X
X

Fact Check : ভাইৰাল ছবিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈশৱৰ ছবি নহয়

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ছবিখন পিএম মোদীৰ শৈশৱৰ ছবি নহয়।

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত ভাইৰাল হোৱা এখন ছবি এগৰাকী মহিলা আৰু এজন শিশুক দেখা পোৱা যায়। ছবিখন লৈ দাবি কৰা হৈছে যে, ছবিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈশৱৰ ছবি, যত তেঁওক তেঁওৰ মাৰ লগত বহি থকা দেখা পোৱা যায়। 

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ছবিখন পিএম মোদীৰ শৈশৱৰ ছবি নহয়।

কি ভাইৰাল হৈ আছে

 ফেচবুক ব্যৱহাৰকাৰী  Suman dancer (Archive)-এ 10 জুন তাৰিখে নিজৰ একাউন্টত আপলড কৰিছে। ছবিৰ ওপৰত লিখা আছিল, “প্ৰধানমন্ত্ৰী মোদী আৰু তেঁওৰ মাতৃৰ সুন্দৰ ছবিক লাইক নকৰাকৈ নাযাব।” ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে যে, “অভিনেতাৰ ছবিত সকলোৱে লাইক দিয়ে, আজি চাঁও দিয়ক আমাক কিমান মানুহে লাইক দিয়ে”

এই দাবিটো আমি ৱাটচএপ টিপলাইন (9999499044) -ত ও লাভ কৰিছোঁ, যত ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যতা জানিব বিছাৰিছে।

তদন্ত

এই ছবিখন আদতেও ভুল দাবিৰ সৈতে ভাইৰাল হৈছে। তেতিয়াও বিশ্বাস নিউজে ইয়াৰ তদন্ত কৰিছিল। সেই সময়ত এই ছবিখনৰ সত্যতা জানিবলৈ আমি পোনপ্ৰথমতে ছবিখনৰ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰিলোঁ।  ইন্টাৰনেটত এই ছবিখন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ দাবিৰ সৈতেও ভাইৰাল হোৱা দেখা পোৱা যায়।

অনুসন্ধান প্ৰক্ৰিয়াত ভাইৰাল ছবিখনৰ সম্পূৰ্ণ অংশ মৰিয়ালা শ্ৰীনিৱাস নামৰ এটা ফেচবুক একাউন্টত পোৱা গল। এই প্ৰকৃত ছবিখনত অন্যান্য কিছু লোককও দেখা পোৱা যায়। 2020 চনৰ 3 মে তাৰিখে মৰিয়ালা শ্ৰীনিৱাসে এই ছবিখন শ্বেয়াৰ কৰি লিখিছিল যে, ছবিখন তেঁওৰ পৰিয়ালৰ হয়। তেঁও কৈছিল যে, ছবিত তেঁওৰ মাৰ লগত তেঁওৰ ভাতৃ বহি আছে আৰু তেঁওৰ পিতাৰ লগত তেঁওৰ ভনী বহি আছে আৰু মাজত মৰিয়ালা নিজে বহি আছে

তদন্তৰ পৰৱৰ্তী ধাপত বিশ্বাস নিউজে, পিএম মোদীৰ ভাইৰ লগতও যোগাযোগ কৰিছিল। তেঁও জঁনাইছিল যে, ভাইৰাল দাবিটো ভুল

তদন্তৰ শেষত বিশ্বাস নিউজে ভুল পোষ্ট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ তদন্ত কৰিলে। পেচবুক ব্যৱহাৰকাৰী Suman dancer-ৰ সামাজিক স্কেণিঙত গম পোৱা গল যে, ব্যৱহাৰকাৰীজনক ফেচবুকত প্ৰায়  21 হাজাৰ মানুহে অনুসৰণ কৰে। তেঁও দিল্লীৰ বাসিন্দা হয়। 

সামৰণি: বিশ্বাস নিউজৰ তদন্তত এই সত্য জানিবলৈ পোৱা গল যে, পিএম মোদী আৰু তেঁওৰ মাতৃৰ নামত সামাজিক মাধ্যমত ভাইৰাল হৈ থকা ছবিখন এজন ফেচবুক ব্যৱহাৰকাৰী মৰিয়ালা শ্ৰীনিৱাসৰ পৰিয়ালৰ হয়।

  • Claim Review : ছবিখন প্ৰধানমন্ত্ৰী মোদীৰ শৈশৱৰ ছবি
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later