Fact Check: ভাইৰেল ভিডিঅ’টোত দেখা মহিলাগৰাকী আয়ুক্ত নহয়, ভিডিঅ’টো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল হৈ পৰিছে
বিশ্বাস নিউজে নিজা অনুসন্ধানত জানিব পাৰিছে যে ভাইৰেল ভিডিঅ’টোত বোৰ্খা পিন্ধা মহিলাগৰাকী আয়ুক্ত নহয়, জম্মু-কাশ্মীৰৰ ডিডিচি (জিলা উন্নয়ন পৰিষদ) কিস্তৱাৰৰ উপাধ্যক্ষ চাইমা পাৰবীন লোন। আৰু তেওঁ ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনত জয়ী হৈ এই পদত উপনীত হৈছে।
- By: Umam Noor
- Published: Aug 31, 2023 at 05:22 PM
নতুন দিল্লীঃ (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত এগৰাকী মহিলাক এগৰাকী আৰক্ষী বিষয়াৰ সৈতে খোজ কাঢ়ি আৰু তাৰ পিছত গাড়ীত বহি পথাৰত ঘূৰি ফুৰা দেখা গৈছে। ভিডিঅ’টো চাই এনে লাগে যেন এটা অনুষ্ঠানৰ সময়ৰ কোনো দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি, ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে মুছলমান আয়ুক্ত চাহিবাই হিজাব পিন্ধি স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰিছে।
বিশ্বাস নিউজে জানিব পাৰিছে যে ভাইৰেল ভিডিঅ’টোত বোৰ্খা পিন্ধা মহিলাগৰাকী আয়ুক্ত নহয়, জম্মু-কাশ্মীৰৰ ডিডিচি (জিলা উন্নয়ন পৰিষদ) কিস্তৱাৰৰ উপাধ্যক্ষ চাইমা পাৰবীন লোন। আৰু তেওঁ ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনত জয়ী হৈ এই পদত মকৰল হৈ আছে।
ভাইৰেল পোষ্টটোত কি আছে?
ফেচবুক পোষ্টটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীজনে লিখিছে, “ভিডিঅ’টো আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ দৰে কোনো ইছলামিক দেশৰ নহয়, কিন্তু আমাৰ প্ৰিয় দেশৰ- ইয়াৰ অনুমতি দিয়া হৈছে নেকি? মুছলিম আয়ুক্ত চাহিবাই হিজাব পিন্ধি স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰিছে। ”
ভাইৰেল ভিডিঅ’টো একেটা দাবীৰে সৈতে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (টুইটাৰ)ত শ্বেয়াৰ কৰা হৈছে।
পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
আমাৰ অনুসন্ধান আৰম্ভ কৰি, আমি প্ৰথমে ভিডিঅ’টো মনোযোগেৰে চাইছিলো। ভিডিঅ’টোৰ 26 ছেকেণ্ডৰ ফ্ৰেমত, আমি 15 আগষ্ট, 2023, স্বাধীনতা দিৱসত লিখা এখন বেনাৰ দেখিছিলো, অৰ্থাৎ এই ভিডিঅ’টো স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানৰ। আমি ”burqa clad woman hijab independence day” (“বোৰ্খা পৰিহিত মহিলা হিজাব স্বাধীনতা দিৱস”) কীৱৰ্ডৰ সৈতে ভিডিঅ’টো বিচাৰিবলৈ আৰম্ভ কৰিছিলো। অনুসন্ধানত, আমি ‘মুনচিফ ডেইলী’ৰ ৱেবছাইটত প্ৰকাশিত এটা বাতৰিত ভিডিঅ’টোৰ এটা স্ক্ৰীণগ্ৰাব পালো।
2023 চনৰ 26 আগষ্টৰ এই বাতৰিত দিয়া তথ্য অনুসৰি, কিস্তৱাৰ জিলাত স্বাধীনতা দিৱস উদযাপনৰ সময়ত জিলা উন্নয়ন পৰিষদৰ উপ-সভাপতি চাইমা পাৰবীন লোনে হিজাব পিন্ধি ত্ৰিৰংগা উত্তোলন কৰে, যাৰ ফলত ভাৰতত চলি থকা হিজাব বিৰোধী আন্দোলনৰ যুগসূত্ৰত কথোপকথন আৰম্ভ হয়। আপুনি সম্পূৰ্ণ কাহিনীটো ইয়াত পঢ়িব পাৰে।
আমি আন এটা ৱেবছাইটতো এই অনুষ্ঠানটোৰ সৈতে সম্পৰ্কিত তথ্য পাইছিলো। ইয়াত দিয়া বিতং তথ্য অনুসৰি, কিস্তৱাৰৰ মুখ্য অনুষ্ঠানটি ঐতিহাসিক চৌগান গ্ৰাউণ্ডত অনুষ্ঠিত হৈছিল য’ত জিলা উন্নয়ন পৰিষদৰ উপ-সভাপতি চাইমা পাৰবীন লোনে এছএছপি খলিল আহমেদ পোছৱালৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল, পেৰেড পৰিদৰ্শন কৰিছিল আৰু মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰিছিল।
19 ফেব্ৰুৱাৰী, 2019 ত “দ্য কাশ্মীৰ হৰাইজন”ছ ত প্ৰকাশিত খবৰ অনুসৰি চাইমা পাৰবীন লোনে জিলা উন্নয়ন পৰিষদৰ উপাধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিছিল। এই নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া, যাৰ ভিতৰত অন্তৰ্ভুক্ত আছে মনোনয়ন প্ৰপত্ৰ পূৰণ, মনোনয়ন প্ৰপত্ৰ পৰীক্ষা, ভোটদান, গণনা আৰু ফলাফল ঘোষণা আদি সকলোবোৰ প্ৰিজাইডিং বিষয়া, ডিচি, কিস্তৱাৰৰ কঠোৰ তত্বাৱধানত সংঘটিত হৈছিল।
ফেব্ৰুৱাৰী 2019 ত ‘গ্ৰেটাৰ কাশ্মীৰ ৱেবছাইট’ৰ বাতৰি অনুসৰি, জম্মু-কাশ্মীৰ নেচনেল কনফাৰেন্স দলৰ পূজা ঠাকুৰে অধ্যক্ষ পদ লাভ কৰে আৰু কংগ্ৰেছ প্ৰাৰ্থী চাইমা পাৰবীন লোনে কিস্তৱাৰত জিলা উন্নয়ন পৰিষদৰ (ডিডিচি) নিৰ্বাচনত উপ-সভাপতিৰ পদত জয়ী হয়।
ভাইৰেল ভিডিঅ’টো নিশ্চিত কৰিবলৈ আমি “দৈনিক জাগৰণ”ৰ জম্মু-কাশ্মীৰ ব্যুৰো চীফ নবীন নৱাজৰ সৈতে যোগাযোগ কৰিছিলো আৰু তেওঁ কৈছিল, “ভিডিঅ’টোত বোৰ্খাত দেখা মহিলাগৰাকী আয়ুক্ত নহয়। এয়া হৈছে ডিডিচি (জিলা উন্নয়ন পৰিষদ)ৰ উপাধ্যক্ষ চাইমা পাৰবীন লোন।
ভুৱা পোষ্টটো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীজনৰ সামাজিক স্কেনিংত, আমি দেখিছিলো যে ব্যৱহাৰকাৰীৰ দ্বাৰা এটা নিৰ্দিষ্ট আদৰ্শ-অনুপ্ৰেৰিত পোষ্ট শ্বেয়াৰ কৰা হৈছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজা অনুসন্ধানত জানিব পাৰিছে যে ভাইৰেল ভিডিঅ’টোত বোৰ্খা পিন্ধা মহিলাগৰাকী আয়ুক্ত নহয়, জম্মু-কাশ্মীৰৰ ডিডিচি (জিলা উন্নয়ন পৰিষদ) কিস্তৱাৰৰ উপাধ্যক্ষ চাইমা পাৰবীন লোন। আৰু তেওঁ ৰাজনৈতিক দলৰ হৈ নিৰ্বাচনত জয়ী হৈ এই পদত উপনীত হৈছে।
- Claim Review : ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে মুছলমান আয়ুক্ত চাহিবাই হিজাব পিন্ধি স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰিছে।
- Claimed By : FB User: Abhishek Pandey
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.