X
X

Fact Check: পেট্ৰ’লৰ মূল্যৰ ভাইৰেল ‘ব্ৰেক-আপ’ ভুল, ৰাজ্যৰ হিচাপত সালসলনি হয় কৰ

নিষ্কৰ্ষ – বিশ্বাস নিউজৰ অনুসন্ধানত পেট্ৰ’লৰ মূল্যৰ ভাইৰেল ব্ৰেক-আপ ভুৱা বুলি প্ৰমাণিত হৈছে। প্ৰতিখন ৰাজ্যতে পেট্ৰ’লৰ ওপৰত আৰোপিক বিক্ৰী কৰ / ভেটৰ নিৰিখ পৃথক পৃথক। ইয়াৰ উপৰিও ইয়াত উল্লেখ কৰা ডীলাৰৰ কমিশ্যন আৰু কেন্দ্ৰ চৰকাৰৰ কৰৰ নিৰিখো বৰ্তমানৰ কৰ নিৰিখৰ সৈতে নিমিলে।

  • By: ameesh rai
  • Published: Feb 22, 2021 at 05:49 PM

বিশ্বাস নিউজ (নতুন দিল্লী) । ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ পেট্ৰ’লৰ মূল্যৰ এটা ‘ব্ৰেক-আপ’ ব্যাপকভাৱে ভাইৰেল হোৱা দেখা গৈছে। এই ভাইৰেল ব্ৰেক-আপত পেট্ৰ’লৰ মূল্যক ৰাজ্য আৰু কেন্দ্ৰৰ কৰ, বিতৰকৰ অংশ হিচাপত পৃথকে পৃথকে ভাগ কৰি থোৱা হৈছে। এই ভাইৰেল ‘ব্ৰেক-আপ’ৰ যোগেদি দাবী কৰা হৈছে যে কেন্দ্ৰ চৰকাৰৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰ’লৰ ওপৰত অধিক কৰ সংগ্ৰহ কৰি আছে।

বিশ্বাস নিউজৰ অনুসন্ধানত এই কথা জানিব পৰা গ’ল যে এই ভাইৰেল ‘ব্ৰেক-আপ’ সম্পূৰ্ণৰূপে ভুৱা। দেশৰ প্ৰতিখন ৰাজ্যতে পেট্ৰ’লৰ ওপৰত থকা বিক্ৰী কৰ/VAT ৰ নিৰিখ পৃথক পৃথক। ইয়াৰ উপৰিও ইয়াত উল্লেখ কৰা ডীলাৰৰ কমিচন বা বানচ আৰু কেন্দ্ৰ চৰকাৰৰ কৰৰ নিৰিখো শুদ্ধ নহয়।

কি ভাইৰেল হৈছে

বিশ্বাস নিউজৰ নিজস্ব ফেক্ট চেকিং হোৱাটছএপ্প চাট-বাট (+91 95992 99372) তো পেট্ৰ’লৰ মূল্যৰ এই চৰ্চিত ‘ব্ৰেক-আপ’ ফেক্ট-চেকৰ বাবে বিভিন্নজনে প্ৰেৰণ কৰিছে। কী-ৱৰ্ডেৰে বিচাৰ কৰোতে এই ভাইৰেল ‘ব্ৰেক-আপ’ ফেচবুকত ভাইৰেল হোৱাৰ বিষয়টো পোহৰলৈ আহিছে। ফে’চবুক ইউজাৰ DrRamniwas Manav এ এই ভাইৰেল ‘ব্ৰেক-আপ’ শ্বেয়াৰ কৰি লিখিছে, ‘পেট্ৰ’ল পাম্পবোৰত যেতিয়া এনেকুৱা ব’ৰ্ড লগোৱা হ’ব তেতিয়া জনসাধাৰণে নিজেই বুজি পাব যে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰ চৰকাৰ দায়ী নে তাতকৈ আঢ়ৈগুণ বেছি কৰ আৰোপ কৰা ৰাজ্য চৰকাৰ।’ এই পোষ্টটোত লিখা কথাখিনি নিজ ইচ্ছানুযায়ী ব্যৱহাৰ কৰা হৈছে। এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত ক্লিক কৰিও চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে সৰ্বপ্ৰথমে জৰুৰী কী-ৱৰ্ডবোৰৰ সহায়ত এই দাবীটো ইণ্টাৰনেটত বিচাৰি চাইছে। এই ক্ষেত্ৰত আমি ১৭ ফেব্ৰুৱাৰী ২০২১ তাৰিখে ফাইনেন্সিয়েল এক্সপ্ৰেছ সংবাদ প্ৰতিষ্ঠানৰ ৱেবছাইটত প্ৰকাশিত এটা ৰিপ’ৰ্ট লাভ কৰিলো। এই প্ৰতিবেদন বিত্তীয় বৰ্ষ ২০২১ ত ইন্ধন কৰৰ পৰা কেন্দ্ৰই লাভ কৰিবলগীয়া উপাৰ্জনৰ ওপৰত প্ৰস্তুত কৰা হৈছে। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিগত মঙলবাৰ, অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী ২০২১ তাৰিখে দিল্লীত পেট্ৰ’লৰ মূল্য অভিলেখ পৰিমাণে বৃদ্ধি পাইছিল আৰু প্ৰতিলিটাৰ পেট্ৰ’ল ৮৯.২৯ টকাকৈ বিক্ৰী হৈছিল। এই প্ৰতিবেদনত পেট্ৰ’লৰ মূল্যৰ ‘ব্ৰেক-আপ’ স্পষ্টকৈ উল্লেখ কৰা হৈছিল। এই ‘ব্ৰেক-আপ’ অনুসৰি দিল্লীত পেট্ৰ’লৰ ভিত্তিমূল্য (ডীলাৰৰ বাবে মূল্য) খুচুৰা মূল্য ৩৬ শতাংশ, ৰাজ্যৰ ভেট ২৩ শতাংশ পৰ্যন্ত আৰু চেণ্ট্ৰেল টেক্স প্ৰায় ৩৭ শতাংশ পৰ্যন্ত। এই প্ৰতিবেদন ইয়াত ক্লিক কৰি বিস্তাৰিত ৰূপত পঢ়িব পাৰিব।

প্ৰতিবেদনত উল্লেখ থকা তথ্যৰ স্ক্ৰীণশ্বট

ইণ্টাৰনেটত অনুসন্ধানৰ সময়ছোৱাত আমি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ ৱেবছাইটত দিল্লীত পেট্ৰ’লৰ মূল্যৰ বিল্ড-আপ লাভ কৰিলো। ১৬ ফেব্ৰুৱাৰী, ২০২১ তাৰিখৰ এই বিল্ড-আপ অনুসৰি দিল্লীত পেট্ৰ’লৰ ভিত্তিমূল্য প্ৰতিলিটাৰত ৩১.৮২ টকা, ফ্ৰেইট আদি ০.২৮ টকা, ডীলাৰৰ বাবে মূল্য (এক্সাইজ আৰু ভেট আঁতৰাই) ৩২.১০ টকা, এক্সাইজ ডিউটি (কেন্দ্ৰই লাভ কৰিবলগীয়া কৰ) ৩২.৯০ টকা, ডীলাৰৰ কমিশ্যন (গড়ে) ৩.৬৮ টকা, ভেট (ডীলাৰৰ কমিশ্যনৰ ভেটসহ ৰাজ্য চৰকাৰলৈ যাবলগীয়া কৰ) ২০.৬১ টকা। এই আটাইবোৰ মিলাই সাধাৰণ জনতাই এই মূল্য প্ৰতিলিটাৰত পৰিশোধ কৰিব লাগে ৮৯.২৯ টকাকৈ। এই মূল্যৰ বিল্ড-আপ তলত চাব দিয়াধৰণৰ –

এনেদৰে ভাৰত পেট্ৰ’লিয়ামৰ ৱেবছাইটতো ১৬ ফেব্ৰুৱাৰী ২০২১ তাৰিখৰ পেট্ৰ’লৰ মূল্য বিল্ডআপটো ইয়াত ক্লিক কৰি চাব পাৰিব। এই ব্ৰেকআপ ইণ্ডিয়ান অইলৰ সমকক্ষৰ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মূল্য ব্ৰেক-আপত ডীলাৰৰ কমিশ্যনৰ পৰা আৰম্ভ কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ কৰলৈ কোনো সংখ্যা বা গড়েই এই ৱেবছাইটতো উল্লেখ নাই আৰু সংশ্লিষ্ট সংখ্যাৰ সৈতেও কোনো মিল নাই, আনকি ইয়াৰ অনুপাতো বৰ্তমানৰ কৰ ব্যৱস্থাৰ সৈতে মিলা নাই।

ইণ্টাৰনেটত অনুসন্ধান চলোৱাৰ সময়ত আমি পেট্ৰ’লিয়াম প্লানিং এণ্ড এনালাইছিছ চেলৰ ৱেবছাইট /www.ppac.gov.in ত পেট্ৰ’লিয়ামৰ মূল্যৰ এটা শাখা দেখিবলৈ পাইছো। ইয়াত পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ ওপৰত প্ৰযোজ্য কৰ সন্দৰ্ভত সবিস্তাৰে উল্লেখ কৰা হৈছে। এই ৱেবছাইট অনুসৰি পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ ওপৰত প্ৰযোজ্য হ’বলগীয়া বিক্ৰী কৰ (ৰাজ্যই লাভ কৰিবলগীয়া কৰ) ৰাজ্যৰ হিচাপেৰে পৃথক পৃথক। যেনে অসমৰ বাবে পেট্ৰ’লৰ ওপৰত বিক্ৰী কৰ / ভেট ৩২.৬৬ শতাংশ বা ২২.৬৩ টকা (যিটোৱেই অধিক), আনফালে ছট্টিশগড়ৰ বাবে এই ২৫ শতাংশ ভেটৰ লগত ২ টকা অতিৰিক্ত ভেট প্ৰতিলিটাৰ পেট্ৰ’লত প্ৰযোজ্য হয়। দিল্লীক আকৌ এই ভেট হয়গৈ ৩০ শতাংশ। অৰ্থাৎ পৃথক পৃথক ৰাজ্যত কৰ হিচাপে পেট্ৰ’লৰ মূল্যও ভিন ভিন হয়। এই দিশটো ডিজেলৰ সৈতেও প্ৰযোজ্য। ভিন ভিন ৰাজ্যত কেনেধৰণৰ মূল্য প্ৰযোজ্য হয় সেয়া জানিবলৈ ইয়াত ক্লিক কৰি চাব পাৰিব।

বিশ্বাস নিউজে এই ভাইৰেল দাবীৰ সন্দৰ্ভত অল ইণ্ডিয়া পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যনৰ অধ্যক্ষ অজয় বাঞ্চালৰ সৈতে আলোচনা কৰে। শ্ৰী বাঞ্চালেও এই কথাৰ নিশ্চিতি প্ৰদান কৰি কয় যে প্ৰথম কথা হৈছে ডীলাৰৰ কমিশ্যনৰ সংখ্যাটোৱেই ভুল। তেওঁ আমাক এই কথাও কয় যে পৃথক পৃথক ৰাজ্যত পেট্ৰ’লৰ ওপৰত আৰোপিত কৰ ভিন ভিন হয়। সেইবাবে ৰাজ্য বিশেষে এই মূল্যও পৃথক পৃথক হয়।

বিশ্বাস নিউজে এই ভাইৰেল দাবী শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ DrRamniwas Manav ৰ প্ৰ’ফাইল স্কেন কৰো। প্ৰ’ফাইলত উল্লেখ কৰা তথ্য অনুসৰি এই ইউজাৰগৰাকী নাৰনোল, হাৰিয়ানাৰ নিবাসী।


নিষ্কৰ্ষঃ নিষ্কৰ্ষ – বিশ্বাস নিউজৰ অনুসন্ধানত পেট্ৰ’লৰ মূল্যৰ ভাইৰেল ব্ৰেক-আপ ভুৱা বুলি প্ৰমাণিত হৈছে। প্ৰতিখন ৰাজ্যতে পেট্ৰ’লৰ ওপৰত আৰোপিক বিক্ৰী কৰ / ভেটৰ নিৰিখ পৃথক পৃথক। ইয়াৰ উপৰিও ইয়াত উল্লেখ কৰা ডীলাৰৰ কমিশ্যন আৰু কেন্দ্ৰ চৰকাৰৰ কৰৰ নিৰিখো বৰ্তমানৰ কৰ নিৰিখৰ সৈতে নিমিলে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later