Fact Check : 2016-ত ফ্ৰান্স-ৰ নীছত হোৱা আক্ৰমণৰ ভিডিঅ’, আকৌ এবাৰ সাম্প্ৰতিক সময়ৰ বুলি ভাইৰাল কৰা হৈ আছে

Fact Check : 2016-ত ফ্ৰান্স-ৰ নীছত হোৱা আক্ৰমণৰ ভিডিঅ’, আকৌ এবাৰ সাম্প্ৰতিক সময়ৰ বুলি ভাইৰাল কৰা হৈ আছে

নতুন দিল্লী(বিশ্বাস নিউজ) সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰাল হৈ আছে যত পথত তেজত তিতি থকা মৃতদেহ দেখা পোৱা গৈছে। পোষ্টৰ মাধ্যমে কোৱা হৈছে যে এয়া ফ্ৰান্সৰ মুছলমান শৰনাৰ্থীসকলে শ্বেতাঙ্গ লোকসকলৰ ওপৰত কৰা আক্ৰমণৰ ভিডিঅ’ হয়। 

বিশ্বাস নিউজে তদন্ত কৰিলে আৰু এয়া পোহৰলৈ আহিলে য, ভিডিঅ’টো 2016-ৰ হয়। যেতিয়া ফ্ৰান্সৰ নীছত এজন ট্ৰাক ড্ৰাইভাৰে বহুত লোকক গাড়িৰ তলত মহতিয়াই নিলে।

ভাইৰাল পোষ্টকত কী আছে?

ভাইৰাল পোষ্টটোক 2024 চনৰ  2 আগষ্ট তাৰিখে শ্বেয়াৰ কৰি ফেচবুক ব্যৱহাৰকাৰী Suresh Chand-এ লিখিছে যে, “ ফ্ৰান্স এখন বিকশিত দেশ কিন্তু তাত মুছলমানসকলে কি অৱস্থা কৰি আছে। ফ্ৰান্সৰ দৰে এখন বিকশিত দেশত, মুছলমানসকলে নিজৰ দেশতে ফ্ৰান্সৰ বাসিন্দাসকলৰ কি অৱস্থা কৰিছে চাওক।সাৱধান সাৱধান সাৱধান।”

এই পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাব পাৰিব।

তদন্ত

ভাইৰাল দাবি আগতেও এবাৰ ভুল বিষয়ে ভাইৰাল হৈছিল। তেতিয়াও বিশ্বাস নিউজে ইয়াৰ তদন্ত কৰিছিল। তেতিয়া ভাইৰাল ভিডিঅ’-ৰ সত্যতা জানিবলৈ, আমি ভাইৰাল ক্লিপৰ স্ক্ৰীনশ্বটসমূহক গুগল লেঞ্চত বিছাৰিছিল। আমি ভাইৰাল ভিডিঅ’-ৰ সম্পূৰ্ণ সংষ্কৰণ ইণ্ডিয়ান এক্সপ্ৰেছ-ৰ ইউটিউব চ্যানেলত 2016 চনৰ  8 জুলাই তাৰিখে আপলোড হোৱা পাইছিলো। লগতে লিখা আছিলে “Nice Attack: The Aftermath “

 নীছ আক্ৰমণ সন্দৰ্ভত এটা সংবাদ 2016-ৰ  16  জুলাই তাৰিখে  দা গাৰ্ডিয়ান-ৰ ৱেবচাইটতও আপলড হোৱা পাইছিলো। সংবাদ মতে, ইছলামিক ৰাজ্যই নীছত ট্ৰাক দুৰ্ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে, যত 84 জন নিহত হৈছিল আৰু 200-ত কৈ অধিক  লোক আহত হৈছিল আৰু বৃহস্পতিবাৰ ৰাতি বেষ্টিল দিৱসৰ আতচবাজী উদযাপনত সমাৰোহতও হত্যাকাণ্ড সংঘটিত হৈছিল।  

আমি এই সন্দৰ্ভত দৈনিক জাগৰণৰ আন্তৰ্জাতিক বিষয় কভাৰ কৰা সাংবাদিক জে.পি ৰঞ্জনৰ লগত কথা পাতিছিলো। তেঁও আমাক নিশ্চিত কৰিছিল যে, ভিডিঅ’টো 2016-ত হোৱা নীছ আক্ৰমণৰ পিছৰ ভিডিঅ’ আৰু ইয়াৰ ফ্ৰান্সত সাম্প্ৰতিক সময়ত হোৱা হিংসাৰ লগত কোনো সম্পৰ্ক নাই

চাৰ্চৰ ভিডিঅ’টোক সুৰেছ চন্দ নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে ভুল দাবিৰ সৈতে আপলড কৰিছিল। ব্যৱহাৰকাৰীজনৰ 2000-ত কৈ অধিক অনুসৰণকাৰী আছে। 

সামৰণি: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’টো কোনো সাম্প্ৰতিক ঘটনাৰ নহয়, আনকি এয়া  2016 চনৰ হয়, যেতিয়া নীছত এজন ট্ৰাক ড্ৰাইভাৰে বহুত লোকক গাড়িৰ তলত মহতিয়াই নিছিলে। 

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস