X
X

Fact Check: নিৰ্বাচনী কৰ্তব্যত থকা বিষয়াসকলে ডাক বেলটৰ জৰিয়তে ভোটদান কৰিব পাৰিব বুলি ভুৱা দাবী ভাইৰাল

নতুন দিল্লী বিস্বাস নিউজ। সামাজিক মাধ্যমত এটা দাবী ভাইৰাল হৈ আছে। য’ত কোৱা হৈছে যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে পোষ্টাল বেলটৰ জৰিয়তে ভোট দিব নোৱাৰিব। এই বাৰ্তাটো ৱাটচএপ-ৰ দৰে ক্ল’জড মেছেজিং প্লেটফৰ্মত অতিকৈ ভাইৰাল হৈ আছে। বিশ্বাস নিউজৰ এজন ব্যৱহাৰকাৰীয়ে আমাক এই দাবীটো চেক কৰিবলৈ বিশ্বাস নিউজৰ চেটব’ট নম্বৰত পঠাইছে।

বিশ্বাস নিউজে পোষ্টটোৰ তদন্ত কৰিলে আৰু ইয়াক ভুৱা বুলি প্ৰমান কৰিলে। নিৰ্বাচন কমিশনে তেঁওলোকৰ কৰ্তৃত্বাধীন সামাজিক মাধ্যম হেণ্ডেলৰ পৰা পোষ্ট কৰি দাবীটো ভুল বুলি ঘোষণা কৰিছে আৰু কৈছে যে, নিৰ্বাচন কৰ্তব্যত নিযুক্ত বিষটাসকলে নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত পোষ্টাল বেলটৰ জৰিয়তে নিজৰ ভোটদান সাব্যস্ত কৰিব পাৰিব। 

কি আছে ভাইৰাল পোষ্টখনত

বিশ্বাস নিউজৰ চেটব’ট নম্বৰ +91 95992 99372 –ত আমাক এটটা ৱাটচএপ কথপোকথনৰ স্ক্ৰীণশ্বট পঠালে, য’ত লিখা আছিল, “এটা ডাঙৰ গুপ্ত খবৰ হ’ল। এইবাৰ নিৰ্বাচন কমিশনে পোষ্টাল বেলটৰ পৰা বেলেটে নাইকিয়া কৰি পেলালে। এতিয়া কোনো চৰকাৰী কৰ্মচাৰীয়ে পোষ্টাল বেলটৰ জৰিয়তে ভোটদান সাব্যস্ত কৰিব নোৱাৰিব।” 

তদন্ত

পোষ্টৰ তদন্তৰ বাবে আমি এই পোষ্টত ব্যৱহাৰ কৰা টেক্সটক গুগল লেঞ্চৰ জৰিয়তে কপি কৰিলোঁ আৰু ইয়াক গুগল অ’পেন ছাৰ্ছ কৰিলোঁ। নিৰ্বাচন কমিশনৰ কৰ্তৃত্বাধীন ফেচবুক পেজৰ পৰা কৰা এখন পোষ্ট পোৱা গ’ল, য’ত এই চেক্সটৰ গ্ৰাফিক্সসমূহ ব্যৱহাৰ কৰি তাত ভুৱা বাতৰিৰ ল’গ’ লগোৱা হৈছিল আৰু কেপশ্বনত লিখা আছিল যে- ENGLISH(ভুল দাবী: ৱাটচএপত এখন বাৰ্তা প্ৰচাৰ কৰা হৈ আছে য, চৰকাৰী কৰ্মীসকলে পোষ্টাল বেলটৰ জৰিয়তে নিজৰ ভোট সাব্যস্ত কৰিব নোৱাৰিব। সত্য: বাৰ্তাটো ভুৱা। নিৰ্বাচন কৰ্তব্যত থকা যোগ্য বিষয়াসকলে নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত পোষ্টাল বেলটৰ জৰিয়তে নিজৰ ভোটদান সাব্যস্ত কৰিব পাৰিব) ” 

এই পোষ্টখন নিৰ্বাচন কমিশনৰ অফিছিয়েল এক্স হেণ্ডেলতও পোৱা গ’ল।

এই পোষ্টখনক একে কেপশ্বনৰ সৈতে ডিডি নিউজ লাইভৰ ফেচবুক পেজৰ পৰাও শ্বেয়াৰ কৰা হৈছিল। 

এই সন্দৰ্ভত আমি ভাৰত নিৰ্বাচনৰ যুটিয়া সঞ্চালক অনুজ চাণ্ডকৰ লগতও  যোগাযোগ কৰিলোঁ। এই ভাইৰাল পোষ্টটো ভুৱা বুলি তেঁও নিশ্চিত কৰিছে।

পোষ্টাল বেলট কি?

পোষ্টাল বেলট হ’ল ডাক যোগে ভোট দান সম্পন্ন কৰাৰ প্ৰক্ৰিয়া। নিৰ্বাচনত এই ব্যৱস্থা সেইসকল কৰ্মচাৰীয়ে গ্ৰহণ কৰে, যিসকলে নিজ নিজ কৰ্মত কৰ্তব্যৰত হোৱাৰ বাবে তেঁওৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰিব নোৱাৰে।

আপোনাক এয়া জঁনাও যে এইবাৰ লোকসভা নিৰ্বাচন(Lok Sabha Election 2024) 7 দফাত সম্পন্ন হ’ব। লোকসভা নিৰ্বাচন 19 এপ্ৰিলত আৰম্ভ হ’ব আৰু 4 জুনত ফলাফল ঘোষণা কৰা হ’ব। এই সন্দৰ্ভত অধিক তথ্য দৈনিক জাগৰণৰ এই সংবাদত পঢ়িব পাৰিব।

সামৰণি: বিশ্বাস নিউজে নিজৰ তদন্তত এই পোষ্টটোক ভুৱা বুলি প্ৰমনিত কৰিলে। নিৰ্বাচন কমিশনে এই দাবী ভুল বুলি কৈছে আৰু  কৈছে যে নিৰ্বাচন কৰ্তব্যত থকা বিষয়াসকলে নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত পোষ্টাল বেলটৰ জৰিয়তে নিজৰ ভোটদান সাব্যস্ত কৰিব পাৰিব।

  • Claim Review : এতিয়া কোনো চৰকাৰী কৰ্মচাৰীসকলে পোষ্টাল বেলটৰ জৰিয়তে নিজৰ ভোট সাব্যস্ত কৰিব নোৱাৰিব
  • Claimed By : Tipline user টিপলাইন ব্যৱহাৰকাৰী
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later