Fact Check: পাকিস্তানৰ খাইবাৰ পাখতুনখা নৃত্যৰ ভিডিঅ’ তালিবানৰ আনন্দ উদযাপন বুলি ভাইৰেল

বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টো অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি নৃত্যৰত লোকসকলৰ এই ভিডিঅ’ আফগানিস্তানৰ তালিবানৰ নহয়, এয়া পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ বান্নু নামৰ এখন ঠাইত অনুষ্ঠিত এখন বিবাহ অনুষ্ঠানৰহে। গতিকে এই ভাইৰেল দাবী ভুৱা।

নতুন দিল্লী (বিশ্বাস নিউজ) || তালিবানে আফগানিস্তান দখল কৰাৰ পিছত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে, য’ত বহুতো বন্দুকধাৰী লোকক আনন্দ উদযাপন ক্ৰি থকাৰ লগতে নৃত্য কৰি থকা দেখা গৈছে। এতিয়া, বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইউজাৰসকলে একেটা ভিডিঅ’ বিভিন্ন ভুৱা দাবীৰে ভাইৰেল কৰি তুলিছে আৰু বিশেষকৈ দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত থকা লোকসকল তালিবান, যিয়ে কাবুল নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ পিছত আনন্দত আত্মহাৰা হৈ নৃত্য কৰি আছে।  পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। অনুসন্ধানত আমি দেখিছিলো যে নৃত্যৰত লোকসকলৰ এই ভিডিঅ’টো আফগানিস্তানৰ তালিবানৰ নহয়, বৰঞ্চ এয়া পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰহে। য’ত এদল লোকে এক বিবাহ উৎসৱত অংশগ্ৰহণ কৰি নৃত্যত মগ্ন হৈছিল। এই ভিডিঅ’টোকেই এতিয়া মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ব্যৱহাৰকাৰী গিগে এই ভিডিঅ’টো আপলোড কৰি লিখিছে, ‘তালিবানে কাবুল দখল কৰি আনন্দোৎসৱ পালন কৰিছে।”

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওঁক।

অনুসন্ধান

আমি অনুসন্ধান আৰম্ভ কৰিয়েই প্ৰথমে এই ভাইৰেল ভিডিঅ’টো InVID টুলত আপলোড কৰিছিলোঁ আৰু কীফ্ৰেমবোৰ উলিয়াই লৈ গুগল ৰিভাৰ্চ ইমেজৰ জৰিয়তে সেইবোৰ অনুসন্ধান কৰিছিলোঁ। অনুসন্ধানত, আমি ‘মনচুৰ খান‘ নামৰ এটা ফেচবুক প্ৰ’ফাইলত একেটা ভিডিঅ’ পাইছিলোঁ। ইয়াত থকা ভিডিঅ’টো ২৭ মাৰ্চ, ২০২১ ত আপলোড কৰা হৈছে আৰু লিখা হৈছে ‘বান্নু নৃত্য’।

এই ভিত্তিত আমি পুনৰ অনুসন্ধান আৰম্ভ কৰি গুগলত ‘বান্নু’ কীৱৰ্ডটো উল্লেখ কৰি চাইছিলো আৰু আমি গম পাইছিলো যে বান্নু হৈছে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ এখন চহৰৰ নাম। অৰ্থাৎ ভিডিঅ’টো বান্নু চহৰৰ হোৱাৰ সম্ভাৱনা আছে। আমি বান্নু কীৱৰ্ডৰ সৈতে ইউটিউবত ভাইৰেল ভিডিঅ’টো বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ। অনুসন্ধানত, আমি ভিডিঅ’টো ‘পাক মিক্স ২০২১’ নামৰ এটা ইউটিউব চেনেলত পাইছিলোঁ। ইয়াত এই ভিডিঅ’টো ১.৩৪ ছেকেণ্ডলৈকে দেখা গৈছে। ১১ এপ্ৰিল, ২০২১ তাৰিখে আপলোড কৰা ভিডিঅ’টোৰ মূল শব্দটোত বান্নু লিখা আছে আৰু ভিডিঅ’টোৰ মানদণ্ডও ভাইৰেল হৈ থকা ভিডিঅ’টোতকৈ ভাল।

https://youtu.be/dbIfxhZoKA8

বিশ্বাস নিউজে ভিডিঅ’টোৰ সৈতে সম্পৰ্কিত দিশবোৰৰ নিশ্চিতিৰ বাবে টুইটাৰযোগে পাকিস্তানস্থিত আৰু খাইবাৰ পাখতুনখোৱাৰ সাংবাদিক এহছানুল্লাহ টিপু মেহছুদৰ সৈতে যোগাযোগ কৰে। তেওঁ আমাক কয় যে ভিডিঅ’টো পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত অনুস্থিত এখন বিবাহ অনুষ্ঠানৰ। তেওঁ আৰু কৈছিল যে ভাৰতীয় সংবাদ মাধ্যমে ভিডিঅ’টো তালিবানৰ সৈতে জড়িত কৰিছে বুলি কৰা দাবী সম্পূৰ্ণ মিছা। ভিডিঅ’টো খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ দক্ষিণ জিলাৰ বান্নুৰ”।

বিশ্বাস নিউজে NRC নৰৱে, কাবুল আফগানিস্তানৰ সাংবাদিক ইনায়াতুল্লা আজাদৰ সৈতেও যোগাযোগ কৰে। তেওঁ আমাক জনায় যে এই ভাইৰেল ভিডিঅ’টো আফগানিস্তানস্থিত তালিবানৰ ভিডিঅ’ নহয়, এয়া পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ এক অনুষ্ঠানৰ ভিডিঅ’।

শেষত এটা ভুৱা দাবীৰে পোষ্টটো শ্বেয়াৰ কৰা ফে’চবুক ব্যৱহাৰকাৰী গিগৰ ছ’চিয়েল স্কেন কৰোতে জানিবলৈ পাও যে  এই ব্যৱহাৰকাৰীজনৰ ১,৩৮৩ গৰাকী অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টো অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি নৃত্যৰত লোকসকলৰ এই ভিডিঅ’ আফগানিস্তানৰ তালিবানৰ নহয়, এয়া পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ বান্নু নামৰ এখন ঠাইত অনুষ্ঠিত এখন বিবাহ অনুষ্ঠানৰহে। গতিকে এই ভাইৰেল দাবী ভুৱা।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস