Quick Fact Check: দিল্লীৰ অক্ষৰধাম মন্দিৰৰ ফটো পুনৰবাৰ অযোধ্যাৰ ৰাম মন্দিৰৰ নক্সাৰ উদ্ধৃতিৰে ভাইৰেল

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল ছবিখনৰ বিষয়ে দাবীটো মিছা বুলি পৰিগণিত হৈছে। দিল্লীৰ স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰটোক অযোধ্যা ৰাম মন্দিৰৰ নক্সা বুলি বৰ্ণনা কৰি ভাইৰেল কৰা হৈছে।

Quick Fact Check: দিল্লীৰ অক্ষৰধাম মন্দিৰৰ ফটো পুনৰবাৰ অযোধ্যাৰ ৰাম মন্দিৰৰ নক্সাৰ উদ্ধৃতিৰে ভাইৰেল

বিশ্বাস নিউজ (নতুন দিল্লী) শেহতীয়াকৈ এটা মন্দিৰৰ এখন ফটো ছচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ আছে। এই ছবিখনৰ জৰিয়তে দাবী কৰা হৈছে যে এইটো অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ নক্সা। দাবী অনুসৰি, ৰাম মন্দিৰটো নিৰ্মাণ কৰাৰ পিছত এনেধৰণৰ দেখা যাব। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবীটো মিছা বুলি পৰিগণিত হৈছে। দিল্লীৰ স্বামী নাৰায়ণ অক্ষৰধাম মন্দিৰটোক অযোধ্যাৰ ৰাম মন্দিৰৰ নক্সা বুলি বৰ্ণনা কৰি ভাইৰেল কৰা হৈছে।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ Bajrang Panchariya ই এই ভাইৰেল ফটোখন পোষ্ট কৰি লিখিছে, ‘এনেকুৱা হ’ব অযোধ্যাত প্ৰভূ শ্ৰীৰামৰ ভব্য মন্দিৰ, চাওচোন কিমান ভাৰতবাসী ইয়াক লৈ সুখী..জয়কাৰা জয় শ্ৰী ৰাম।” এই পোষ্টটো, লেখকে যিদৰে লিখিছে, সেইদৰেই পোষ্ট কৰা হৈছে। এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ভূমি পূজন হোৱাৰ পিছৰে পৰা ইয়াৰ সৈতে সম্পৰ্কিত সকলো দাবী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আহিছে। ছবিখন ইতিমধ্যে অযোধ্যাৰ প্ৰস্তাৱিত ৰাম মন্দিৰৰ স্থাপত্যৰ উদ্ধৃতি দি ভাইৰেল হৈ পৰিছে। বিশ্বাস নিউজে ইয়াৰ পিছতে ভাইৰেল দাবীটোৰ তদন্ত কৰিছিল।

ইণ্টাৰনেট অনুসন্ধানৰ সময়ত, আমি বিখ্যাত সংবাদ সংস্থা ৰয়টাৰৰ ফটো গেলেৰীত অযোধ্যাৰ প্ৰস্তাৱিত ৰাম মন্দিৰৰ আৰ্হিৰ এখন ছবি পাইছিলো। এই প্ৰস্তাৱিত আৰ্হিটো ইয়াত তলত চাব পাৰিব। এইটো কোনো এটা কোণৰ পৰাই ভাইৰেল ছবিখনৰ সৈতে মিলা নাই।

আমি ভাইৰেল ছবিখনৰ সত্যতা পৰীক্ষা কৰিবলৈ গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ টুল ব্যৱহাৰ কৰিছিলোঁ। আমি এই ছবিখনৰ দৰে বহুতো ফলাফল পাইছিলো। বহুতো ব্যৱহাৰকাৰীয়ে ইয়াক দিল্লীৰ স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰৰ ছবি হিচাপে শ্বেয়াৰ কৰিছে।

আমি অক্ষৰধাম মন্দিৰৰ অফিচিয়েল ৱেবছাইটত আন এটা কোণৰ পৰা একেখন ছবি আপলোড কৰিছিলো। মন্দিৰৰ অন্যান্য ছবি এই ৱেবছাইটত দেখা যাব।

বিশ্বাস নিউজৰ দ্বাৰা এই ভাইৰেল দাবীৰ বিষয়ে আগতে কৰা তথ্য পৰীক্ষাৰ কাহিনী ইয়াত তলত বিতংভাৱে পঢ়িব পাৰি।

আমি ফেচবুক ব্যৱহাৰকাৰী Bajrang Panchariya ৰ প্ৰ’ফাইল স্কেন কৰিছিলো যিয়ে এই ভাইৰেল দাবীটো ভাগ বতৰা কৰিছিল। ৰাজস্থানৰ এই ব্যৱহাৰকাৰীসকল এটা নিৰ্দিষ্ট দলৰ আদৰ্শৰ সৈতে জড়িত আৰু সত্যটো পৰীক্ষা নোহোৱালৈকে প্ৰ’ফাইলটোৰ ৮৩ জন অনুসৰণকাৰী আছিল।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল ছবিখনৰ বিষয়ে দাবীটো মিছা বুলি পৰিগণিত হৈছে। দিল্লীৰ স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰটোক অযোধ্যা ৰাম মন্দিৰৰ নক্সা বুলি বৰ্ণনা কৰি ভাইৰেল কৰা হৈছে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস