Quick Fact Check: বতাহত ওপঙি থকা শিলৰ এই ছবিখন সম্পাদিত, ভুল দাবী পুনৰ ভাইৰেল
আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই ছবিখন ভুল। শিলটো বতাহত ওপঙি আছে বুলি দেখুৱাবলৈ এই ছবিখন ফটোশ্বপ কৰাৰ চেষ্টা কৰা হৈছে, আনহাতে শিলটো প্ৰকৃততে তিনিটা সৰু শিলৰ ওপৰত আছে। এই ছবিখন আনকি জেৰুজালেমৰ নহয়। এই ছবিখন চৌদি আৰৱৰ আল-টুইথিৰ গাঁৱৰহে।
- By: Pallavi Mishra
- Published: Aug 25, 2021 at 02:59 PM
নতুন দিল্লী (বিশ্বাস নিউজ) । মাটিৰ ওপৰত ওপঙি থকা এটা শিলৰ এখন ফটো আকৌ এবাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পোষ্টটোৰ সৈতে লিখা বৰ্ণনাত কোৱা হৈছে যে ই জেৰুজালেমৰ বতাহত ওপঙি থকা এটা শিল। আমি এই ছবিখন পূৰ্বেও পৰীক্ষা কৰিছিলো আৰু দেখিছিলো যে এই দাবীটো ভুল আছিল। ছবিখন চৌদি আৰৱৰ আল-টুইথীৰ গাঁৱৰ এটা শিলৰ আৰু প্ৰকৃত ছবিখনত শিলটো তিনিটা সৰু শিলৰ ওপৰত আছে।
কি এই ভাইৰেল পোষ্ট?
AmaSara নামৰ এগৰাকী ফে’চবুক ইউজাৰে এই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰিছিল। পোষ্টটোৰ সৈতে বিৱৰণীত লিখা হৈছে – জেৰুজালেমত – “Do you know? There is a floating rock in Jerusalem. Our God is awesome.”
এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে এই পোষ্টটো পূৰ্বেও পৰীক্ষা কৰিছিল। সেই সময়ত, আমি ১১ আগষ্ট, ২০১৬ তাৰিখে এটা ভিডিঅ’ আপলোড কৰা দেখিবলৈ পাইছিলোঁ, য’ত এই শিলটো দেখুওৱা হৈছিল। মুস্তানছাৰ আলী নামৰ এটা ইউটিউব চেনেলে আপলোড কৰা ভিডিঅ’টোত স্পষ্টভাৱে দেখা গৈছে যে ডাঙৰ শিলটো তিনিটা সৰু শিলৰ ওপৰত ৰাখি থোৱা হৈছে। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল “চৌদি আৰৱত আল হাছা ফ্লোটিং ষ্টোন। আমি অনুসন্ধানত গম পাইছিলো যে শিলটো চৌদি আৰৱৰ আল কাৰাহ অঞ্চলৰ আল-টুইথিৰ গাঁৱত আছিল।
অনুসন্ধান কৰি আমি দেখিলোঁ যে আল-কাৰাহ মিডল স্কুলৰ কাষত এই শিলটো আছে। শিলটোৰ বিষয়ে অধিক নিশ্চিত তথ্য লাভ কৰিবলৈ আমি আল কাৰাহ মিডল স্কুলৰ বিদ্যালয়ৰ মুৰব্বী Abd al-Uzza ৰ সৈতে কথা পাতিছিলো। তেওঁ আমাক কৈছিল যে “এই শিলটো প্ৰকৃততে তিনিটা সৰু শিলৰ ওপৰত আছে, যিটো প্ৰকৃততেই এক আশ্বৰ্যৰ বিষয়, কিন্তু এই শিলটো বতাহত ওপঙি থকাৰ দাবী টো সম্পূৰ্ণভুল। “
আমি এই ছবিখন আগতেও পৰীক্ষা কৰিছিলো। এই গোটেই অনুসন্ধানটো ইয়াত পঢ়িব পাৰি।
https://www.vishvasnews.com/viral/fact-check-the-image-of-floating-rock-is-photoshopped/
নিষ্কৰ্ষঃ আমি আমাৰ অনুসন্ধানত পাইছিলো যে এই ছবিখন ভুল। শিলটো বতাহত ওপঙি আছে বুলি দেখুৱাবলৈ এই ছবিখন ফটোশ্বপ কৰাৰ চেষ্টা কৰা হৈছে, আনহাতে শিলটো প্ৰকৃততে তিনিটা সৰু শিলৰ ওপৰত আছে। এই ছবিখন আনকি জেৰুজালেমৰ নহয়। এই ছবিখন চৌদি আৰৱৰ আল-টুইথিৰ গাঁৱৰহে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.