Quick Fact Check: ভাৰতীয় মহিলা মল্লযোদ্ধাৰ যুঁজৰ পুৰণি ভিডিঅ’ ভুৱা দাবীৰ সৈতে পুনৰ ভাইৰেল হৈছে

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত মহিলাসকলৰ মাজত মল্লযুদ্ধৰ দাবী মিছা বুলি পোৱা গৈছে। ভিডিঅ’টোত দেখা দুয়োগৰাকী মহিলা মল্লযোদ্ধা ভাৰতৰ। আৰ এছ এছ বা পাকিস্তানৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

বিশ্বাস নিউজ (নতুন দিল্লী) দুগৰাকী মহিলাৰ মাজত অনুষ্ঠিত মল্লযুদ্ধৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ভিডিঅ’টো এগৰাকী পাকিস্তানী মহিলা মল্লযোদ্ধাৰ প্ৰত্যাহ্বানৰ পিছত এগৰাকী আৰ এছ এছৰ হিন্দু মহিলাৰ দ্বাৰা তেওঁ মল্লযুদ্ধত পৰাজিত হোৱা বুলি দাবী কৰা হৈছে। ভাইৰেল দাবীটো বিশ্বাস নিউজ তদন্তত মিছা বুলি পৰিগণিত হৈছে। ভিডিঅ’টোত দেখা দুয়োগৰাকী মহিলা মল্লযোদ্ধা ভাৰতৰ।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক পেজ Popular Videos এ ১৮ জুলাই ২০২১ তাৰিখে এই ভাইৰেল ভিডিঅ’টো পোষ্ট কৰি লিখিছে – ‘এগৰাকী হিন্দু নাৰীৰ ক্ষমতা চাওক আৰু বাকী হিন্দুসকলৰ ক্ষমতাৰ বিষয়ে অনুমান কৰক। মুম্বাইত এগৰাকী পাকিস্তানী মহিলা ফ্ৰীষ্টাইল মল্লযোদ্ধাই ৰিংত থিয় হৈ ভাৰতীয় মহিলাক ৰিংলৈ আহিবলৈ প্ৰত্যাহ্বান জনায়। ইয়াৰ পিছতে এই প্ৰত্যাহ্বান স্বীকাৰ কৰি, আৰ এছ এছৰ দুৰ্গা বাহিনীৰ এগৰাকী মহিলা সন্ধ্যা ফাদকে নামৰ মহিলাই ৰিংত প্ৰৱেশ কৰে আৰু ইয়াৰ পৰৱৰ্তী সময়ত কি ঘটিছিল সেয়া সকলোৱেই দেখিছিল। ‘

এই পোষ্টৰ সত্যতা নিৰূপণৰ উদ্দেশ্যে, এই পোষ্টত লিখা শব্দবোৰ ইয়াত উপস্থাপন কৰা হৈছে। এই পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

মহিলা মল্লযোদ্ধাসকলৰ মাজৰ এখন যুঁজৰ ভিডিঅ’ পূৰ্বেও একেটা দাবীৰে ভাইৰেল হৈ আছিল। ভাইৰেল ভিডিঅ’টো পূৰ্বেও বিশ্বাস নিউজে পৰীক্ষা কৰিছিল। ভাইৰেল ভিডিঅ’টো ভালদৰে চাওঁতে দেখা যায় যে ইয়াত CWE লিখা আছে। উল্লেখ্য যে CWE হৈছে WWE ৰ প্ৰাক্তন মল্লযোদ্ধা গ্ৰেট খালিৰ কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় আৰু প্ৰশিক্ষণ ৰিং জলন্ধৰত অৱস্থিত।

আমি এই সূত্ৰটোৰ পিছত প্ৰয়োজনীয় কীৱৰ্ড অনুসন্ধানৰ সহায়ত আমাৰ অনুসন্ধান আগবঢ়াই নিছিলো। আমি CWE ৰ অফিচিয়েল ইউটিউব চেনেলত ভিডিঅ’টো বিচাৰি পাইছিলোঁ। ১৩ জুন ২০১৬ তাৰিখে আপলোড কৰা এই ভিডিঅ’টোৰ শিৰোনামত লিখা হৈছে – ‎KAVITA accepted the open challenge of BB Bull Bull. এই ইউটিউব ভিডিঅ’টো ইয়াত তলত চাব পাৰিব।

বিশ্বাস নিউজে তেতিয়া ভাইৰেল ভিডিঅ’টোক লৈ বিবি বুলবুল নামৰ এজন মল্লযোদ্ধাৰ কাষ চাপিছিল। তেতিয়া তেখেতে আমাক কৈছিল যে তেওঁ এগৰাকী পাকিস্তানী মল্লযোদ্ধা নহয়, ভাৰতীয় মল্লযোদ্ধাহে আৰু ভিডিঅ’টোত তাই কবিতা দেৱীৰ সৈতেহে খেলত অংশ লৈছে। ইয়াৰ পিছত, বিশ্বাস নিউজে কৰা তথ্য পৰীক্ষাৰ প্ৰতিবেদন তলত বিতংভাৱে পঢ়িব পাৰিব।

https://www.vishvasnews.com/society/fact check old video of cwe female wrestler going viral with fake claim/

আমি ফেচবুক পেজৰ পপুলাৰ ভিডিঅ’বোৰ স্কেন কৰিছিলো, যিয়ে এই ভাইৰেল ভিডিঅ’টো এটা ভুৱা দাবীৰ সৈতে শ্বেয়াৰ কৰিছিল। তথ্য পৰীক্ষা নোহোৱালৈকে এই পেজটোৰ ২৫৩ জন অনুসৰণকাৰী আছিল।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত মহিলাসকলৰ মাজত মল্লযুদ্ধৰ দাবী মিছা বুলি পোৱা গৈছে। ভিডিঅ’টোত দেখা দুয়োগৰাকী মহিলা মল্লযোদ্ধা ভাৰতৰ। আৰ এছ এছ বা পাকিস্তানৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস