুসন্ধান কৰিছিলো, ইয়াৰ পিছতেই আমি কেইবাটাও পুৰণি প্ৰতিবেদন আৰু ব্লগৰ লিংক বিচাৰি পাইছিলো, য’ত ঘটনাটো উল্লেখ কৰা হৈছিল। noozyes.blogspot.com আৰু myseligreporters.blogspot.com ত আমি ১৫ জানুৱাৰী, ২০১৫ তাৰিখে প্ৰকাশিত এটা ব্লগত ভাইৰেল ভিডিঅ’ৰ স্ক্ৰীণশ্বট দেখিবলৈ পাওঁ। দুয়োটা প্ৰতিবেদন অনুসৰি, ঘটনাটো ২০১৫ চনত ছিৰিয়াত সংঘটিত হৈছিল।

ঘটনাটো সামাজিক মাধ্যমৰ ভিডিঅ’ৰ আধাৰত ব্লগত প্ৰকাশ পাইছে। আনুষ্ঠানিক নিশ্চিতিৰ বাবে, আমি পুনৰ এবাৰ কীৱৰ্ডৰ সৈতে গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিছিলো আৰু আমি ১৫ জানুৱাৰী, ২০১৫ তাৰিখে dailymail.co.uk ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন লাভ কৰিছিলো, য’ত ঘটনাটোৰ বিৱৰণ দিয়া হৈছিল। প্ৰতিবেদনৰ ছবিবোৰ ভাইৰেল ভিডিঅ’ৰ সৈতে সম্পূৰ্ণ সাদৃশ্য আছে।

প্ৰতিবেদন অনুসৰি, আল কায়দা উগ্ৰপন্থীয়ে এগৰাকী মহিলাক পতিতাবৃত্তিৰ অভিযোগত ইছলামিক আইনৰ অধীনত দোষী সাব্যস্ত কৰাৰ পিছত ঘটনাস্থলীতে গুলীয়াই হত্যা কৰে।

এক বাতৰি অনুসন্ধানত, আমি ১৬ জানুৱাৰী, ২০১৫ তাৰিখে vice.com ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন দেখিবলৈ পাইছিলো, য’ত ঘটনাটোৰ বিশদ বিৱৰণ দিয়া হৈছিল।

“আল নুচৰা ফ্ৰণ্টে (সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ সহযোগী) উত্তৰ পশ্চিম ছিৰিয়াৰ ইদলিব প্ৰদেশত পতিতাবৃত্তিত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰিছিল।” – আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিৰিয়ান অবজাৰ্ভেটৰী অৱ হিউমেন ৰাইটছ (এছ.ও.এইচ.আৰ.) ৰ প্ৰতিবেদনত এইদৰে উল্লেখ আছে।

ভাইৰেল ভিডিঅ’টো মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা পেজটোত ফে’চবুকত প্ৰায় এক লাখ লোক আছে।

নিষ্কৰ্ষঃ ২০১৫ চনত ছিৰিয়াৰ ইদলিব প্ৰদেশত আল কায়দাৰ সহযোগী আল নুচৰাৰ উগ্ৰপন্থীয়ে পতিতাবৃত্তিত জড়িত থকাৰ সন্দেহত এগৰাকী মহিলাক ৰাজহুৱাভাৱে গুলীয়াই হত্যা কৰিছিল। এই ভিডিঅ’টো এতিয়া তালিবানৰ নামত আফগানিস্তানত সংঘটিত হোৱা বুলি ভাইৰেল কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later