Quick Fact Check: অসম শিল্পী অমল মেধিৰ কাৰ্টুনখন আমেৰিকান কাৰ্টুনিষ্ট বেন গেৰিছনৰ বুলি পুনৰ ভাইৰেল

ভাইৰেল ছবিখন আমেৰিকান কাৰ্টুনিষ্ট বেন গেৰিছনৰ নহয়, বৰঞ্চ অসমৰ কাৰ্টুনিষ্ট অমল মেধিৰহে। দৰাচলতে, অমল মেধিয়ে সৃষ্টি কৰা কাৰ্টুনখনো কিছু সম্পাদনা কৰা হৈছে।

নতুন দিল্লী (বিশ্বাস নিউজ)। শেহতীয়াকৈ ছচিয়েল মিডিয়াত পুনৰ এখন কাৰ্টুন ভাইৰেল হৈ আছে আৰু দাবী কৰা হৈছে যে ৰাজনৈতিক কাৰ্টুনিষ্ট বেন গেৰিছনে এই কাৰ্টুনখন তৈয়াৰ কৰিছে। উল্লেখ্য যে বিশ্বাস নিউজে পূৰ্বেও এনে এটা দাবীৰ তদন্ত কৰিছিল। সেই সময়ত, আমাৰ অনুসন্ধানত, আমি এই ভাইৰেল দাবীটো ভুৱা বুলি পাইছিলোঁ। আমাৰ অনুসন্ধানত প্ৰকাশ পাইছিল যে ভাইৰেল কাৰ্টুনখন বেন গেৰিছনে নহয় বৰঞ্চ অসমৰ কাৰ্টুনিষ্ট অমল মেধিয়েহে প্ৰস্তুত কৰিছিল।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ “भक्तों के पापा बकचोदी” য়ে এখন কাৰ্টুনৰ ফটো শ্বেয়াৰ কৰিছিল য’ত লিখা আছিল “আমেৰিকান কাৰ্টুনিষ্ট বেন গেৰিছনে এই কাৰ্টুনত এটা ৭ বছৰ পুৰণি কাহিনী এৰি গৈছিল”

অনুসন্ধান

বিশ্বাস নিউজে পূৰ্বেও এনে এটা দাবীৰ তদন্ত কৰিছিল। আমি প্ৰথমে সেই সময়ত আমাৰ অনুসন্ধান আৰম্ভ কৰিবলৈ বেন গেৰিছনৰ সৈতে যোগাযোগ কৰিছিলোঁ। বেন গেৰিছনৰ পত্নী টিনা গেৰিছনে আমাক জনাইছিল, “এই ভাইৰেল কাৰ্টুনটো বেন গেৰিছনে প্ৰস্তুত কৰা নাই। বেনে ভাৰতীয় ৰাজনীতি সম্পৰ্কীয় কাৰ্টুন প্ৰস্তুত নকৰে। বেনৰ নিৰ্মিত সকলো কাৰ্টুন তেওঁৰ ৱেবছাইটত উপলব্ধ আছে।

বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানৰ সময়ত বেন গেৰিছনে কৰা এটা টুইটো দেখিবলৈ পাইছিল, য’ত তেওঁ কৈছিল যে তেওঁ ভাৰতীয় ৰাজনীতি সম্পৰ্কীয় কাৰ্টুন প্ৰস্তুত নকৰে।

অনুসন্ধানত, আমি গম পাইছিলো যে কাৰ্টুনটো প্ৰকৃততে অসমৰ ৰাজনৈতিক কাৰ্টুনিষ্ট অমল মেধিয়ে প্ৰস্তুত কৰিছিল। আমি অমল মেধিৰ ফেচবুক পৃষ্ঠাতো এই কাৰ্টুনটো দেখিবলৈ পাইছিলোঁ। এই পোষ্টটো ২৯ ছেপ্টেম্বৰ ২০১৫ ত পোষ্ট কৰা হৈছিল। একমাত্ৰ পাৰ্থক্য টো আছিল যে কাৰ্টুনখনত বিজেপিৰ নাম নাছিল আৰু আপুনি এই কাৰ্টুনখনত তলত অমল মেধিৰ স্বাক্ষৰো দেখিব।

আমি এই সন্দৰ্ভত অমল মেধিৰ সৈতে যোগাযোগ কৰিছিলো। অমল মেধিয়ে আমাক জনায় যে তেওঁ ২০১৫ চনতে এই কাৰ্টুনখন প্ৰস্তুত কৰিছিল আৰু পিছত মানুহে ইয়াক বেন গেৰিছনৰ নামত ভাইৰেল কৰিবলৈ আৰম্ভ কৰিছিল।

শেষত, বিশ্বাস নিউজে এই পোষ্টটো ভাইৰেল কৰা “भक्तों के पापा बकचोदी” নামৰ পেজটোৰ সামাজিকভাৱে স্কেন কৰাত জানিব পাৰো যে পৃষ্ঠাটো ১৭,৪২১ জন লোকে অনুসৰণ কৰিছে।

সম্পূৰ্ণ অনুসন্ধান ইয়াত ক্লিক কৰি চাব পাৰিব।

নিষ্কৰ্ষঃ ভাইৰেল ছবিখন আমেৰিকান কাৰ্টুনিষ্ট বেন গেৰিছনৰ নহয়, বৰঞ্চ অসমৰ কাৰ্টুনিষ্ট অমল মেধিৰহে। দৰাচলতে, অমল মেধিয়ে সৃষ্টি কৰা কাৰ্টুনখনো কিছু সম্পাদনা কৰা হৈছে।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস