X
X

Fact Check: বিৰাট-অনুষ্কাৰ মন্দিৰ দৰ্শনৰ পুৰণি ভিডঅ’ক ভুৱা দাৱীৰ সৈতে ভাইৰেল হৈ আছে

বিশ্বাস নিউজে নিজৰ তদন্তত গম পাইছে যে, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ছবিখন 2023 চনত উজ্জয়িনীত তোলা ছবি হয়। তাত তেওঁলোকে মহাকালেশ্বৰ মন্দিৰত দৰ্শন কৰিছিলে। পুৰণি ছবিখনক হে ভুৱা দাবীৰ সৈতে ভাইৰেল হৈ আছে।

  • By: Umam Noor
  • Published: Jul 23, 2024 at 05:39 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। টিম ইণ্ডিয়াই টি-20 বিশ্বকাপত জয়ী হোৱাৰ পাছত ছ’চিয়েল মিডিয়াৰ বেলেগ-বেলেগ প্লেটফৰ্মত আকৌ এবাৰ ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাৰ এখন ছবি ভাইৰেল হৈ আছে। ভাইৰেল হোৱা এই ছবিখনত দেখা পোৱা গৈ আছে যে, দুয়ো জনে মন্দিৰ দৰ্শন কৰি আছে। ছবিখনক শ্বেয়াৰ কৰি এই দাবী কৰি থকা হৈছে যে মেচ্চৰ পাছত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই মহাকালেশ্বৰ মন্দিৰলৈ গৈ বাবাৰ আশীৰ্বাদ লাভ কৰিছে।    

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ এই ছবিখন 2023 চনত উজ্জয়িনীত তোলা ছবি হয়। তেতিয়া তেওঁলোকে মহাকালেশ্বৰ মন্দিৰত দৰ্শন কৰিছিলে। সেই পুৰণি ছবিখন হে ভুৱা দাবীৰ সৈতে ভাইৰেল হৈ আছে। 

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ”মেচ্চৰ পাছত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই মহাকালেশ্বৰ মন্দিৰলৈ গৈ বাবাৰ আশীৰ্বাদ লাভ কৰিছে। দেশদ্ৰোহী কোনোবা থাকিলে হে সিহঁতে তেওঁলোকৰ দৰে কাম নকৰাকৈ থাকিব।”

পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

তদন্ত

আমি নিজৰ তদন্ত আৰম্ভ কৰাৰ বাবে প্ৰথমতে গুগল লেঞ্চৰ জৰিয়তে ভাইৰেল হোৱা ছবিখন ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ, ছবিখন এবিপি লাইভ-ৰ ৱেবছাইটত 3 মাৰ্চ 2023-ত প্ৰকাশিত হোৱা এখন ফট’ গেলাৰীত আছে। তাত এই তথ্য দিয়া আছে যে, অনুষ্কা আৰু বিৰাট কোহলীয়ে উজ্জয়িনীৰ মহাকাল মন্দিৰত গৈ দৰ্শন কৰিছে।

লাইভ হিন্দুস্তানৰ ৱেবছাইটত এই তথ্যা দিয়া আছে যে, বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ হাতত ইন্দৌৰ টেষ্ট মেচ্চত পৰাজিত হোৱাৰ পাছত নিজৰ পত্নীৰ সৈতে শনিবাৰে ৰাতিপুৱা বাবা মহাকালৰ ভস্মাৰতি দৰ্শন কৰিছে আৰু পূজা-অভিষেক কৰিছে।

বিৰাট আৰু অনুষ্কাৰ সেই মন্দিৰ পৰিদৰ্শন সম্বন্ধীয় তেওঁলোকৰ এটা ভিডিঅ’ৰো সন্ধান পাইছোঁ আমি। সেইটো ভিডিঅ’ এনডিটিভি-য়ে নিজৰ ইউটিউব চেনেলত 4 মাৰ্চ 2024 তাৰিখত আপলোড কৰিছে।

এই ছবিখনক আগতেও ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈছিল আৰু তেতিয়া আমি অধিক জানিবলৈ উজ্জয়নত নই দুনিয়া-ৰ ব্যুৰ’ চিফ সূৰ্যনাৰায়াণ মিশ্ৰাৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ তেতিয়া আমাক কৈছিল যে, ছবিখন পুৰণি হয়, শেহতীয়া ছবি নহয়।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি গম পালোঁ যে, সেই পেজখনক 9 লাখৰ অধিক মানুহে ফল’ কৰি থাকে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত গম পাইছে যে, বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ছবিখন 2023 চনত উজ্জয়িনীত তোলা ছবি হয়। তাত তেওঁলোকে মহাকালেশ্বৰ মন্দিৰত দৰ্শন কৰিছিলে। পুৰণি ছবিখনক হে ভুৱা দাবীৰ সৈতে ভাইৰেল হৈ আছে।

  • Claim Review : মেচ্চৰ পাছত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই মহাকালেশ্বৰ মন্দিৰলৈ গৈ বাবাৰ আশীৰ্বাদ লাভ কৰিছে
  • Claimed By : FB Page-= वायरल मोहल्ला
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later