Fact Check : ভিয়েতনামৰ ভিডিঅ’ক ভাৰতৰ বুলি উল্লেখ কৰি ভাইৰাল কৰা হৈ আছে

বিশ্বাস নিউজৰ তদন্তত এই ভাইৰাল দাবি বিভ্ৰান্তিকৰ বুলি ঘোষণা কৰা হৈছে। ভাইৰাল ভিডিঅ'খনৰ ভাৰতৰ লগত কোনো সম্পৰ্ক নাই। প্ৰকৃততে এই ভিডিঅ'খন  2024 চনৰ সেপ্টেম্বৰ মাহত ভিয়েতনামত সংঘটিত টাইফুন ইয়াগী-ৰ বাবে হোৱা ধ্বংসৰ হয়, যিটোক কিছুমান ব্যৱহাৰকাৰীয়ে এতিয়া নেপালৰ জাহাজৰ বুলি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে। ভিডিঅ'টোৰ ভাৰত বা নেপালৰ সৈতে কোনো সম্পৰ্ক নাই।

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত এখন ভিডিঅ’ বহুত ভাইৰাল হৈ আছে, যত নৈ-ত নাও আৰু ক্ৰেনক পুলৰ লগত খুন্দা খাই থকা দেখা যায়। ভিডিঅ’ত কিছুসংখ্যক লোকক ভিডিঅ’ বনাই থকা দেখা গৈছে। এতিয়া কিছুমান ব্যৱহাৰকাৰীয়ে ভিডিঅ’খনক ভাৰতৰ বুলি শ্বেয়াৰ কৰি আছে। দাবি কৰা হৈ আছে যে, এয়া নেপালৰ জাহাজৰ ভিডিঅ’। 

বিশ্বাস নিউজৰ তদন্তত এই ভাইৰাল দাবি বিভ্ৰান্তিকৰ বুলি ঘোষণা কৰা হৈছে। ভাইৰাল ভিডিঅ’খনৰ ভাৰতৰ লগত কোনো সম্পৰ্ক নাই। প্ৰকৃততে এই ভিডিঅ’খন  2024 চনৰ সেপ্টেম্বৰ মাহত ভিয়েতনামত সংঘটিত টাইফুন ইয়াগী-ৰ বাবে হোৱা ধ্বংসৰ হয়, যিটোক কিছুমান ব্যৱহাৰকাৰীয়ে এতিয়া নেপালৰ জাহাজৰ বুলি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে। ভিডিঅ’টোৰ ভাৰত বা নেপালৰ সৈতে কোনো সম্পৰ্ক নাই।

 ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰী Mohammad Shahabuddin-এ 2 অক্টোৱৰ 2024 চন তাৰিখে ভাইৰাল ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে, “নেপালৰ পৰা বিহাৰলৈ অহা জাহাজখন বাগৰি গ’ল, তাৰ পিছত যি হ’ল, হে ভগৱান“

ভাইৰাল পোষ্টৰ আৰ্কাইভ লিঙ্ক ইয়াত চাব পাৰিব।

তদন্ত

ভাইৰাল দাবিৰ সত্যতা জানিবলৈ আমি ভিডিঅ’খনৰ কেইবাটাও কিফ্ৰেম ওলালো আৰু সেইসমূহক গুগ’ল ৰিভাৰ্ছ ইমেজৰ জৰিয়তে বিছাৰিলো। Traffic Safety Daily-ৰ ভেৰিফাইড এক্স হেণ্ডেলত এই দাবি সন্দৰ্ভত পোষ্ট এখন পোৱা গ’ল। 2024 চনৰ 10 চেপ্টেম্বৰ তাৰিখে শ্বেয়াৰ কৰা পোষ্টত এই ভিডিঅ’টোক ভিয়েতনামৰ বুলি উল্লেখ কৰা হৈছে।

অনুসন্ধান কৰি থাকোঁতে আমি ভাইৰাল ভিডিঅ’ সম্পৰ্কিত পোষ্ট nld.com.vn-ৰ ৱেবচাইটত পালোঁ। 2024 চনৰ 10 চেপ্টেম্বৰ তাৰিখে প্ৰকাশিত সংবাদত ৰেত ড্ৰেজেৰোঁ-ৰ পুলৰ লগত খুন্দা লগাৰ এই ঘটনাটোক ইয়েন বাই প্ৰান্তৰ লিউক ইয়েন জিলাৰ মাও ব্ৰিজৰ বুলি কোৱা হৈছে।

KENH14 NEWS -ৰ  কৰ্তৃত্বাধীন ইউটিউব চেনেলত  এই ভিডিঅ’ সন্দৰ্ভত ৰিপোৰ্ট পোৱা গ’ল। 2024 চনৰ 10 চেপ্টেম্বৰ তাৰিখে আপলোড হোৱা ৰিপোৰ্টত ইয়াক ভিয়েতনামৰ মাও ব্ৰিজৰ ঘটনা বুলি উল্লেখ কৰা হৈছে। 

অনুসন্ধান প্ৰক্ৰিয়াত ভিডিঅ’-ৰ লগত সম্পৰ্কিত বহুত অন্যান্য সংবাদ পোৱা গ’ল। যিসমূহক ইয়াত পঢ়িব পাৰিব।

আমি ভিডিঅ’খন নেপালৰ ফেক্ট চেকিং ৱেবচাইট-ৰ সম্পাদক দীপক অধিকাৰীৰ লগত শ্বেয়াৰ কৰিলোঁ। তেঁও আমাক জঁনালে যে ভিডিঅ’টো নেপালৰ নহয়।

শেষত আমি ভিডিঅ’ শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীক স্কেন কৰিলোঁ। এয়া জানিব পৰা গ’ল যে, ব্যৱহাৰকাৰীজনক 5 হাজাৰত কৈ অধিক মানুহে অনুসৰণ কৰে। ব্যৱহাৰকাৰীজনে নিজক দিল্লীৰ বাসিন্দা বুলি ঘোষণা কৰিছে।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত এই ভাইৰাল দাবি বিভ্ৰান্তিকৰ বুলি ঘোষণা কৰা হৈছে। ভাইৰাল ভিডিঅ’খনৰ ভাৰতৰ লগত কোনো সম্পৰ্ক নাই। প্ৰকৃততে এই ভিডিঅ’খন  2024 চনৰ সেপ্টেম্বৰ মাহত ভিয়েতনামত সংঘটিত টাইফুন ইয়াগী-ৰ বাবে হোৱা ধ্বংসৰ হয়, যিটোক কিছুমান ব্যৱহাৰকাৰীয়ে এতিয়া ভাৰতৰ লগত যুক্ত কৰি ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে। 

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস