Fact Check: চিকিৎলয়ৰ বাহিৰত কান্দি থকা এজন গাজা-ৰ মহিলাৰ ভাইৰাল ভিডিঅ’ কোনো পেলেস্তিয়ান অভিনেত্ৰীৰ নহয়, প্ৰকৃততে এজন সাধাৰণ নাগৰিকৰ হয়

নতুন দিল্লী (বিশ্বাস নিউজ)। ইজৰাইল–হামাছ সংঘৰ্ষৰ পিছত, সামাজিক মাধ্যমত এটা ভিডিঅ’ ক্লিপ ভাইৰাল হৈ আছে, য’ত এজন মহিলাক এখন চিকিৎসালয়ৰ বাহিৰত কান্দি থকা আৰু দুখৰ বৰ্ণনা দি থকা দেখা পোৱা যায়। এয়া দাবি কৰা হৈছে যে, ভিডিঅ’ত থকা মহিলাগৰাকী এজন পেলেস্তিয়ান অভিনেত্ৰী মাছিয়া এবিডি এলহাদি আৰু এই ভিডিঅ’খন তেঁওৰ এখন ছবিৰ শ্বুটিঙৰ অংশ। 

বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য ভুল বুলি প্ৰমানিত কৰিছে। ভিডিঅ’ত কান্দি থকা মহিলাগৰাকী পেলেস্তিয়ান অভিনেত্ৰী মাছিয়া এবিডি এলহাদি নহয়, আনকি গাজাত বসবাসকাৰী এজন সাধাৰণ মহিলা।এই ভিডিঅ’খন, হামাছৰ সন্ত্ৰাসী আক্ৰমণ চলি থকা অৱস্থাত, গাজাৰ ওপৰত ইজৰাইলৰ প্ৰতিহিংসামূলক আক্ৰমণৰ পিছত এখন স্থানীয় চিকিৎসালয়ৰ বাহিৰৰ দৃশ্য, যিটোক ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰ হৈ আছে। 

কি ভাইৰাল হৈ আছে?

সামাজিক মাধ্যম ব্যৱহাৰকাৰী মনু গুপ্তায় এই ভাইৰাল ভিডিঅ’খন শ্বেয়াৰ কৰিছে(আৰ্কাইভ লিঙ্ক) আৰু লিখিছে যে, “এয়া হ’ল পেলেস্তিয়ান অভিনেত্ৰী মাছিয়া এবিডি এলহাদি, যিজনে গাজাৰ কৰোবাত এই ভিডিঅ’খন শ্বুট কৰি আছে। পৰৱৰ্তীকালত এই ভিডিঅ’খন হামাছ সমৰ্থনকাৰী আৰু ইছলামিক জিহাদ সমৰ্থনকাৰীসকলে ভাইৰাল কৰিব আৰু নিজকে ভুক্তভোগী সজাব। এয়া হ’ল ইছলামিক সন্ত্ৰাসী আক্ৰমণৰ ইক’ছিষ্টেম।”

অন্য বহুত সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে এই একেখন ভিডিঅ’ একে দাবিৰ সৈতে শ্বেয়াৰ কৰিছে।

তদন্ত

ৰিভাৰ্ছ ইমেজ ছাৰ্ছৰ জৰিয়তে ভাইৰাল ভিডিঅ’ৰ কিফ্ৰেমসমূহ বিছাৰি, আমি গম পালো যে, এই ভিডিঅ’খন বহত এক্স ব্যৱহাৰকাৰীৰ প্ৰ’ফাইলত পোষ্ট কৰা হৈছে। এই সকলো ব্যৱহাৰকাৰীৰ শ্বেয়াৰ কৰা ক্লিপিঙসমূহত @ytirawi নামৰ হেণ্ডেলৰ নাম উল্লেখ থকা পোৱা যায়। এই খোঁজ প্ৰক্ৰিয়াত আমি সেই প্ৰ’ফাইলটো বিছাৰি পালো যাৰ পৰা 10 অক্টোৱৰ 2023-ত শ্বেয়াৰ এই ভিডিঅ’খন শ্বেয়াৰ কৰা হৈছিল।

প্ৰদত্ত তথ্য মতে, এই ভিডিঅ’খন “শিফা চিকিৎসালয়ৰ বাহিৰত বিধ্বস্ত অৱস্থাত বহি থকা এজন মহিলাৰ যাৰ সন্তানৰ মৃত্যু ইজৰাইলৰ আক্ৰমণত হৈছিল।” ভিডিঅ’ৰ পিছফালে চিকিৎসালয়ৰ ইমাৰজেঞ্ছি ব্লক দেখা পোৱা গৈছিল।

এই একেখন হেণ্ডেলে শ্বেয়াৰ কৰা আৰু এখন ভিডিঅ’ আমি পাইছো, য’ত একেখন চিকিৎসালয় দেখা পোৱা যায়। দুখন বেলেক ভিডিঅ’ ক্লিপত, যিবিলাক 13 অক্টোৱৰত শ্বেয়াৰ কৰা হৈছিল, সেইসমূহত চিকিৎসালয়ৰ বাহিৰত আহত মানুহ আৰু এম্বুলেঞ্চ দেখা পোৱা যায়।

যিহেতু সকলো ভিডিঅ’ একেখন উৎসৰ পৰা শ্বেয়াৰ কৰা হৈছিল, আমি আকৌ ৰিভাৰ্ছ ইমেজ ছাৰ্ছৰ সহায় ল’লো। এই প্ৰক্ৰিয়াত, আমি এই ভিডিঅ’খন @Muatsim. নামৰ এজন ব্যৱহাৰকাৰীৰ এক্স হেণ্ডেলৰ পৰা আৰবী লিখনিৰ সৈতে শ্বেয়াৰ কৰা পালো।

আমি গুগল লেঞ্চৰ সহায়ত লিখাখিনি অনুবাদ কৰিলোঁ। তাত থকা তথ্য মতে, এইজন এজন গাজাৰ মহিলা যিজনে তেঁওৰ সন্তানৰ মৃত্যুৰ পাছত চিকিৎসালয়ৰ বাহিৰত কান্দি আছে। শিফা চিকিৎসালয় গাজাত অৱস্থিত। সংবাদ মতে, গাজাৰ ওপৰত ইজৰাইলৰ প্ৰতিহিংসামূলক আক্ৰমণৰ পিছত এই চিকিৎসালয়ত বৃহৎ সংখ্যক আহত মানুহৰ চিকিৎসা চলি আছে।

এয়া দাবি কৰা হৈছিল যে ভিডিঅ’ত দেখা পোৱা মহিলাগৰাকী এজন পেলেস্তিয়ান অভিনেত্ৰী মাছিয়া এবিডি এলহাদি। সংবাদ বিছাৰঁতে আমি এই অভিনেত্ৰীৰ বহুত ছবি আৰু প্ৰ’ফাইল পালো, যিজন ভাইৰাল ভিডিঅ’ত থকা মহিলাৰ পৰা সম্পূৰ্ণ ভিন্ন। তলৰ কোলাজখনৰ পৰা অতি সহজে এয়া ক’ব পাৰো যে, পেলেস্তিয়ান অভিনেত্ৰী মাছিয়া এবিডি এলহাদি আৰু ভাইৰাল ভিডিঅ’ত থকা মহিলাগৰাকী সম্পূৰ্ণ পৃথক দুজন মানুহ।

বিশ্বাস নিউজে পেলেস্তিয়ান ফেক্ট চেকাৰ ৰিহাম আবু ইটাৰ লগত ভাইৰাল ভিডিঅ’ সন্দৰ্ভত যোগাযোগ কৰিলে। তেঁও এয়া স্পষ্ট কৰিলে যে ভিডিঅ’ত দেখা পোৱা মহিলাগৰাকী পেলেস্তিয়ান অভিনেত্ৰী মাছিয়া এবিডি এলহাদি নহয় আনকি গাজাত বসবাসকাৰী এজন সাধাৰণ মহিলা আৰু সাংবাদিকসকলে কিছুদিন আগত এই ভিডিঅ’খন ৰেকৰ্ড কৰিছে।

বিশ্বাস নিউজে এই ভিডিঅ’ আৰু তাৰ স্থান সম্পৰ্কে একো স্পষ্টিকৰণ প্ৰদান নকৰে, কিন্তু এয়া আমি নিশ্চিতভাবে ক’ব পাৰো যে, ভিডিঅ’ত থকা মহিলাগৰাকী পেলেস্তিয়ান অভিনেত্ৰী মাছিয়া এবিডি এলহাদি নহয়। 

এয়া উল্লেখযোগ্য যে, হামাছৰ আক্ৰমণৰ পিছত, ইজৰাইলে গাজাক লক্ষ্য বনাইছে। সংবাদ তথ্য মতে, এই সংঘৰ্ষত এতিয়ালৈ 3,200 মানুহৰ মৃত্যু হৈছে, যাৰ মাজত 1,300 ইজৰাইলৰ আৰু 1,900 পেলেস্তিয়ান বাসিন্দা। ৰিপোৰ্ট মতে, হামাছে 120-ৰও অধিক ইজৰাইলৰ মানুহক গাজাত বন্দী বনাই ৰাখিছে।

ইজৰাইল-পেলেস্তাইনৰ লগত সম্পৰ্কিত অন্যান্য ভাইৰাল দাবিৰ পৰীক্ষণৰ ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

উপসংহাৰ: গাজাৰ চিকিৎসালয়ৰ বাহিৰত কান্দি থকা মহিলা এজনৰ ভিডিঅ’ ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে যে, এঁও পেলেস্তিয়ান অভিনেত্ৰী মাছিয়া এবিডি এলহাদি নহয়।

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস