X
X

Fact Check: গাড়িৰ ওপৰত শিল ভাঙি পড়াৰ এই ভিডিঅ’খন প্রকৃততে নাগালেণ্ডৰ হয়, হিমাচলৰ নহয়

নতুন দিল্লী (বিশ্বাস নিউজ)। মনচুনৰ ধাৰাষাৰ বৰষুণ আৰু ভুস্খলনৰ ফলত দেশৰ বহুত অংশত মানুহ আৰু সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ ভিডিঅ’ আৰু ছবিও সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফর্মত শ্বেয়াৰ কৰা হৈ আছে। ইয়াৰ মাজত এখন ভিডিঅ’ত দেখা পোৱা গৈছে যে, ৰাস্তাত ৰখি থকা গাড়িৰ ওপৰত শিল ভাঙি পড়িলে, যাৰ ফলত গাড়িখন ভাঙি চুৰমাৰ হৈ গল। ইয়াৰ পিছত কলা ৰঙৰ গাড়ি এখনৰ পৰা কিছুমান মানুহক সুস্থ অৱস্থাত ওলোৱা দেখা পোৱা যায়। ভিডিঅ’খনক শ্বেয়াৰ কৰি কিছুমান ব্যৱহাৰকাৰীয়ে এইখনক হিমাচল প্ৰদেশৰ ভিডিঅ’ বুলি কৈ আছে।

বিশ্বাস নিউজে ভাইৰাল ভিডিঅ’ৰ তদন্ত কৰোঁতে গম পালে যে, ভিডিঅ’খন নাগালেণ্ডৰ। তাত 4 জুলাইত কোহিমা-ডিমাপুৰ জাতীয় পথত পাহাড়ৰ পৰা এখন শিল গাড়িৰ ওপৰত পড়িলে। এই দুৰ্ঘটনাত দুজনে প্ৰাণ হেৰুৱালে, আৰু তিনিজন আহত হল। এই ভিডিঅ’খনৰ হিমাচল প্ৰদেশৰ লগত কোনো সম্পৰ্ক নাই।

কি আছে ভাইৰাল ভিডিঅ’ত

টুইটাৰ ব্যৱহাৰকাৰী ‘যতিন শৰ্মা’ (আৰ্কাইভ লিঙ্ক)13 জুলাই 2023 ত ভিডিঅ’খন পোষ্ট কৰি লিখিছে যে,
“TATA HARRIER
All five passengers are safe Himachal,
TATA the Great.
Made in India“

ফেচবুক ব্যৱহাৰকাৰী ‘সঞ্জয় মুলচন্দানীয়েও‘ (আৰ্কাইভ লিঙ্ক) 13 জুলাই এই ভিডিঅ’খনক শ্বেয়াৰ কৰি ইয়াক হিমাচলৰ বুলি কৈছে।

তদন্ত

সামাজিক মাধ্যমত ভাইৰাল হোৱা ভিডিঅ’-ৰ তদন্তৰ বাবে আমি পুনপ্ৰথমতে ভিডিঅ’খনক মনোযোগ সহকাৰে চালো। ইয়াত ঘটনাৰ সময় 4 জুলাই 2023 আৱেলি 5.11 ৰ বুলি দিয়া হৈছে। ভিডিঅ’তও লিখা আছে যে, ভাৰতত ৰাজপথত ডাঙৰ শিলে গাড়িসমূহক খুন্দিয়াই দিলে। ইয়াত এয়া স্পষ্ট হৈছে যে, ঘটনাটো সাম্প্ৰতিক কালৰ অৰ্থাৎ 4 জুলাই 2023-ৰ।

ইয়াৰ পিছত আমি কীৱাৰ্ডৰ সহায়ত এই সন্দৰ্ভত বিছাৰিলো। হিন্দুস্তান টাইমচৰ অট’ বিভাগত 5 জুলাই এই সন্দৰ্ভত সংবাদ প্ৰকাশিত হয়। তাত ভাইৰাল ভিডিঅ’ৰ কিফ্ৰেম দেখা পোৱা যায়। সংবাদত লিখা আছে যে, 4 জুলাই আৱেলি নাগালেণ্ডৰ শুম’কেদিমা জিলাৰ কাষত কোহিমা-ডিমাপুৰ জাতীয় পথ 29 ত শিল ভাঙি পড়াৰ ফলত এটা টাটা হেৰিয়াৰ এচইউবি সম্পূৰ্ণৰুপে নষ্ট হৈ যায়।

পাহাড়ত ওলমি থকা এখন ডাঙৰ শিলে দুখন গাড়িক চূৰ্ণবিচূৰ্ণ কৰিলে আৰু দুটা অন্য গাড়িক ক্ষতিগ্ৰস্ত কৰিলে। এই দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু হৈ গল আৰু তিনিজন গম্ভীৰভাবে আহত হল। সংবাদত এই কথাও প্ৰকাশিত হৈছে যে, যিখন ঠাইত এই দুৰ্ঘটনা সংগঠিত হৈছে, সেই ঠাইডখৰ ভুস্খলনৰ বাবে জনাজাত। নাগালেণ্ডৰ মূখ্যমন্ত্ৰী নেফিউ ৰিঅ’য় (Neiphiu Rio) টুইট যোগে দুৰ্ঘটনা সন্দৰ্ভত সমবেদনা জ্ঞাপন কৰি কৈছে যে, সেই ঠাইটোক পকলা পাহাড় বুলি কোৱা হয়। তেঁও পীড়িত পৰিয়ালক চাৰি লাখ টকাৰ আৰ্থিক সহায় দিয়াৰ কথাও ঘোষণা কৰে।

4 জুলাইত এএনআই-এও এই ভিডিঅ’খনক(আৰ্কাইভ লিঙ্ক) টুইট কৰি তথ্য দিছে যে, নাগালেণ্ডত ডাঙৰ শিলে গাড়িক মহতিয়ালে। এই দুৰ্ঘটনাত দুজনৰ মৃত্যু হৈছে, আৰু তিনিজনৰ অৱস্থা সংকটজনক।

ভয়েছ অফ এমেৰিকাৰ ইউটিউব চেনেলত 8 জুলাইত ভাইৰাল ভিডিঅ’খনক আপল’ড কৰা হৈছে। ইয়াৰ বিৱৰণিত লিখা হৈছে যে, ভাৰতৰ উত্তৰ পূৰ্ৱৰ ৰাজ্য নাগালেণ্ডৰ শুম’কেদিমা জিলাত হোৱা দুৰ্ঘটনাত তিনিখন গাড়িৰ ওপৰত শিল ভাঙি পড়িল। ইয়াত ভিডিঅ’খনও যথেষ্ট স্পষ্ট।

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমি নাগালেণ্ড টুডে-ৰ সম্পাদক বান’ হৰলু-ৰ লগত যোগাযোগ কৰি তেঁওক ভাইৰাল ভিডিঅ’ পঠালু। তেঁও আমাক জঁনালে যে, “এই দুঃখজনক ঘটনাটো 4 জুলাই সংগঠিত হৈছিল। এই ৰাস্তা অত্যন্ত সংকটজনক আৰু ভুস্খলৰ বাবেও জনা যায়। এয়া ডিমাপুৰ-কোহিমা এনএইচ 29 হয়।“

13 জুলাই দৈনিক জাগৰণৰ ৱেবচাইটত, এএনআই-ৰ তৰফৰ পৰা প্ৰকাশিত সংবাদত এই তথ্য দিয়া হৈছে যে, হিমাচল প্ৰদেশত 24 জুনৰ পৰা 13 জুলাই লৈ ধাৰাষাৰ বৰষুণ আৰু বন্যাৰ ফলত বহুত ক্ষয়ক্ষতি হৈছে। ইয়াত প্ৰায় 91 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ মাজত 31 জনৰ মৃত্যু ভুস্খলন, মেঘ ফটা আৰু বন্যাৰ ফলত হৈছে।

তদন্তৰ শেষত আমি ভাইৰাল ভিডিঅ’খনক ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা টুইটাৰ ব্যৱহাৰকাৰী যতিন শৰ্মা-ৰ প্ৰফাইল স্কেন কৰিলো। জানুৱাৰি 2021 ত টুইটাৰৰ লগত যুক্ত হোৱা এই ব্যৱহাৰকাৰীজনৰ 2172 অনুসৰণকাৰী আছে।

উপসংহাৰ:  নাগালেণ্ডৰ কোহিমা- ডিমাপুৰ জাতীয় ৰাজপথ 29 ত 4 জুলাইত বাহনসমূহৰ ওপৰত শিল ভাঙি পড়িছিল। এই ঘটনাত দুইজন ব্যক্তিৰ মৃত্যু হৈছিল। দুৰ্ঘটনাৰ সেই ভিডিঅ’খনক হিমাচল প্ৰদেশৰ বুলি শ্বেয়াৰ কৰা হৈ আছে।

  • Claim Review : গাড়িৰ ওপৰত শিল ভাঙি পড়াৰ এই ভিডিঅ’ হিমাচল প্ৰদেশৰ হয়।
  • Claimed By : Twitter User- Jatin Sharma (টুইটাৰ ব্যৱহাৰকাৰী যতিন শৰ্মা)
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later