বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবীটো ভুৱা আছিল। দৰাচলতে, ভিডিঅ’টো আবু ঢাবিৰহে, তুৰ্কীৰ নহয়।
নতুন দিল্লী, বিশ্বাস নিউজ। এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে য’ত এটা অট্টালিকাত জুই লগা দেখা গৈছে। ভিডিঅ’টো তুৰ্কী ভিডিঅ’ বুলি সামাজিক মাধ্যমত দাবী কৰা হৈছে। পিছে বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবীটো মিছা। দৰাচলতে, এই ভিডিঅ’টো আবু ঢাবিৰহে।
কি এই ভাইৰেল পোষ্ট?
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ফুটেজটোৰ সৈতে লিখা হৈছে – “Turkey. A fire broke out in an entire residential tower in the center of the stricken city of Bodrum” ইয়াৰ অসমীয়া অনুবাদ – “তুৰ্কী। বডৰুমৰ কেন্দ্ৰত থকা এটা সম্পূৰ্ণ আৱাসিক টাৱাৰত সংঘটিত হৈছে অগ্নিকাণ্ড”
এই পোষ্টটোৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰিব।
অনুসন্ধান
আমি গুগল ৰিভাৰ্চ ইমেজৰ জৰিয়তে এই ভিডিঅ’টোৰ কীফ্ৰেমবোৰ অনুসন্ধান কৰিছিলো। অনুসন্ধান কৰি, আমি ১৮ জুন, ২০২১ তাৰিখে The National News ভেৰিফাইড ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ’টো পাইছিলো। ভিডিঅ’টোৰ সৈতে লিখা বৰ্ণনা অনুসৰি, ভিডিঅ’টো আবু ঢাবিৰ।
এই ভিডিঅ’টো আমি Ahsoon Vlogs নামৰ ইউটিউব চেনেলতো একেই বৰ্ণনাৰে দেখিবলৈ পাইছিলো যে এয়া আবু ঢাবিৰ দৃশ্য।
আমি এই সন্দৰ্ভত এটা বাতৰি gulfnews.com তো দেখিবলৈ পাইছিলো। বাতৰি অনুসৰি, ঘটনাটো আবু ঢাবিৰ আল মামুৰা অঞ্চলত সংঘটিত হৈছিল।
আমি বিষয়টো সম্পৰ্কে টুইটাৰৰ জৰিয়তে গাল্ফ নিউজৰ সাংবাদিক চামিহা জামানৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ প্ৰতিক্ৰিয়াস্বৰূপে নিশ্চিত কৰিছিল যে ঘটনাটো আবু ঢাবিৰ আল মামুৰা অঞ্চলত সংঘটিত হৈছিল। তেওঁ কৈছিল যে অগ্নিকাণ্ড ১৭ জুনত সংঘটিত হৈছিল।
ভিডিঅ’টো বহুতে মিছা দাবীৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। তেওঁলোকৰ এজন হৈছে ‘খালেদ ৰাহাল’ নামৰ এজন ফেচবুক ব্যৱহাৰকাৰী। প্ৰ’ফাইল অনুসৰি, ব্যৱহাৰকাৰীজনৰ ফেচবুকত ১২৫ গৰাকী অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই দাবীটো ভুৱা আছিল। দৰাচলতে, ভিডিঅ’টো আবু ঢাবিৰহে, তুৰ্কীৰ নহয়।
আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ