X
X

Fact Check: মাছুদ আজহাৰৰ মৃত্যুৰ দাবি কৰা ভাইৰাল ভিডিঅ’ পুৰণি হয়

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, যিটো ভিডিঅ’ ভাইৰাল হৈ আছে সেইটো 2023-ৰ নভেম্ভৰ মাহত পাকিস্তানৰ খৈবৰপক্তুনখাত হোৱা বিস্ফোৰণৰ হয়, এয়া কোনো সাম্প্ৰতিক কালৰ ঘটনা নহয়। ইয়াৰ উপৰিও জৈছ-এ-মহম্মদ-ৰ প্ৰধান মাছুদ আজাহাৰৰ মৃত্যু সন্দৰ্ভতও চৰকাৰ তৰফৰ পৰা কোনো সংবাদ অহা নাই ।

  • By: Umam Noor
  • Published: Jan 4, 2024 at 02:30 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে য’ত সাংঘাতিক বিস্ফোৰণ হোৱা দেখা পোৱা যায়। ভিডিঅ’টোক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে, পাকিস্তানত হোৱা এই বিস্ফোৰণত জৈছ-এ-মহম্মদৰ প্ৰধান মৌলানা আজহাৰৰ মৃত্যু হৈছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, যিটো ভিডিঅ’ ভাইৰাল হৈ আছে সেইটো 2023-ৰ নভেম্ৱৰ মাহত পাকিস্তানৰ খৈবৰপক্তুনখাত হোৱা বিস্ফোৰণৰ হয়, এয়া কোনো সাম্প্ৰতিক কালৰ ঘটনা নহয়। ইয়াৰ উপৰিও জৈছ-এ-মহম্মদ-ৰ প্ৰধান মাছুদ আজাহাৰৰ মৃত্যু সন্দৰ্ভতও চৰকাৰ তৰফৰ পৰা কোনো সংবাদ অহা নাই

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টটোক শ্বেয়াৰ কৰি লিখিছে যে, “ম’ষ্ট ৱান্টেড সন্ত্ৰাসবাদী মৌলানা মাছুদ আজাহাৰ পাকিস্তানত ভাৱলপুৰ মছজিদৰ পৰা উভতি আহি আছিল.. বিস্ফোৰণত “মৃত্যু” ঘটিল। কিয় মৃত্যু ঘটিল এয়া আপোনালোকক পিছত জনাম।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণীত আমি পোনপ্ৰথমতে গুগল লেঞ্চৰ সহায়ত ভাইৰাল ভিডিঅ’ৰ কিফ্ৰেমসমূহক বিছৰা আৰম্ভ কৰিলোঁ। এই প্ৰক্ৰিয়াত আমি ইউৰোপ কংগ্ৰিজেন্টৰ এক্স(টুইটাৰ)হেণ্ডেলত 2023-ৰ 4 নভেম্ৱৰ তাৰিখত আপল’ড হোৱা এই ভিডিঅ’ পালো। ইয়াত থকা তথ্য মতে, ডেৰা ইছমাইল খানত পুলিছ বাহনক লক্ষ্য কৰি সংঘটিত বিস্ফোৰণত 6 জন লোকৰ মৃত্যু হৈছে আৰু 25 জন আহত হৈছে।

https://twitter.com/EuropeCognizant/status/1720519800458506676


এই ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালোঁ আৰু টিআৰটি-ৰ ৱেবচাইটত 2023-ৰ 3 নভেম্ৱৰ তাৰিখত এই সন্দৰ্ভত সংবাদত পালো। সংবাদত থকা তথ্য মতে, ডেৰা ইছমাইল খানৰ টেঙ্ক বেছত পুলিছ ভেনৰ ওচৰত বিস্ফোৰণ হৈছিল। পুলিছৰ মতে, বিস্ফোৰণত 5 জন লোকৰ মৃত্যু হৈছে আৰু 20 জন আহত হৈছে, তেঁওলোকক হস্পিতালত প্ৰেৰণ কৰা হৈছে। প্ৰাৰম্ভিক তথ্য মতে, এটি পুলিছ ভেনক লক্ষ্য কৰি বিস্ফোৰণ ঘটোৱা হৈছিল। 

ভইছ অব এমেৰিকাত উৰ্দু-ত প্ৰদান কৰা তথ্য মতে, “ডিআই খানৰ টেঙ্ক বেছত হোৱা বিস্ফোৰণত নাগৰিকৰ মত্যুৰ সংবাদ আহিছে, য’ত আহতসকলৰ মাজত পুলিছকৰ্মী আৰু অন্যান্য সুৰক্ষা বিষয়াও আছে।”

ট্ৰিবিউন.পিকে ৱেবচাইটত প্ৰদান কৰা তথ্য মতে, শুক্ৰবাৰ খৈবৰপক্তুনখাৰ ডেৰা ইছমাইল খান চহৰত পুলিছক লক্ষ্য কৰি কৰা বোমা বিস্ফোৰণত 6 জন লোকৰ মৃত্যু হৈছে। সুৰক্ষা আৰু পুলিছ বিষয়াসকলৰ মতে, বিস্ফোৰণত বিস্ফোৰক সামগ্ৰী ভৰ্তি মটৰচাইকেল ব্যৱহাৰ কৰা হৈছে বুলি প্ৰাৰম্ভিক তদন্তত জানিব পৰা গৈছে। বিস্ফোৰণত মৃত্যু হোৱা লোকসকলৰ বয়স 15 ৰ পৰা 20 বছৰৰ ভিতৰত আছিল। সম্পূৰ্ণ খবৰ ইয়াত পঢ়িব পাৰিব।

পাকিস্তানৰ দক্ষিণ ভাগৰ ৱজিৰিস্তানৰ নেতা আলী ৱজিৰে নিজৰ এক্স(টুইটাৰ) হেন্ডেলত বিস্ফোৰণত আহত হোৱা লোকসকলৰ লগত  কৰা সাক্ষাৎৰ ছবি আৰু এই ভাইৰাল ভিডিঅ’ প্ৰকাশ কৰে।

আমাৰ তদন্ত অব্যাহত ৰাখি আমি সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ মৃত্যুৰ আঁৰৰ ৰহস্য জানিবলৈ যতন কৰিলোঁ। এই প্ৰ্ক্ৰিয়াত আমি এই তথ্য নিশ্চিত কৰা কোনো চৰকাৰী সূচনা নাপালোঁ।

ভাইৰাল ভিডিঅ’ আলী মাছুদ আজাহাৰৰ মৃত্যু সংবাদ নিশ্চিত কৰাৰ বাবে আমি পাকিস্তানি সাংবাদিক আদিল আলীৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, “ভিডিঅ’টো পুৰণা।”

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনৰ 1900 অনুসৰণকাৰী আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, যিটো ভিডিঅ’ ভাইৰাল হৈ আছে সেইটো 2023-ৰ নভেম্ভৰ মাহত পাকিস্তানৰ খৈবৰপক্তুনখাত হোৱা বিস্ফোৰণৰ হয়, এয়া কোনো সাম্প্ৰতিক কালৰ ঘটনা নহয়। ইয়াৰ উপৰিও জৈছ-এ-মহম্মদ-ৰ প্ৰধান মাছুদ আজাহাৰৰ মৃত্যু সন্দৰ্ভতও চৰকাৰ তৰফৰ পৰা কোনো সংবাদ অহা নাই ।

  • Claim Review : পাকিস্তানত হোৱা এই বিস্ফোৰণত জৈছ-এ-মহম্মদৰ প্ৰধান মৌলানা আজহাৰৰ মৃত্যু হৈছে।
  • Claimed By : Raj Kumar Sharma
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later