Fact Check: ক’ভিড-১৯ ভেকচিন নভৰোৱাকৈ বেজী দিয়াৰ ঘটনাৰ ভিডিঅ’ বিহাৰৰ ছাপড়া জিলাৰহে, উত্তৰ প্ৰদেশৰ বুলি হৈছে ভাইৰেল
‘উপসংহাৰ – ভেকছিন নভৰোৱাকৈ এজন যুৱকক খালী চিৰিঞ্জেৰে বেজী দিয়া ঘটনাৰ ভিডিঅ’ বিহাৰৰ ছপড়াৰ, যিটো বিভ্ৰান্তিকৰ দাবীৰে উত্তৰ প্ৰদেশৰ নামত ভাইৰেল কৰা হৈছে।
- By: Abhishek Parashar
- Published: Jul 13, 2021 at 12:10 AM
- Updated: Jul 13, 2021 at 12:13 AM
নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ থকা এটা ভিডিঅ’ত দেখা গৈছে যে একাংশ লোকক টীকাকৰণ কেন্দ্ৰত বেজী দি থকা হৈছে। এই ভিডিঅ’ৰ সৈতে দাবী কৰা হৈছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো উত্তৰ প্ৰদেশৰ এটা টীকাকৰণ কেন্দ্ৰৰ, য’ত এগৰাকী নাৰ্চে ভেকছিন নভৰোৱাকৈয়ে এজন যুৱকৰ দেহত এটা খালী চিৰিঞ্জ লগাইছে।
বিশ্বাস নিউজৰ তদন্তত এই দাবীটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ভাইৰেল হৈ থকা ভিডিঅ’টো প্ৰকৃত বা আচল, কিন্তু এইটো বিহাৰৰ চপড়া চহৰৰহে, যিটো এতিয়া বিভ্ৰান্তিকৰ দাবীৰে উত্তৰ প্ৰদেশৰ নামত ভাইৰেল কৰা হৈছে।
কি এই ভাইৰেল পোষ্ট?
ছ’চিয়েল মিডিয়া ইউজাৰ ‘punit balduwa IYC’ এ এই ভাইৰেল ভিডিঅ’ (আৰ্কাইভ লিংক)টো শ্বেয়াৰ কৰি লিখিছে – ”নাৰ্ছগৰাকীয়ে এই বেজীটোত কেতিয়া ঔষধ ভৰাইছিল, সেয়া যদি কোনো অন্ধ ভক্তই দেখিছিল, তেন্তে আমাক নিশ্চয় জনাওক, আৰু এনেদৰেই উত্তৰ প্ৰদেশত টীকাকৰণ চলি আছে।”
বিভিন্ন সামাজিক মাধ্যমত আন বহুতো ব্যৱহাৰকাৰীয়ে একে ধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰিছে।
অনুসন্ধান
এই ভিডিঅ’ৰ সত্যতা নিৰূপণৰ বাবে কৰা অনুসন্ধানত, আমি ভিডিঅ’টো বিভিন্ন নিউজ ৱেবছাইটৰ প্ৰতিবেদনত পাইছিলোঁ। ভিডিঅ’টো ২৫ জুনত প্ৰভাত খবৰৰ ভেৰিফাইড ইউটিউব চেনেলত আপলোড কৰা হৈছে।
উল্লেখিত তথ্য অনুসৰি, ‘ভাইৰেল হৈ থকা ভিডিঅ’টো ছপড়া চহৰৰহে, য’ত এগৰাকী নাৰ্চে ভেকছিন অবিহনে যুৱক এগৰাকীক খালী বেজী দিছিল। নাৰ্চগৰাকীক ইতিমধ্যে কামৰ পৰা আঁতৰাই দিয়া হৈছে আৰু গোচৰটোৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছত তৎকালীন পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইফালে নাৰ্চগৰাকীয়ে মানৱীয় ত্ৰুটিৰ কথা উল্লেখ কৰি ক্ষমাও বিচাৰিছে।’
আমি ভিডিঅ’টো OneIndia.com ৱেবছাইটত আৰু ‘বিহাৰ তক’ৰ ফেচবুক পেজতো পাইছিলোঁ। ইয়াত দিয়া তথ্যমতে, ভিডিঅ’টো বিহাৰৰ ছপড়া চহৰৰ বুলি কোৱা হৈছে।
২৫ জুনত ‘দৈনিক জাগৰণ’ত প্ৰকাশিত প্ৰতিবেদনে এই দাবীবোৰ নিশ্চিত কৰিছে। প্ৰতিবেদন অনুসৰি, “ভেকছিন ল’বলৈ ছপড়া চহৰৰ মাছুমগঞ্জ নগৰ স্বাস্থ্য কেন্দ্ৰলৈ অহা যুৱকজনক বুধবাৰে খালী বেজী দিয়া হৈছিল। ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। অভিযুক্ত নাৰ্ছ চন্দা দেৱীক টীকাকৰণৰ কামৰ পৰা অব্যাহতি দিয়া হৈছে। বিভাগটোৱে তেওঁৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। অভিযুক্ত নাৰ্ছ চন্দা দেৱীয়ে বিভাগটোক জনাইছিল যে টীকাকৰণৰ সময়ত যথেষ্ট ভিৰ হৈছিল সেয়েহে এটা ভুল হৈছিল। এতিয়া বিভাগটোৱে যুৱকজনক পুনৰ ভেকছিনৰ প্ৰথম পালি দিব।
আমাৰ সহকৰ্মী দৈনিক জাগৰণৰ ছপড়া ব্যুৰ’ৰ প্ৰতিবেদক অমৃতেশ কুমাৰ শ্ৰীবাস্তৱে নিশ্চিত কৰি কয়, “এই ভিডিঅ’টো প্ৰায় দহ দিন আগৰ এটা ঘটনাৰ। গোচৰটোত ব্যৱস্থা গ্ৰহণ কৰি নাৰ্চগৰাকীক নিলম্বিত কৰা হৈছিল আৰু ঘটনাটো ছপড়া চহৰৰ ব্ৰহ্মপুৰাত সংঘটিত এটা ঘটনা আছিল।
নিষ্কৰ্ষঃ ‘উপসংহাৰ – ভেকছিন নভৰোৱাকৈ এজন যুৱকক খালী চিৰিঞ্জেৰে বেজী দিয়া ঘটনাৰ ভিডিঅ’ বিহাৰৰ ছপড়াৰ, যিটো বিভ্ৰান্তিকৰ দাবীৰে উত্তৰ প্ৰদেশৰ নামত ভাইৰেল কৰা হৈছে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.