Quick Fact Check : দিয়াশলাইৰ বাৰুদেৰে বৃশ্চিকৰ দংশনৰ চিকিৎসা সম্ভৱ নহয়

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানে প্ৰকাশ পোৱা তথ্য অনুসৰি বৃশ্চিকৰ বিষৰ চিকিৎসাৰ নামত ভাইৰেল হোৱা পোষ্টটো ভুৱা। দিয়াশলাইৰ কাঠিত থকা বাৰুদে বৃশ্চিকৰ বিষ নিৰাময় নকৰে।

বিশ্বাস নিউজ (নতুন দিল্লী) । এটা ভাইৰেল পোষ্ট আকৌ এবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইয়াত দাবী কৰা হৈছে যে যদি দিয়াশলাইৰ কাঠীত থকা বাখৰ বা বাৰুদ পানীৰ লগত মিহলাই পেষ্ট প্ৰস্তুত কৰি আঘাত পোৱা ঠাইত লগালে, বিষাক্ত পদাৰ্থ দুমিনিটৰ ভিতৰত আঁতৰ হয়। পিছে বিশ্বাস নিউজে এই বাতৰি ভুৱা বুলি প্ৰতিপন্ন কৰিছে। বিশ্বাস নিউজে ইয়াৰ পূৰ্বেও একে ধৰণৰ পোষ্ট এটা পৰীক্ষা কৰিছিল। তদন্তত ভাইৰেল পোষ্টটো ভুৱা বুলি প্ৰমাণিত হৈছিল।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ব্যৱহাৰকাৰী দীনানাথ পেটেলে ২৭ জুলাইত এটা ফে’চবুক গোটত এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল আৰু বৃশ্চিকৰ বিষৰ চিকিৎসা কৰা বুলি দাবী কৰিছিল। বাৰ্তাটোত এইদৰে লিখা আছিল: “দিয়াশলাইৰ  পাঁচ ছটা কাঠীৰ বাখৰখিনি উলিয়াই পানীত মিহলাই এটা পেষ্ট প্ৰস্তুত কৰক আৰু বৃশ্চিকে দংশন কৰা ঠাইত প্ৰয়োগ কৰক। ইয়াক প্ৰয়োগ কৰাৰ মাত্ৰ ২ মিনিটৰ ভিতৰতে বৃশ্চিকৰ বিষ নাইকিয়া হয়।”

ফে’চবুক পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে পূৰ্বেও এবাৰ এই ভাইৰেল পোষ্টটো পৰীক্ষা কৰিছিল। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সেছৰ (এইমছ) ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ (এনপিআইচি) সৈতে যোগাযোগ কৰি বিশ্বাস নিউজে জানিব পাৰিছে যে বৃশ্চিকৰ দংশনে এলাৰ্জি, খজুৱতি আৰু অন্যান্য কাৰ্ডিওভাস্কুলাৰ সমস্যাৰ লক্ষণ দেখুৱাব পাৰে। ইয়াক দিয়াশলাইৰ বাখৰ বা বাৰুদখিনিৰে চিকিৎসা কৰিব নোৱাৰি।

একেদৰে, বিশ্বাস নিউজৰ সৈতে কথা পাতি আলাপুঝাৰ ডা০ সজীৱ কুমাৰে (CSC, DCH, MBBS, জেনেৰেল ফিজিচিয়ান, ৩৪ বছৰৰ অভিজ্ঞতাসম্পন্ন) কয় যে বৃশ্চিকৰ দংশনৰ চিকিৎসা দিয়াশলাইৰ পাউডাৰেৰে কৰাটো সম্ভৱ নহয়। বাতৰিটো সম্পূৰ্ণৰূপে ভুৱা।

আপুনি তলত বিশ্বাস নিউজৰ পুৰণি অনুসন্ধান বিতংভাৱে পঢ়িব পাৰে।

অনুসন্ধানৰ শেষত, বিশ্বাস নিউজে ভুৱা টো পোষ্ট কৰা ব্যৱহাৰকাৰীজনক পৰীক্ষা কৰিছিল। আমি গম পাইছিলো যে দীননাথ পেটেল নামৰ এই ব্যৱহাৰকাৰীজন ছট্টিশগড়ৰ বাসিন্দা। তেওঁৰ ৯০০ তকৈও অধিক বন্ধু আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানে প্ৰকাশ পোৱা তথ্য অনুসৰি বৃশ্চিকৰ বিষৰ চিকিৎসাৰ নামত ভাইৰেল হোৱা পোষ্টটো ভুৱা। দিয়াশলাইৰ কাঠিত থকা বাৰুদে বৃশ্চিকৰ বিষ নিৰাময় নকৰে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস