Fact Check: মণিপুৰত নাৰীৰ বিৰুদ্ধে হোৱা হিংসাৰ ভিডিঅ’ ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে ভাইৰেল হৈ আছে

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, যিটো দাবী ভাইৰেল কৰা হৈ আছে, সেয়া ভুৱা হয়। তদন্ত কৰি থাকোঁতে আমি গম পাইছোঁ যে, যিসকলে উৰ্দি পিন্ধি আছে তেওঁলোকে মণিপুৰৰ সংগঠন ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (মণিপুৰ)-ৰ উগ্ৰপন্থী হয়। তদুপৰি, ভিডিঅ’ত যি গৰাকী মহিলাক হিংসাৰ মুখত পৰা দেখা পোৱা গৈছে, তেওঁ ড্ৰাগ ডীলাৰ হয় বুলি অভিযোগ, আৰু সেই বাবেই তেওঁৰ উপৰত অত্যাচাৰ চলোৱা হৈছে। ভিডিঅ’টোক ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।

Fact Check: মণিপুৰত নাৰীৰ বিৰুদ্ধে হোৱা হিংসাৰ ভিডিঅ’ ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে ভাইৰেল হৈ আছে

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দেখা পোৱা গৈ আছে, উৰ্দিধাৰীসকলে এগৰাকী মহিলাক নিৰ্দয় ভাৱে পিটি আছে। এই ভিডিঅ’ক শ্বেয়াৰ কৰি কেইজন মান ইউজাৰে দাবী কৰি আছে যে, মণিপুৰত এগৰাকী মুছলমান মহিলাৰ উপৰত আৰক্ষীয়ে অত্যাচাৰ চলাই আছে, আনহাতে আন কেইজন মান ইউজাৰে এই ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে, মহিলাৰ উপৰত যিসকলে অত্যাচাৰ চলাইছে, তেওঁলোকে গোৰক্ষক হয়, মহিলা গৰাকী মুছলমান হয় কাৰণে অত্যাচাৰৰ চিকাৰ হৈছে। 

বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, যিটো দাবী ভাইৰেল কৰা হৈ আছে, সেয়া ভুৱা হয়। তদন্ত কৰি থাকোঁতে আমি গম পাইছোঁ যে, যিসকলে উৰ্দি পিন্ধি আছে তেওঁলোকে মণিপুৰৰ সংগঠন ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (মণিপুৰ)-ৰ উগ্ৰপন্থী হয়। তদুপৰি, ভিডিঅ’ত যি গৰাকী মহিলাক হিংসাৰ মুখত পৰা দেখা পোৱা গৈছে, তেওঁ ড্ৰাগ ডীলাৰ হয় বুলি অভিযোগ, আৰু সেই বাবেই তেওঁৰ উপৰত অত্যাচাৰ চলোৱা হৈছে। ভিডিঅ’টোক ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।

ভাইৰেল পোষ্টত কি আছে?

এক্স ইউজাৰে ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, ‘ভাৰতৰ ঘৃণ্য ছবি, ভাৰতৰ মণিপুৰ ৰাজ্যত সৈনিকসকলে ওৰণি পিন্ধা মুছলমান মহিলাক নিৰ্দয় ভাবে পিটি আছে।’

আন এজন ইউজাৰে আকৌ এই ভিডিঅ’টোকে শ্বেয়াৰ কৰি লিখিছে, “ভাৰতৰ মণিপুৰ ৰাজ্য গোৰক্ষকসকলে এগৰাকী মুছলমান মহিলাক নিৰ্দয় ভাৱে পিটি আছে… এই ভিডিঅ’টোক যিমান পাৰে বেছিকৈ শ্বেয়াৰ আৰু ৰিটুইট কৰক।” 

পোষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

তদন্ত

আমি নিজৰ তদন্ত আৰম্ভ কৰি পোন প্ৰথমতে গুগল লেঞ্চৰ জৰিয়তে ভাইৰেল ভিডিঅ’ৰ কী-ফ্ৰেম উলিয়াইছিলোঁ। ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ যে, ভাইৰেল ভিডিঅ’টো এটা ফেচবুক পেজত আপলোড হৈ আছে। তাত ভিডিঅ’ৰ লগত এটা তথ্য দিয়া আছে। সেই তথ্য অনুসৰি, এয়া এগৰাকী ড্ৰাগ ডীলাৰক পিটন দিয়াৰ ভিডিঅ’ হয়।  

সেই পোষ্টতে আমি অধিক ভাল কোৱালিটিত ভাইৰেল ভিডিঅ’টোৰ আৰু এটা ফ্ৰেম পাইছোঁ। তাত যিসকলক পিটন দি থকা দেখা পোৱা গৈ আছে তেওঁলোকেও মহিলা হয়, তেওঁলোকৰ উৰ্দিত ‘এমপিএ’ লিখা আছে আৰু তাত ৰঙা বেজ দেখা পোৱা গৈ আছে। 

  আমি নিজৰ তদন্তক আগবঢ়াই ‘এমপিএ মণিপুৰ’ কী-ৱৰ্ড ব্যৱহাৰ কৰি অ’পেন ছাৰ্চ কৰিছোঁ। ছাৰ্চ কৰি থাকোঁতে আমি এই নামতে এটা ফেচবুক পেজ পাইছোঁ। সেই পেজত আমি বহু কেইটা ভিডিঅ’ আৰু ছবি দেখা পাইছোঁ। সেই ভিডিঅ’ আৰু ছবিবোৰতো সেই একেবোৰ দৃশ্য দেখা পোৱা গৈ আছে, যিবোৰ সেই ভাইৰেল ভিডিঅ’ত দেখা পোৱা গৈছে। সেই ভিডিঅ’ আৰু ছবিবোৰত বহু কেইখন উৰ্দিত এমপিএ লিখা থকা দেখা পোৱা গৈ আছে আৰু ভাইৰেল ভিডিঅ’ত যি বেজ দেখা পোৱা গৈছে, সেটা সেই পেজৰ ভিডিঅবোৰতো দেখা পোৱা গৈছে।  

ইমান পৰে তদন্তত এয়া স্পষ্ট হৈ গৈছে যে, ভাইৰেল ভিডিঅ’ত এমপিএ উগ্ৰপন্থীসকলক দেখা পোৱা গৈছে। আমি এমপিএ-ইউএনএলএফ’ৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰিছিলোঁ। ছাউথ এছিয়া টেৰৰিজম প’ৰ্টেলত থকা তথ্য অনুসৰি, “ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (ইউএনএলএফ) হ’ল মণিপুৰ ৰাজ্যৰ আটাইতকৈ পুৰণি মেইতেই উগ্ৰপন্থী গোট হয়। স্বাধীনতা লাভৰ উদ্দেশ্যৰে অৰিমবম সুমৰিন্দৰ সিঙৰ নেতৃত্বত 24 নৱেম্বৰ 1964 তাৰিখত এই সংগঠন প্ৰতিষ্ঠাপিত হৈছিল। ইউএনএলএফ-এই সশস্ত্ৰ শাখা মণিপুৰ পিপলছ আৰ্মি (এমপিএ) গঠন কৰিছিল।”

ভাইৰেল পোষ্টৰ সৈতে যিবোৰ সাম্প্ৰদায়িক দাবী কৰা হৈছে সেইবোৰক লৈ আমি তদন্ত আগবঢ়াইছিলোঁ। তেতিয়া ছাৰ্চ কৰি থাকোঁতে আমি ফেচবুক পেজত আপলোড হোৱা ভিডিঅ’বোৰত দেখা পোৱা মহিলাৰ ছবিৰ সৈতে আন আৰু বহুতো ছবি দেখা পাইছোঁ। তাত থকা তথ্য অনুসৰি, এই মহিলা এগৰাকী ড্ৰাগ ডীলাৰ হয়। 

তদন্তক আগবঢ়াই আমি মণিপুৰ আৰক্ষীৰ আধিকাৰিক এক্স-হেণ্ডলক চালি-জাৰি চাইছোঁ। ছাৰ্চ কৰি থাকোঁতে আমি উক্ত ভাইৰেল ভিডিঅ’ক লৈ মণিপুৰ আৰক্ষীৰ ৰিপ্লাই পোষ্ট দেখা পাইছোঁ। তাত কোৱা হৈছে যে, উক্ত ভিডিঅ’ৰ সৈতে যিবোৰ সাম্প্ৰদায়িক দাবী কৰা হৈছে, সেইবোৰ ভুৱা হয়। মণিপুৰ আৰক্ষীয়ে পোষ্ট কৰি লিখিছে, “কিছুমান উৎপতীয়াই এগৰাকী মহিলাক এই অভিযোগত পিটিছে যে তেওঁ মাদক দ্ৰব্যৰ চোৰাংচোৱা কৰি আছিল। আৰক্ষীয়ে এই বিষয়ত এটা গোচৰ দাখিল কৰিছে। ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই।”  

ভাইৰেল ভিডিঅ’ক লৈ নিশ্চিত হোৱাৰ বাবে আমি মণিপুৰত এএনআই ৰিপ’ৰ্টাৰৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁ আমাক কৈছে, “ভাইৰেল ভিডিঅ’ত যিসকল উৰ্দিধাৰী মহিলাক দেখা পোৱা গৈ আছে, তেওঁলোক ইউএনএলএফ-ৰ এমপিএ শাখাৰ সদস্য হয়। তেওঁলোকেই সেই মহিলা গৰাকীক ড্ৰাগ ডীলিঙৰ অভিযোগত পিটিছিলে।” 

ইয়াৰ পাছত আমি ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰিছিলোঁ। তেতিয়া গম পালোঁ যে, সেইজন ইউজাৰ মীৰাটৰ মানুহৰ হয়। 

উপসংহাৰ: বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছোঁ যে, যি দাবীক ভাইৰেল কৰা হৈ আছে সেয়া ভুৱা হয়। তদন্তত আমি গম পাইছোঁ যে, যিসকলে উৰ্দি পিন্ধি আছে, তেওঁলোকে মণিপুৰৰ সংগঠন ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (এমপিএ)-ৰ উগ্ৰপন্থী হয়। তদুপৰি, ভিডিঅ’ত যিগৰাকী মহিলাক হিংসাৰ মুখত পৰা দেখা পোৱা গৈছে, তেওঁৰ বিৰুদ্ধে অভিযোগ, তেওঁ ড্ৰাগ ডীলাৰ হয়, আৰু সেই কাৰণেই তেওঁৰ বিৰুদ্ধে হিংসাত্মক অত্যাচাৰ চলোৱা হৈছে। সেই ভিডিঅ’টোক ভুৱা সাম্প্ৰদায়িক দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।  

False
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস