X
X

Fact Check: পিএম মোডীৰ বাগেশ্বৰ ধামত উপস্থিত হোৱাৰ নামত ভাইৰাল হোৱা ভিডিঅ’ এডিট কৰা হয়

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, পিএম মোডীৰ বাগেশ্বৰ ধামত উপস্থিত হোৱাৰ নামত ভাইৰাল হোৱা ভিডিঅ’ প্ৰকৃততে এখন এডিট কৰা ভিডিঅ’। প্ৰকৃততে ভিডিঅ’ত পিএম মোডীৰ সন্মুখত চলি থকা টিভিৰ স্ক্ৰীণত প্ৰৱচন চলি থকা নাছিল।

  • By: Umam Noor
  • Published: Mar 26, 2024 at 10:44 PM

নতুন দিল্লী(বিশ্বাস নিউজ) সামাজিক মাধ্যমত এটা কনফাৰেঞ্চৰ ভিডিঅ’ ভাইৰাল হই আছে, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শাহৰ লগতে কেইবাজন লোকক এটা মিটিং ৰুমত বহি থকা দেখা যায়। তাত সন্মুখত এজন ব্যক্তিক প্ৰৱচন দি থকা দেখা আৰু শুনা গৈছে। ভিডিঅ’ শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে, পিএম মোডী বাগেশ্বৰ ধামত উপস্থিত হৈছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, পিএম মোডীৰ বাগেশ্বৰ ধামত উপস্থিত হোৱাৰ নামত ভাইৰাল হোৱা ভিডিঅ’ প্ৰকৃততে এখন এডিট কৰা ভিডিঅ’। প্ৰকৃততে ভিডিঅ’ত পিএম মোডীৰ সন্মুখত চলি থকা টিভিৰ স্ক্ৰীণত প্ৰৱচন চলি থকা নাছিল। 

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে 22 মাৰ্চ তাৰিখে এখন ভিডিঅ’ পোষ্ট কৰি দাবী কৰিছে যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হ’ল বাগেশ্বৰ ধামত। কবিয়ে এনে কথা ক’লে যে মোডী ডাঙৰিয়াই হাঁহিব ধৰিলে।“

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত আমি পোনপ্ৰথমতে ভিডিঅ’খনক গুগল লেঞ্চৰ জৰিয়তে বিছাৰিলোঁ, এই প্ৰক্ৰিয়াত আমি এই ভিডিঅ’খন লেটেষ্টলি ডট কম-ত 2023 চনৰ 3 জুন তাৰিখে আপল’ড হোৱা পালো। ইয়াত থকা তথ্য মতে, উড়িষ্যাত হোৱা ৰেল দুৰ্ঘটনাৰ পিছত পৰিস্থিতিৰ বুজ ল’বলৈ পিএম মোডীয়ে উচ্চস্তৰীয় বৈঠকৰ আহ্বান জঁনাইছিল।

এই ভিত্তিত আমি তদন্ত আগবঢ়ালোঁ আৰু বিজেপি ফৰ ইণ্ডিয়াৰ ভেৰিফাইড হেণ্ডেলত 2023 চনৰ 3 জুন তাৰিখে এই ভিডিঅ’ আপল’ড হোৱা পালো। ইয়াত সন্মুখত দেখা পোৱা ষ্ক্ৰীণখনত ৰিভিউ তথ্য দেখা পোৱা যায়। ভিডিঅ’ত এজন মহিলাই এই তথ্য কই থকা দেখা পোৱা যায়। য’ত ভাইৰাল ভিডিঅ’খনত মহিলা আৰু টিভিৰ তথ্য দুটাকেই এডিট কৰি অঁতৰাই দিয়া হৈছে।

নিউজ বিছাৰোঁতে আমি নৰেন্দ্ৰ মোডীৰ ইউটিউব চেনেলতও 3 জুন তাৰিখে এই ভিডিঅ’ আপল’ড হোৱা দেখা পালো। ইয়াত থকা তথ্য মতে, উড়িষ্যাত সংঘটিত ৰেল দুৰ্ঘটনাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উচ্চস্তৰীয় বৈঠকৰ আহ্বান জঁনাইছিল। তাত দেশৰ গৃহমন্ত্ৰী অমিত শাহ উপস্থিত আছিল। ইয়াতও স্পষ্ট দেখা পোৱা যায় যে, ষ্ক্ৰীণত উড়িষ্যা ৰেল দুৰ্ঘটনাৰ বিতং তথ্য কোৱা হৈ আছে।

ভাইৰাল ভিডিঅ’ৰ লগত মিল থকা ভিডিঅ’ ইয়াৰ আগতেও সামাজিক মাধ্যমত ভাইৰাল হৈছে আৰু সেইসময়ত বিশ্বাস নিউজে বিজেপি-ৰ মুখপাত্ৰ বিজয় চ’নকৰৰ লগত যোগাযোগ কৰিছিল। তেঁওও এই ভিডিঅ’খনক ভুৱা বুলি জঁনাইছিল।

ভুৱা পোষ্ট শ্বেযাৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গ’ম পালো যে, ব্যৱহাৰকাৰীজনৰ 6 হাজাৰতকৈ অধিক অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, পিএম মোডীৰ বাগেশ্বৰ ধামত উপস্থিত হোৱাৰ নামত ভাইৰাল হোৱা ভিডিঅ’ প্ৰকৃততে এখন এডিট কৰা ভিডিঅ’। প্ৰকৃততে ভিডিঅ’ত পিএম মোডীৰ সন্মুখত চলি থকা টিভিৰ স্ক্ৰীণত প্ৰৱচন চলি থকা নাছিল।

  • Claim Review : ভিডিঅ’ শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে, পিএম মোডী বাগেশ্বৰ ধামত উপস্থিত হৈছে।
  • Claimed By : Madhroop Singh
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later