Quick Fact Check: শ্বাহৰুখ খানে টিপু চুলতান নামৰ চলচ্চিত্ৰত কাম কৰা নাই; ভুৱা পোষ্টাৰ পুনৰ ভাইৰেল
শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি ‘টিপু চুলতান’ৰ নামত ভাইৰেল হৈ থকা পোষ্টাৰখন ভুৱা। শ্বাহৰুখ খানৰ এনে কোনো চলচ্চিত্ৰৰ প্ৰস্তাৱ দিয়া হোৱা নাই বা নিৰ্মাণ কৰা হোৱা নাই।
- By: Pallavi Mishra
- Published: Sep 30, 2021 at 11:35 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। পুনৰ এবাৰ টিপু চুলতান শীৰ্ষক এখন চলচ্চিত্ৰৰ পোষ্টাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে পোষ্টাৰখন শ্বাহৰুখ খানৰ আহিবলগীয়া ছবিৰ আৰু ইয়াত শ্বাহৰুখ খানক টিপু চুলতান হিচাপে দেখুওৱা হ’ব। পোষ্টটো শ্বেয়াৰ কৰা হৈছে আৰু ছবিখন বৰ্জন কৰিবলৈ আহ্বান জনোৱা হৈছে। বিশ্বাস নিউজে পূৰ্বেও পোষ্টটোৰ সত্যতা পৰীক্ষা কৰিছিল। এই দাবীটো আমাৰ অনুসন্ধানত ভুল বুলি পোৱা গৈছিল। শ্বাহৰুখ খানে তেনে কোনো ছবিত কাম কৰা নাই। পোষ্টাৰখন ভাইৰেল হৈ থকাটো এটা কাল্পনিক আৰু মনোৰঞ্জনমূলক ভিডিঅ’ৰ অংশ।
কি এই ভাইৰেল পোষ্ট?
ফে’চবুক ইউজাৰ Rameshwar Bhardwaj এ ভাইৰেল পোষ্টাৰখন শ্বেয়াৰ কৰি লিখিছে, ”যদি আজি টিপু চুলতানৰ দৰে দুৰ্বৃত্তৰ জীৱনৰ আধাৰত এখন চলচ্চিত্ৰ নিৰ্মাণ হৈছে, তেন্তে কাইলৈ ঔৰংজেবৰ জীৱনৰ আধাৰতো ছবি নিৰ্মাণ হ’ব। আমি এয়া গ্ৰহণ নকৰোঁ।”
ছ’চিয়েল মিডিয়াত ভালেমান অন্যান্য ইউজাৰ্ছে এই পোষ্টটো একেধৰণৰ দাবীৰে সৈতে শ্বেয়াৰ কৰা হৈছে।
অনুসন্ধান
বিশ্বাস নিউজে পূৰ্বেও এবাৰ তেনে এটা ভুৱা পোষ্ট পৰীক্ষা কৰিছিল। সেই সময়ত আমি আমাৰ অনুসন্ধানৰ সহায়ত ইয়াক বিচাৰি পাইছিলো। কিন্তু শ্বাহৰুখ খানৰ আহিবলগীয়া ছবিখন ‘টিপু চুলতান’ বুলি উল্লেখ কৰা কোনো খবৰ পোৱা নাছিলোঁ। শ্বাহৰুখ খানৰ আহিবলগীয়া চলচ্চিত্ৰসমূহ filmybeat.com নামৰ এটা ৱেবছাইটত প্ৰকাশিত হৈছিল, য’ত শ্বাহৰুখ খানৰ আহিবলগীয়া পাঁচখন চলচ্চিত্ৰ আছিল। তালিকাখনত টিপু চুলতান নামৰ চলচ্চিত্ৰ কতো উল্লেখ নাছিল।
যেতিয়া ভাইৰেল পোষ্টাৰটো ৰিভাৰ্চ ইমেজ কৰা হৈছিল, আমি ‘Zain Khan’ নামৰ এটা ইউটিউব চেনেলত এটা ভিডিঅ’ পাইছিলো য’ত এই ভাইৰেল পোষ্টাৰখন ভিডিঅ’টোৰ থাম্বনেইল হিচাপে ব্যৱহাৰ কৰা হৈছিল। ভিডিঅ’টো ২০ ছেপ্টেম্বৰ, ২০১৮ ত ‘টিপু চুলতান’ চলচ্চিত্ৰৰ ট্ৰেইলাৰৰ দাবীৰ সৈতে আপলোড কৰা হৈছে। অৱশ্যে, ভিডিঅ’টোৰ আৰম্ভণিতে, এটা disclaimer ত উল্লেখ আছে যে ই এখন চলচ্চিত্ৰৰ ট্ৰেইলাৰ নহয়, বৰঞ্চ ‘এজন অনুৰাগীৰ দ্বাৰা মনোৰঞ্জনৰ বাবে নিৰ্মিত এটা ভিডিঅ’হে। এই ভিডিঅ’টোত ব্যৱহৃত ফুটেজটো বিভিন্ন ভিডিঅ’ৰ পৰা লোৱা হৈছে আৰু কপিৰাইট উলংঘা কৰাৰ উদ্দেশ্যে নহয়। অৰ্থাৎ, এয়া শ্বাহৰুখ খানৰ আহিবলগীয়া কোনো চলচ্চিত্ৰৰ ট্ৰেইলাৰ নহয়, বৰঞ্চ এটা কাল্পনিক ভিডিঅ’হে, যিটো শ্বাহৰুখ খানৰ অনুৰাগীয়ে মনোৰঞ্জনৰ উদ্দেশ্যে প্ৰযোজনা কৰিছিল।
মুম্বাইস্থিত এজন জ্যেষ্ঠ চলচ্চিত্ৰ সাংবাদিক পৰাগ ছত্ৰপতিকাৰে আমাক কৈছিল, “শ্বাহৰুখ খানৰ এনে কোনো চলচ্চিত্ৰৰ প্ৰস্তাৱ দিয়া হোৱা নাই বা অহা নাই। এইটো কেৱল এটা উৰাবাতৰি। ‘
ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী Rameshwar Bhardwaj এ নিজকে তেওঁৰ প্ৰ’ফাইলত হিমাচল প্ৰদেশৰ বাসিন্দা বুলি বৰ্ণনা কৰিছে।
সম্পূৰ্ণ বাতৰিটো ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।
https://www.vishvasnews.com/politics/fact check fake poster in the name of shahrukh khan upcoming movie tipu sultan is viral on social media/
নিষ্কৰ্ষঃ শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি ‘টিপু চুলতান’ৰ নামত ভাইৰেল হৈ থকা পোষ্টাৰখন ভুৱা। শ্বাহৰুখ খানৰ এনে কোনো চলচ্চিত্ৰৰ প্ৰস্তাৱ দিয়া হোৱা নাই বা নিৰ্মাণ কৰা হোৱা নাই।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.