X
X

Fact Check: শিশুক দুগ্ধপান কৰাই থকা আহত মহিলাৰ ছবি, মণিপুৰত চলিথকা হিংসাৰ লগত সম্পৰ্কিত নহয়

নিউ দিল্লি (বিশ্বাস নিউজ)- সামাজিক মাধ্যমত, শিশুক দুগ্ধপান কৰাই থকা আহত মহিলা এগৰাকীৰ ছবি প্ৰচাৰিত হৈ আছে, য’ত, দাবি কৰা হৈছে যে, এয়া মণিপুৰত চলি থকা হিংসাত্মক ঘটনাসমূহৰ লগত সম্পৰ্কিত। বিশ্বাস নিউজে তদন্ত কৰিলে আৰু গম পালে যে, এই ভাইৰাল ছবিখন 2021 –ৰ পৰা ইন্টাৰনেটত উপলব্ধ আছে, আৰু ইয়াৰ বৰ্তমানে মণিপুৰত চলি থকা হিংসাত্মক ঘটনাসমূহৰ লগত কোনো সম্পৰ্ক নাই।

ভাইৰাল পোষ্টত কি আছে?

ভাইৰাল পোষ্টখন ‘Namaste Bharat’ নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে 18 জুন তাৰিখে উক্ত কেপশ্বনৰ সৈতে শ্বেয়াৰ কৰিছে: “মণিপুৰ সঙ্কট সন্দৰ্ভত, আজিৰ তাৰিখলৈ মোৰ দেখা এটা দুখৰ আৰু আটাইতকৈ বেদনাদায়ক ছবি। শীঘ্ৰেই শান্তি ঘুৰি আহক #মাতৃত্ব #মণিপুৰদহন #মণিপুৰহিংসা #মণিপুৰ_হিংসা #মণিপুৰদাঙ্গা #মণিপুৰতজুই #মণিপুৰজ্বলিছে”

তদন্ত

আমি গুগল ৰিভাৰ্ছ ইমেজ ব্যৱহাৰ কৰি এই ছবিখন বিছাৰিলো আৰু ইয়াক ফেচবুকত চেপ্টেম্বৰ 30, 2021-ত এই দাবিৰ সৈতে আপল’ড হোৱা পালো যে, এয়া ম্যানমাৰৰ ছবি। লগতে থকা তথ্য মতে, মহিলাগৰাকীক ম্যানমাৰ পিপল ডিফেঞ্ছ ফ’ৰ্ছৰ (PDF) এজন ব্যক্তিয়ে, ম্যানমাৰত বিদ্ৰোহ চলি থকাৰ সময়ত আক্ৰমণ কৰিছে।

এই একেখন ছবি আমি, ফেব্ৰুৱাৰী 22, 2022-ত এটা টুইটাৰ হেণ্ডেলত আপল’ড হোৱা পালো য’ত এই মহিলাগৰাকীৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে ম্যানমাৰ মিলিটাৰিক দায়ি কৰা হৈছিল।

যিহেতু ফলাফল এতিয়াও চুড়ান্ত হোৱা নাছিল, আমি আমাৰ তদন্ত চলাই থাকিলো। পৰস্পৰবিৰোধী কিছু দাবিৰ সৈতে, যেনে এয়া কম্ব’ডিয়া নাইবা থাইলেণ্ডৰ ঘটনা, আমি একেখন ছবি 2021 ত বিভিন্ন ফেচবুক পেজত আপল’ড হোৱা দেখা পালো।

যদিও বিশ্বাস নিউজে সঠিক স্থান স্বাধীনভাবে পৰ্যালোচনা কৰিব নোৱাৰিলে, এয়া প্ৰমানিত হৈছে যে ছবিখন 2021 ৰ পৰা ইণ্টাৰনেটত ঘুৰি আছে আৰু সেইহে সম্ভৱত এয়াৰ মণিপুৰ হিংসাৰ লগত কোনো সম্পৰ্ক নাই, যিটো এই বছৰ মে মাহত আৰম্ভ হৈছিল।

আমাৰ ফলাফলসমূহ নিশ্চিত কৰিবলৈ, আমি মণিপুৰ হিংসাৰ সংবাদ সংগ্ৰহ কৰি থকা জেইমছ খনগেনবামৰ লগত যোগাযোগ কৰিলো, তেঁও আমাক নিশ্চিত কৰিছে যে, ভাইৰাল ছবিখনৰ মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই।

3 মে মেইতেই আৰু কুকি সম্প্ৰদায়ৰ মাজত জাতিগত সংঘৰ্ষৰ পিছত মণিপুৰত হিংসাত্মক ঘটনাৰ সুত্ৰপাত হয়। তথ্য মতে, মৃতৰ সংখ্যা 100। মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে অধিক তথ্য ইয়াৰ আৰু ইয়াৰ সংবাদসমূহত পঢ়িব পাৰিব

আমি ‘Namaste Bharat’-ৰ টুইটাৰ পেজ ষ্কেন কৰিলো। ব্যৱহাৰকাৰীজন লখনৌৰ বাসিন্দা। তেঁওৰ টুইটাৰত 86 জন অনুসৰণকাৰী আছে।

উপসংহাৰ:  শিশুক দুগ্ধপান কৰাই থকা আহত মহিলাৰ ছবি, যিটোক বৰ্তমানে মণিপুৰত চলি থকা হিংসাৰ লগত সম্পৰ্কিত বুলি দাবি কৰা হৈ আছে, সেয়া পুৰণি এখন ছবি আৰু এয়া 2021-ৰ পৰা অনলাইনত বিভিন্ন পোষ্টত দেখা পোৱা গৈছে; আৰু সেইহে ইয়াৰ মণিপুৰত বৰ্তমানে চলি থকা কাজিয়াৰ লগত কোনো সম্পৰ্ক নাই।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later