নতুন দিল্লী (বিশ্বাস নিউজ) সামাজিক মাধ্যমত ব্যাপকভাবে প্ৰচাৰিত এখন পোষ্টত অভিযোগ কৰা হৈছে যে, ছ’ডিয়াম লৰিল ছালপেট (SLS) যুক্ত টুথপেষ্টে কেন্সাৰ সৃষ্টি কৰে কাৰণ এছএলএছ কাৰ্চিন’জেনিক। তদন্তৰ পিছত বিশ্বাস নিউজে দাবীটো ভুল বুলি প্ৰমান কৰিছে আৰু এতিয়ালৈ কৰা সকলো দাবীৰ ভিতৰত আটাইতকৈ উগ্ৰ দাবী বুলি নিৰ্ণয় কৰিছে।
সামাজিক মাধ্যমত এটা ভাইৰাল পোষ্টত দাবী কৰা হৈছে যে, “ছ’ডিয়াম লৰিল ছালপেট (SLS) যুক্ত টুথপেষ্টে কেন্সাৰ সৃষ্টি কৰে কাৰণ এছএলএছ কাৰ্চিন’জেনিক।” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাব পাৰিব।
ছ’ডিয়াম লৰিল ছালফেট হৈছে টুথপেষ্টক ধৰি বিভিন্ন ব্যক্তিগত যত্নৰ সামগ্ৰীত বহুলভাবে ব্যৱহৃত ছাৰফেকটেণ্ট আৰু ফেনযুক্ত এজেণ্ট। ইয়াৰ প্ৰধান ভূমিকা হৈছে চাফাই কৰা আৰু ফেন ওলোৱা যাৰ ফলত মূখত সামগ্ৰীৰ সম পৰিমান বিতৰণৰ সুবিধা হয়।
ইউ এছ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন-এ প্ৰসাধন সামগ্ৰী আৰু ব্যক্তিগত যত্নৰ সামগ্ৰীত এছএলএছ-ৰ ব্যৱহাৰৰ সন্দৰ্ভত নিয়ন্ত্ৰণ কৰে। ভাইৰাল দাবীৰ বিপৰীতে এফডিএ 1998 চনৰ 7 এপ্ৰিলৰ পৰা প্ৰস্তুত হোৱা ফ্ল’ৰাইড টুথপেষ্টসমূহত সতৰ্কবাণী লেবেল লগোৱাৰ প্ৰয়োজন হয়, য’ত স্বাস্থ্যজনিত বিপদৰ বাবে অত্যাধিক গ্ৰহণৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিয়া হয়।
কিন্তু ইয়াৰ আশংকা কৰ্কট ৰোগৰ সৈতে নহয়, সম্ভাব্য বদহজমৰ সৈতে হয়।
অকুপেচনাল চেফ্টি এণ্ড হেল্থ এডমিনিষ্ট্ৰেচন(OSHA),, দা নেচনাল টক্সিক’লজি প্ৰ’গ্ৰাম(NTP) আৰু ইন্টাৰনেচনাল এজেঞ্চি ফৰ ৰিছাৰ্চ অন কেন্সাৰ (IARC), -ৰ দৰে বিভিন্ন কতৃত্বশীল সংস্থায় এছএলএছ-ক কাৰ্চিন’জেনিক মুক্ত বুলি শ্ৰেণিভুক্ত কৰিছে।
গুৰুত্বপূৰ্ণভাবে, টুথপেষ্ট আৰু মুখৰ কেন্সাৰ বৃদ্ধি হোৱাৰ কোনো প্ৰতিষ্ঠিত সম্পৰ্ক নাই।
এই দাবীটো উৎস অনিশ্চিত কিন্তু সম্ভবতঃ এয়া বৈজ্ঞানিক সাহিত্যৰ ভুল ব্যাখ্যাৰ পৰা উদ্ভৱ হৈছে। কোনো বৈজ্ঞানিক প্ৰমাণে এছএলএছ কাৰ্চিনোজেন বুলি কোৱা কথাটো সমৰ্থন নকৰে।
ইণ্টাৰনেচনাল এজেঞ্চি ফৰ ৰিছআৰ্চ অন কেন্সাৰ(IARC), ইউএচ নেচনাল টক্সিক’লজি প্ৰোগ্ৰাম, কেলিফৰ্নিয়া প্ৰ’প’জিশন 65 লিষ্ট অফ কাৰ্চিন’জেনচ, ইউএচ এনভাইৰনমেণ্টাল প্ৰ’টেকশন এজেঞ্চি আৰু দা ইউৰ’পিয়ান ইউনিয়ন-ৰ দৰে, বিভিন্ন সন্মানীয় প্ৰতিষ্ঠানত এছএলএছ কাৰ্চিন’জেন বুলি তালিকাভুক্ত কৰা নাই।
ড. শ্ৰেয়া ভট্টাচাৰ্য্য, হাওড়াৰ নাৰায়ানা হস্পিতালৰ অনক’ ছাৰ্জাৰিৰ কনছালটেণ্ট মহোদয়াই উদ্বেগজনিত দাবী আৰু বৈজ্ঞানিক সত্যৰ মাজত পাৰ্থ্যকৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বিষয়ে জোৰ দিয়ে। পদ্ধতিগত পৰ্যালোচনা আৰু মেটা বিশ্লেষণকে ধৰি কঠোৰ গৱেষণাই এই ধাৰণাটোক ধাৰাবাহিৰভাবে খণ্ডন কৰে যে টুথপেষ্টত থকা এছএলএছ-এ মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। বিশ্ব জুৰি নিয়ন্ত্ৰণকাৰী সংস্থা যেনে এফডিএ আৰু ইউৰ’পিয় আয়োগে নিয়ন্ত্ৰিত সময়ত মৌখিক যত্নৰ সামগ্ৰীত ব্যৱহাৰৰ বাবে এছএলএছ-ক নিৰাপদ বুলি গণ্য কৰিছে। ৰোগীসকলক দন্ত চিকিৎসকে অনুমোদন কৰা ফ্লুৰাইড টুথপেষ্টেৰে নিয়মিত ব্ৰাছ কৰাকে ধৰি ভল স্বাস্থ্যবিধি মানি মূখৰ স্বাস্থ্যক গুৰুত্ব দিবলৈ কোৱা হৈছে।
আমেৰিকান ডেণ্টিষ্ট্ৰি ইণ্টাৰনেচনাল ইউএছএ-ৰ, বিডিএছ, ফেল’ পিএফএ(পিয়েৰ ফ’চাৰ্ড একাডেমী), ড. অণুৰঞ্জনা ভিৰ্মানি-এ জোৰ দি কয় যে, বৈজ্ঞানিক সমৰ্থন অবিহনে এছএলএছ ক্ষতিকাৰক আৰু কাৰ্চিন’জেনিক বুলি লে্বেল লগোৱাৰ পিছতো টুথপেষ্টত ফলপ্ৰসু এণ্টিব্যাকটেৰিয়াল আৰু এণ্টিভাইৰাল উপাদান হিচাবে কাম কৰে। মূখৰ যত্নত ইয়াৰ ব্যৱহাৰত ইয়াক দিনটোত দুবাৰকৈ মাত্ৰ 2 মিনিটৰ বাবেহে মৃদু শতাংশ ব্যৱহাৰ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথাটো হল যে, এছএলএছ অণুটো অক্ষত ছালে শোষণ নকৰে, যিয়ে টুথপেষ্টত থকা এছএলএছৰ ফলত কেন্সাৰ হয় বুলি কৰা ভুৱা দাবীক নুই কৰে কিয়োনো ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। দশক দশক ধৰি মূখৰ কৰ্কট ৰোগৰ কোনো ধৰণৰ তথ্য নহোৱাকৈ এছএলএছ ব্যৱহাৰ কৰা হৈছে। মন কৰিবলগীয়া যে, এছএলএছ অণুটো অক্ষত ছালে শোষন নকৰে। গতিকে টুথপেষ্টত থকা এছএলএছৰ ফলত কেন্সাৰ হয় বুলি কোৱা কথাটো সম্পূৰ্ণ মিছা আৰু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।
সামৰণি: টুথপেষ্টত এছএলএছ-ৰ থকাৰ বাবে কেন্সাৰ হ’ব পাৰে বুলি কৰা ভাইৰাল দাবীটো ভুল বুলি প্ৰমানিত হৈছে। সুনামধন্য বৈজ্ঞানিক অধ্যয়ন আৰু নিয়ন্ত্ৰন সংস্থাৰ দ্বাৰা সমৰ্থিত কঠোৰ অণুসন্ধানসমূহে টুথপেষ্টত এছএলএছ-ৰ উপস্থিতি সম্পূৰ্ণ সুৰক্ষিত বুলি কোৱা তথ্যটোক ধাৰাবাহিকভাবে দৃঢ়তা প্ৰদান কৰে।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ