Fact Check: অভিনেতা নাছিৰুদ্দিন শ্বাহৰ নামত ভাইৰেল হোৱা টুইট ভুৱা

উপসংহাৰ -বিশ্বাস নিউজৰ দলে ইয়াৰ তথ্য পৰীক্ষাত দেখিছিল যে অভিনেতা নাছিৰুদ্দিন শ্বাহৰ নামত থকা সকলো সামাজিক মাধ্যমৰ পোষ্টেই ভুৱা। ফে’চবুকত পোষ্ট কৰা টুইটটো ভুৱা কিয়নো শ্বাহৰ কোনো সামাজিক মাধ্যমৰ মঞ্চত কোনো একাউণ্ট নাই। গতিকে নাছিৰুদ্দিন শ্বাহৰ নামত পোষ্ট কৰা টুইটটো ভুৱা।(With inputs from Manish Kumar)

Fact Check: অভিনেতা নাছিৰুদ্দিন শ্বাহৰ নামত ভাইৰেল হোৱা টুইট ভুৱা

নতুন দিল্লী (বিশ্বাস নিউজ): চলচ্চিত্ৰ অভিনেতা নাছিৰুদ্দিন শ্বাহৰ মনেসজা টুইটাৰ একাউণ্টৰ এটা স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে ভাইৰেল হৈ আছে। ভাইৰেল পোষ্টটোত প্ৰকাশিত তথ্য অনুসৰি, নাছিৰুদ্দিন শ্বাহে তেওঁৰ টুইটত ৰাজনৈতিক মন্তব্য কৰাৰ বাবে কেন্দ্ৰৰ মোডী চৰকাৰক চোকা সমালোচনা কৰিছে। পিছে বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা তথ্য অনুসৰি সামাজিক মাধ্যমত নাছিৰুদ্দিন শ্বাহৰ কোনো একাউণ্ট নাই। গতিকে তেওঁৰ নামত ভাইৰেল কৰা পোষ্টটো ভুৱা।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ব্যৱহাৰকাৰী বেলাল কামাৰ খানে ফেচবুকত নাছিৰুদ্দিন শ্বাহৰ কথিত টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ অজুহাতত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে।

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰি প্ৰথমে নাছিৰুদ্দিন শ্বাহৰ কথিত টুইটাৰ একাউণ্টৰ সত্যতা পৰীক্ষা কৰিছিল, যাৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ আছে। আমি টুইটাৰত এই নামৰ কোনো একাউণ্ট পোৱা নাছিলো, কিন্তু আমি নাছিৰুদ্দিন শ্বাহৰ নামত আন বহুতো একাউণ্ট দেখিছিলোঁ। এনে বহুতো সমল আছে যাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা হৈছে। তথ্য পৰীক্ষাৰ সময়ত, ৯০,০০০ গৰাকী অনুসৰণকাৰী থকা এটা একাউণ্টো দেখা গৈছিল।

আমাৰ তথ্য পৰীক্ষা দলটোৱে অভিনেতাগৰাকীৰ মেনেজাৰ জয়ৰাজ পাটিলৰ সৈতে নাছিৰুদ্দিন শ্বাহৰ নামত ভাইৰেল টুইটাৰ একাউণ্টৰ বাস্তৱতা জানিবলৈ কথা পাতিছিল। জয়ৰাজ পাটিলে আমাক জনাইছিল যে নাছিৰুদ্দিন শ্বাহ কোনো সামাজিক মাধ্যমৰ প্লেটফৰ্মতে নাই। তেওঁৰ কোনো সামাজিক মাধ্যমত কোনো অফিচিয়েল একাউণ্ট নাই আৰু এনে একাউণ্ট থকা সেই সকলোবোৰ একাউণ্টেই ভুৱা।

তেওঁ লগতে আমাক কৈছিল যে নাছিৰুদ্দিন শ্বাহে তেওঁৰ নামত সৃষ্টি কৰা এই ভুৱা ছ’চিয়েল মিডিয়া একাউণ্টবোৰৰ বিষয়ে মুম্বাই আৰক্ষীৰ চাইবাৰ চেলত কেইবাবাৰো অভিযোগ কৰিছে, কিন্তু সমস্যাটো এতিয়াও অব্যাহত আছে। আনকি তিনি বছৰ আগতে, তেওঁ এনে ভুৱা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিষয়ে অভিযোগ কৰিছিল আৰু শেহতীয়াকৈ তেওঁ দুমাহ আগতেও অভিযোগ কৰিছিল।

তথ্য পৰীক্ষা দলটোৱে অনুসন্ধানকালত জানিব পাৰিছিল যে নাছিৰুদ্দিন শ্বাহৰ সতীৰ্থ অভিনেতা অনুপম খেৰে অলপতে এটা টুইট কৰিছিল, য’ত নাছিৰুদ্দিন শ্বাহে অনুপম খেৰক কৈছিল যে তেওঁৰ টুইটাৰ বা ফেচবুকত কোনো একাউণ্ট নাই আৰু তেওঁৰ তৰফৰ পৰা যি কোৱা হৈছে বা উদ্ধৃতি দিয়া হৈছে সেই সকলো ভুল।

যেতিয়া আমি ফেচবুকত নাছিৰুদ্দিন শ্বাহৰ ভুৱা টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী বেলাল কমাৰ খানৰ ফেচবুক প্ৰ’ফাইল স্কেন কৰিছিলো, আমি দেখিছিলো যে ব্যৱহাৰকাৰীজন উত্তৰ প্ৰদেশৰ জ্ঞানপুৰৰ লোক।

নিষ্কৰ্ষঃ উপসংহাৰ -বিশ্বাস নিউজৰ দলে ইয়াৰ তথ্য পৰীক্ষাত দেখিছিল যে অভিনেতা নাছিৰুদ্দিন শ্বাহৰ নামত থকা সকলো সামাজিক মাধ্যমৰ পোষ্টেই ভুৱা। ফে’চবুকত পোষ্ট কৰা টুইটটো ভুৱা কিয়নো শ্বাহৰ কোনো সামাজিক মাধ্যমৰ মঞ্চত কোনো একাউণ্ট নাই। গতিকে নাছিৰুদ্দিন শ্বাহৰ নামত পোষ্ট কৰা টুইটটো ভুৱা।(With inputs from Manish Kumar)

জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস