X
X

Fact Check: পাকিস্তানত টকা-পইচাক লৈ হোৱা হিংসাত্মক সংঘৰ্ষৰ ভিডিঅ’ক ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে এই ভিডিঅ’ প্ৰায় 8 মাহ আগৰ হয়। তেতিয়া কৰাচীৰ নেভাল কলোনীত দুটা ফৈদৰ মাজত টকা-পইচাৰ লেনদেনক কেন্দ্ৰ কৰি ফায়াৰিং হৈছিল। এই ঘটনাৰ ভিডিঅ’ৰ লগত যিবোৰ কথা ভাইৰেল কৰা হৈ আছে, সেয়া ভুল হয়। সেই ঘটনাত বহুকেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু এতিয়া 51 জন মানুহৰ মৃত্যু হোৱা বুলি যি দাবী কৰা হৈ আছে, সেয়া ভুৱা হয়।

  • By: Umam Noor
  • Published: May 30, 2023 at 05:51 PM

নতুন দিল্লী (বিশ্বাস নিউজ) ছ’চিয়েল মিডিয়াত পাকিস্তানৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে, তাত দেখা পোৱা গৈ আছে যে কেইজনমান মানুহে ফায়াৰিং কৰি আছে, আৰু কিছুমান মানুহে অ’ত-ত’ত পলাই আছে। ইউজাৰে এই ভিডিঅ’ক শ্বেয়াৰ কৰি এই দাবী কৰিছে যে, ফায়াৰিং-ৰ এই ঘটনা সেই সময়ত সংঘটিত হৈছে, যেতিয়া এটা গাধ মছজিদৰ ভিতৰত সোমাই যোৱাৰ পাছত সেইটোক দেখা পাই মৌলৱীয়ে গুলী চলাই দিছিলে আৰু সেই ঘটনা ইমান ডাঙৰ হৈ গ’ল যে সেই ঘটনাত 51 জন মানুহৰ মৃত্যু হৈছে আৰু বহু কেইজন আঘাতপ্ৰাপ্ত হৈছে।

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, যিটো ভিডিঅ’ক ভাইৰেল কৰা হৈছে, সেইটো 8 মাহ আগৰ হয়। তেতিয়া কৰাচীৰ নেভাল কলোনীৰ দুটা ফৈদৰ মাজত টকা-পইচা লেনদেনক লৈ ফায়াৰিং হৈছিল। এই ঘটনাৰ লগত যি কাহিনী ভাইৰেল কৰা হৈ আছে সেয়া ভুল হয় আৰু এই ফায়াৰিং-ত বহু কেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছিল, কিন্তু 51 জন মানুহৰ মৃত্যু হোৱা বুলি যি দাবী কৰা হৈছে সেয়া ভুৱা হয়।

ভাইৰেল পোষ্টত কি আছে?

ফেচবুক ইউজাৰ ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ”গাধই গাধক গুলী মাৰিছে। গাধটোক খেদি দিয়া হ’লে হে ভাল হ’ল হেঁতেন। পাকিস্তানৰ মছজিদত গাধ সোমাই গৈছিল, তেতিয়া সেই মছজিদৰ মৌৱৱীয়ে গাধক গুলী মাৰিলে, গাধৰ গৰাকীয়ে বন্দুক লৈ আহিলে আৰু মছজিগত নমাজ পঢ়ি থকা 11 জনক মাৰি পেলালে, মছজিদৰ ইমামে গাধৰ গৰাকীৰ গাঁওত আক্ৰমণ চলাই 33 জন মুছলমান গাঁওবাসীক মাৰি পেলালে। মুঠ 51 জনৰ মৃত্যু হ’ল আৰু বহু কেইজন আঘাতপ্ৰাপ্ত হ’ল। হে, পাকিস্তানৰ অজ্ঞানীসকল, গধাক খেদি দিব লাগিছিল।”

পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

তদন্ত

আমি তদন্ত আৰম্ভ কৰি পোন প্ৰথমতে ভাইৰেল ভিডিঅ’টোক ভালকৈ চালোঁ। ভিডিঅ’ৰ 1 মিনিট 40 ছেকেণ্ডৰ ফ্ৰেমত আমি ”Concepts Collegiate”-ৰ বিলবোৰ্ড দেখা পাইছিলোঁ। গুগল-ত ”Concepts Collegiate”-ক লৈ ছাৰ্চ কৰোঁতে গম পালোঁ যে, এয়া কৰাচীৰ নেভাল কলোনীৰ এটা কোচিং হয়।

”Concepts Collegiate” কোচিং চেণ্টাৰে আমাক ভিডিঅ’টো সম্বন্ধীয় তথ্য যুগুত কৰি কৈছে যে এই হিংসাত্মক সংঘৰ্ষ যোৱা বছৰ তেওঁলোকৰ কোচিং চেণ্টাৰৰ ওচৰত সংঘটিত হৈছিল। কিন্তু ভাইৰেল দাবীত যি কথা শ্বেয়াৰ কৰা হৈ আছে, সেয়া সম্পূৰ্ণ ভুল হয়।

এই তথ্যৰ ভিত্তিত আমি তদন্ত আগুৱাই লৈ যাওঁতে কীৱৰ্ড দি ছাৰ্চ কৰি চালোঁ। ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ, ব্ৰেকিং আপডেটছ নামৰ ফেচবুক পেজত 9 চেপ্টেম্বৰ 2022-ত এটা পোষ্ট শ্বেয়াৰ হৈছিল। সেই পোষ্টত লিখা আছে, ”কৰাচী বলদিয়া টাউনৰ নেভাল কলোনীত দুটা ফৈদৰ মাজত কাজিয়া। এলেকাখন ফায়াৰিং-ৰ শব্দত কঁপি উঠিছে। বাছ ক্ৰয়-বিক্ৰয় সম্বন্ধীয় টকা-পাইচা লেনদেনক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত। ফায়াৰিং-ত আঘাতপ্ৰাপ্ত দুইজন এতিয়া অসামৰিক হস্পিটেলত ভৰ্তি।”

ছাৰ্চ কৰি থাকোঁতে দেখা পালোঁ, ‘চিচিটিভি ভিউজ’ আৰু ‘কৰাচী পোষ্ট নেটৱৰ্ক’ নামৰ ইউটিউব চেনেলতো সেই ভিডিঅ’ আপলোড হৈছিল 2022-ৰ চেপ্টেম্বৰত। তাত তকা কেপচনত লিখা আছে, ”কৰাচীৰ নেভাল কলোনীত দুটা ফৈদৰ মাজত ফায়াৰিং।”

পাকিস্তানৰ বাতৰি কাকত জংগ নিউজৰ ৱেবছাইটত 10 চেপ্টেম্বৰ 2022-ত এই একে ঘটনাৰ বাতৰি প্ৰকাশ পাইছিল এনেদৰে, “কৰাচীৰ বলদিয়া টাউনৰ নেভাল কলোনীত দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত দুই জনৰ গাত গুলি লাগিছে। তেওঁলোক দুয়োজনেই আঘাতপ্ৰাপ্ত হৈছে। আনহাতে, গোটেই এলেকাখন ৰণক্ষেত্ৰ হৈ পৰিছে। আঘাতপ্ৰাপ্তসকলক অসামৰিক হস্পিটেলত ভৰ্তি কৰা হৈছে। আৰক্ষীয়ে জনাইছে যে, বাছ ক্ৰয়-বিক্ৰয় সম্বন্ধীয় টকা-পইচা লেনদেনক কেন্দ্ৰ কৰি সেই সংঘৰ্ষ সংঘিটত হৈছিল।” সম্পূৰ্ণ বাতৰিটো ইয়াত পঢ়িব পৰা যাব।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত গম পালোঁ যে, এইজন ইউজাৰক 2097 জন মানুহে ফলো কৰে।  

নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে এই ভিডিঅ’ প্ৰায় 8 মাহ আগৰ হয়। তেতিয়া কৰাচীৰ নেভাল কলোনীত দুটা ফৈদৰ মাজত টকা-পইচাৰ লেনদেনক কেন্দ্ৰ কৰি ফায়াৰিং হৈছিল। এই ঘটনাৰ ভিডিঅ’ৰ লগত যিবোৰ কথা ভাইৰেল কৰা হৈ আছে, সেয়া ভুল হয়। সেই ঘটনাত বহুকেইজন মানুহ আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু এতিয়া 51 জন মানুহৰ মৃত্যু হোৱা বুলি যি দাবী কৰা হৈ আছে, সেয়া ভুৱা হয়।

  • Claim Review : ইউজাৰে এই ভিডিঅ’ক শ্বেয়াৰ কৰি এই দাবী কৰিছে যে, ফায়াৰিং-ৰ এই ঘটনা সেই সময়ত সংঘটিত হৈছে, যেতিয়া এটা গাধ মছজিদৰ ভিতৰত সোমাই যোৱাৰ পাছত সেইটোক দেখা পাই মৌলৱীয়ে গুলী চলাই দিছিলে আৰু সেই ঘটনা ইমান ডাঙৰ হৈ গ’ল যে সেই ঘটনাত 51 জন মানুহৰ মৃত্যু হৈছে আৰু বহু কেইজন আঘাতপ্ৰাপ্ত হৈছে।
  • Claimed By : FB User: Kanchan Gaikwad
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later