X
X

Fact Check: গুলীচালনাৰ ভিডিঅ’ প্ৰায় তিনি বছৰ ধৰি ইণ্টাৰনেটত আছে, মণিপুৰ হিংসাৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই

নতুন দিল্লী (বিশ্বাস নিউজ)। মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈ থকাৰ সময়তে ছ’চিয়েল মিডিয়াত কেইখনমান পোষ্ট ভাইৰেল হৈ আছে। এইবোৰৰ ভিতৰত এটা ভিডিঅ’ত দেখা পোৱা গৈ আছে যে কিছুমান মানুহৰ উপৰত নিৰ্বিচাৰে গুলীচালনা হৈ আছে। এইটোক শ্বেয়াৰ কৰি কেইজনমান ছ’চিয়েল মিডিয়া ইউজাৰে দাবী কৰি আছে যে এইটো মণিপুৰৰ ভিডিঅ’ হয়। এই ভিডিঅ’ক ‘মণিপুৰ অন ফায়াৰ’ আৰু ‘মণিপুৰ ভায়লেঞ্চ’ হেশ্বটেগৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে।

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে এই ভিডিঅ’ 2020 চনৰপৰা ইণ্টাৰনেটত আছে। এইটোক শ্বেয়াৰ কৰা ইউজাৰে ডেছক্ৰিপচনত হেশ্বটেগ গেমিং-ৰো প্ৰয়োগ কৰিছে। এই ভিডিঅ’ৰ লগত মণিপুৰৰ হিংসাৰ কোনো সম্বন্ধ নাই। 

ভাইৰেল পোষ্টত কি আছে

ফেচবুক ইউজাৰ অনুপ পাছী এডভকেট (আৰ্কাইভ লিংক) এই ভিডিঅ’ক 5 মে তাৰিখে শ্বেয়াৰ কৰি লিখিছে,

“এয়া কোনো চিনেমাৰ দৃশ্য নহয়, এয়া মণিপুৰত মোডীজীৰ ডাবল ইঞ্জিন চৰকাৰৰ হয়
এতিয়া দালাল মিডিয়া আৰু মোডীৰ ভক্তই কওঁক যে তাত কোন বিপক্ষ দল আৰু নেতা উচটনি দিবলৈ গৈছিল?
প্ৰবাদ আছে, “নাচিব নাজানে চোতালখন হেৰেম গৰিয়া।”
দেশখন বৰবাদ কৰি দিলে গোডছেৰ এইসকল সন্তানে।”
টুইটাৰ ইউজাৰ পৱন বক্সাৰ (আৰ্কাইভ লিংক) এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে

“এয়া কোনো চিনেমাৰ দৃশ্য নহয়, এয়া মণিপুৰত মোডীজীৰ ডাবল ইঞ্জিন চৰকাৰৰ হয়
এতিয়া দালাল মিডিয়া আৰু মোডীৰ ভক্তই কওঁক যে তাত কোন বিপক্ষ দল আৰু নেতা উচটনি দিবলৈ গৈছিল?
প্ৰবাদ আছে, “নাচিব নাজানে চোতালখন হেৰেম গৰিয়া।”
দেশখন বৰবাদ কৰি দিলে গোডছেৰ এইসকল সন্তানে।”
টুইটাৰ ইউজাৰ ৰাজু পল্লেগা (আৰ্কাইভ লিংক) এই ভিডিঅ’ক অনুৰূপ দাবীৰ সৈতে শ্বেয়াৰ কৰিছে।

তদন্ত

ভাইৰেল দাবীৰ তদন্ত কৰাৰ বাবে আমি পোন প্ৰথমতে গুগল-ৰ ইনৱিড টুলৰ সহায়ত সেই ভিডিঅ’ৰপৰা কীফ্ৰেম উলিয়াইছোঁ। তাৰ পাছ সেইটোক ইয়াণ্ডেক্স ৰিভাৰ্ছ ইমেজৰ সহায়ত ছাৰ্চ কৰিছোঁ। ছাৰ্চ কৰোঁতে আমি থ্ৰীটটী (আৰ্কাইভ লিংক) নামৰ ইনষ্টাগ্ৰাম ইউজাৰৰ প্ৰফাইলত এই ভাইৰেল ভিডিঅ’ পাইছোঁ। এইটোক 5 জুলাই 2020-ত আপলোড কৰা হৈছিল। অৰ্থাত, এই ভিডিঅ’ শেহতীয়া সময়ৰ নহয়।

ইউজাৰৰ প্ৰফাইলত ভিডিঅ’ ক্ৰিয়েটাৰ বুলি উল্লেখ কৰা আছে। তেওঁৰ ইউটিউব চেনেল-ত বহু কেইখন গেমিং ভিডিঅ’ আপলোড কৰা হৈছে আৰু প্ৰফাইলত লিখা আছে যে তেওঁ পিচি গেম বহুত পছন্দ কৰে।

দি হিন্দু-ত 4 মে তাৰিখে প্ৰকাশিত বাতৰিত লিখা আছে, “মণিপুৰ চৰকাৰে 4 মে তাৰিখে গুলীচালনাৰ আদেশ দিছে, কিয়নো সমদল এটা ওলোৱাৰ পাছত অকস্মাত জনগোষ্ঠীয় হিংসা বিয়পি যোৱাৰ ফলত ৰাজ্যত 9,000-ৰ অধিক মানুহ ঘৰ-মাটি এৰি যাবলগীয়া হৈছে। হিংসাত কিমান জন আহত বা নিহত হৈছে তাৰ কোনো চৰকাৰী হিচাপ দিয়া হোৱা নাই। অৱশ্যে, মুখ্যমন্ত্ৰী নোংগথোম্বম বিৰেন সিংহই স্বীকাৰ কৰিছে কিছুমান বহুমূলীয়া জীৱনৰ সমাপ্তি হৈছে।”

এতিয়ালৈ আমি যি তদন্ত চলাইছোঁ, তাৰপৰা গম পাইছোঁ যে ভাইৰেল ভিডিঅ’টো তিনি বছৰ ধৰি ইণ্টাৰনেটত আছে। অৱশ্যে, আমি এয়া নিশ্চিত ভাৱে নকওঁ যে এয়া ডিজিটেল পদ্ধতিত ক্ৰিয়েট কৰা হৈছে নে এয়া আচল হয়। এয়া যদি আচল হয়, তেন্তে আমি ইয়াৰ ঠাই আৰু সময়ৰ বিষয়েও নিশ্চিত ভাৱে একো ক’ব নোৱাৰোঁ।   

 এই সন্দৰ্ভত আমি ভিডিঅ’ এক্সপাৰ্ট অৰুণ কুমাৰৰ সৈতে কথা পাতিছিলোঁ। তেওঁ কৈছে, “যিটো একাউণ্টৰপৰা এই ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল, তাতা উল্লেখ কৰা হেশ্বটেগ অনুসৰি, এইটোক জিটিএ গেমিং-ৰ ভিডিঅ’ যেন লাগি আছে।” 

এই বিষয়ত অধিক জানিবলৈ আমি মণিপুৰত এএনআই-ৰ সাংবাদিক এলচিকে সিংহৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু মণিপুৰত ইণ্টাৰনেট বন্ধ হৈ থকাৰ কাৰণে আমি তেওঁলৈ এই ভিডিঅ’ পঠাব পৰা নাই। সেয়ে তেওঁৰপৰা কোনো উত্তৰো পোৱা নাই। আমি এই ভিডিঅ’ শ্বেয়াৰ কৰা ইনষ্টা একাউণ্ট ‘থ্ৰিটি’-ৰ সৈতেও যোগাযোগ কৰিবলৈ চেষ্টা চলাইছিলোঁ। এই দুয়োজনৰ উত্তৰ পোৱাৰ লগে লগে এই বাতৰিক আপটেড কৰি দিয়া হ’ব।

পুৰণি ভিডিঅ’ক মণিপুৰৰ বুলি কৈ শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ অনুপ পাছী এচভকেটৰ প্ৰফাইল আমি স্কেন কৰি চাইছোঁ। তেতিয়া গম পালোঁ যে, তেওঁ ইউপি-ত উকিলৰ কাম কৰে। 16 ফেব্ৰুৱাৰী 2020-ত তৈয়াৰ হোৱা তেওঁৰ পেজৰ প্ৰায় 47 হেজাৰ ফলোৱাৰ আছে।

উপসংহাৰ: ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা গুলীচালনাৰ ভিডিঅ’ পুৰণি হয়। এয়া 2020-ৰ জুলাইৰপৰা ইণ্টাৰনেটত আছে। মণিপুৰৰ হিংসাৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই।

  • Claim Review : মণিপুৰত হিংসাৰ ভিডিঅ’।
  • Claimed By : FB User- অনুপ পাছী এডভকেট
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later