Fact Check : গায়ক এনৰিক ইগ্লেছিয়াছ-ৰ লগত দেখা পোৱা যুৱতী নেহা কক্কড় নহয়, ভুৱা দাবি হৈ আছে ভাইৰাল

বিশ্বাস নিউজৰ তদন্তত দাবি ভুৱা বুলি প্ৰমানিত হৈছে। ভিডিঅ'টো 2022 চনত লাছ ভেগাছত হোৱা এখনি অনুষ্ঠানৰ হয়, যেতিয়া গায়ক এনৰিক ইগ্লিছিয়াছৰ লগত ছলফি লবলৈ এজন মহিলা অনুৰাগী উপস্থিত হৈছিল। ভিডিঅ'টোৰ গায়িকা নেহা কক্কড়ৰ লগত কোনো সম্পৰ্ক নাই।  

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত গায়ক এনকিক ইগ্লেছিয়াছৰ এটা সঙ্গিতানুষ্ঠানৰ এখন ভিডিঅ’ ভাইৰাল হৈ আছে। ভিডিঅ’টোত দেখা পোৱা যায় যে এজনি ছোৱালী গায়কৰ লগত ছেলফি লবলৈ যায় আৰু তেঁওৰ লগত অসভ্য আচৰণ কৰিবলৈ চেষ্টা চলায়। এতিয়া কিছুমান ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবি কৰি আছে যে, ভিডিঅ’টোত দেখা পোৱা যুৱতীগৰাকী গায়িকা নেহা কক্কড় হয়।

বিশ্বাস নিউজৰ তদন্তত দাবি ভুৱা বুলি প্ৰমানিত হৈছে। ভিডিঅ’টো 2022 চনত লাছ ভেগাছত হোৱা এখনি অনুষ্ঠানৰ হয়, যেতিয়া গায়ক এনৰিক ইগ্লিছিয়াছৰ লগত ছলফি লবলৈ এজন মহিলা অনুৰাগী উপস্থিত হৈছিল। ভিডিঅ’টোৰ গায়িকা নেহা কক্কড়ৰ লগত কোনো সম্পৰ্ক নাই।  

কি ভাইৰাল হৈ আছে?

ফেচবুক ব্যৱহাৰকাৰী only rection video -এ ভাইৰাল ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে যে, “Neha Kakar American singer nal hal dekhlo ”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

ভাইৰাল দাবিৰ সত্যতা জানিবলৈ আমি গুগ’লত সম্পৰ্কিত কিৱাৰ্ডৰ সহায়ত বিছাৰিলোঁ।  ভাইৰাল দাবি সন্দৰ্ভত এখনি ৰিপোৰ্ট বলিউড লাইফৰ ৱেবচাইটত পোৱা গ’ল। ৰিপোৰ্টখনক 2022 চনৰ 20  চেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰা হৈছিল। ৰিপোৰ্ট মতে, এই ভিডিঅ’টো লাছ ভেগাছত হোৱা এখন অনুষ্ঠানৰ হয়। ভিডিঅ’টোত গায়কৰ লগত তেঁওৰ এজন মহিলা অনুৰাগী আছিল।  

তদন্ত চলি থকা অৱস্থাত আমি এএনআই-ৰ ৱেবচাইটত ভাইৰাল ভিডিঅ’ সন্দৰ্ভত তথ্য পালো। 2022 চনৰ 19 চেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰা সংবাদত কোৱা হৈছে যে, ভিডিঅ’ত এমেৰিকাৰ গায়ক এনৰিক ইগ্লেছিয়াছৰ লগত তেঁওৰ মহিলা অনুৰাগী আছে। ভিডিঅ’টো সেই সময়ৰ যেতিয়া তেঁওৰ এজন অনুৰাগী তেঁওৰ লগত ছেলফি লৈ আছিল। 

এনৰিক ইগ্লেছিয়াছে নিজৰ সামাজিক মাধ্যম হেণ্ডেলত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। ভিডিঅ’টোক 2022 চনৰ 18 চেপ্টেম্বৰ তাৰিখে শ্বেয়াৰ কৰা হৈছিল

ভিডিঅ’ সন্দৰ্ভত অন্যান্য ৰিপোৰ্টসমূহ ইয়াত পঢ়িব পাৰিব

তদন্ত আগবঢ়াই নিঁয়োতে আমি নেহা কক্কড় আৰু এনৰিক ইগ্লেছিয়াছৰ সাক্ষাৎকাৰৰ বিষয়ে অনুসন্ধান কৰিলোঁ। ভাইৰাল দাবি সন্দৰ্ভত কোনো সংবাদ তথ্য আদি পোৱা নগ’ল

আমি বলিউড সম্বন্ধিত সংবাদ কাভাৰ কৰা দৈনিক জাগৰণৰ জ্যেষ্ঠ সাংবাদিক স্মিতা শ্ৰীবাস্তবৰ লগত ভিডুঅটো শ্বেয়াৰ কৰিলোঁ। তেঁও আমাক জঁনালে যে, ভিডিঅ’টো গায়ক নেহা কক্কড়ৰ নহয়। ভিডিঅ’টো পুৰণি হয়। 

শেষত পোষ্টটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ তদন্ত কৰা হল। গম পোৱা গ’ল যে ব্যৱহাৰকাৰীজনে বলিউডৰ লগত সম্পৰ্কিত পোষ্ট শ্বেয়াৰ কৰে।

সামৰণি:বিশ্বাস নিউজৰ তদন্তত দাবিটো ভুৱা বুলি প্ৰমানিত হৈছে। প্ৰকৃততে ভাইৰাল ভিডিঅ’ 2022 চনৰ হয়, যেতিয়া লাছ ভেগাছত হোৱা এখন অনুষ্ঠানৰ সময়ত গায়ক এনৰিক ইগ্লেছিয়াছৰ লগত মহিলা অনুৰাগীয়ে অভদ্ৰ ব্যৱহাৰ কৰিছিল।  সেইভিডিঅ’টোক গায়িকা নেহা কক্কড়-ৰ বুলি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। ভিডিঅ’টোত নেহা কক্কড় নাই।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস