Fact Check: তীছ হাজাৰি ক’ৰ্টৰ বাহিৰত হোৱা সংঘৰ্ষৰ পুৰণি ভিডিঅ’ক গৌৰৱ ভাটিয়াৰ লগত সংযুক্ত কৰি ভাইৰাল কৰা হৈ আছে

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হোৱা ভিডিঅ’টো 2019 চনৰ সেই সময়ৰ যেতিয়া তীছ হাজাৰী আদালতত পাৰ্কিংক লৈ আৰক্ষী আৰু অধিবক্তাৰ মাজত সংঘৰ্ষ হৈছিল। এতিয়া এই পুৰণি ভিডিঅ’টো গৌৰৱ ভাটিয়াৰ গোচৰৰ সৈতে সংযুক্ত কৰি বিভ্ৰান্তীকৰ দাবীৰে প্ৰচাৰ কৰা হৈ আছে।

Fact Check: তীছ হাজাৰি ক’ৰ্টৰ বাহিৰত হোৱা সংঘৰ্ষৰ পুৰণি ভিডিঅ’ক গৌৰৱ ভাটিয়াৰ লগত সংযুক্ত কৰি ভাইৰাল কৰা হৈ আছে

নতুন দিল্লী (বিশ্বাস নিউজ) শেহতীয়াকৈ বিজেপিৰ মুখপাত্ৰ তথা জ্যেষ্ঠ অধিবক্তা গৌৰৱ ভাটিয়াৰ সৈতে ন’য়ডা ক’ৰ্টত সংঘটিত হোৱা সংঘৰ্ষৰ সৈতে ইয়াক জড়িত কৰি এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰাল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে, এইটো গৌৰৱ ভাটিয়াৰ সংগীৰ লগত হোৱা অসৎ আচৰণৰ ভিডিঅ’। 

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হোৱা ভিডিঅ’টো 2019 চনৰ সেই সময়ৰ যেতিয়া তীছ হাজাৰী আদালতত পাৰ্কিংক লৈ আৰক্ষী আৰু অধিবক্তাৰ মাজত সংঘৰ্ষ হৈছিল। এতিয়া এই পুৰণি ভিডিঅ’টো গৌৰৱ ভাটিয়াৰ গোচৰৰ সৈতে সংযুক্ত কৰি বিভ্ৰান্তীকৰ দাবীৰে প্ৰচাৰ কৰা হৈ আছে।

কি আছে ভাইৰাল পোষ্টত?

 ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে, “বন্ধুগন, ভাটিয়াৰ সংঘৰ্ষৰ ভিডিঅ’ আহি গ’ল।“

পোষ্টটোৰ বিষয়বস্তু যিদৰে আছে ইয়াত ঠিক তেনেদৰে লিখা হৈছে, পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি গুগল ৰিভাৰ্ছ ইমেজৰ সহায়ত ভাইৰাল ভিডিঅ’খনক বিভিন্ন কিৱাৰ্ডৰ সৈতে বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। সন্ধানৰ সময়ত আমি 2019 চনৰ নৱেম্বৰ মাহত ফেচবুক পেজত আপল’ড কৰা একেটা ভিডিঅ’ৰ দীঘলীয়া সংষ্কৰণ পাইছিলোঁ। ইয়াত দিয়া তথ্য অনুসৰি, এইটো,  দিল্লীৰ তীছ হাজাৰী আদালতত আৰক্ষী আৰু অধিবক্তাৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনা।

এই ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালোঁ আৰু ভাইৰাল ভিডিঅ’ৰ লগত সম্পৰ্কিত ফ্ৰেম্স 2019 চনৰ 4 নৱ্ম্বেৰ তাৰিখে ৰিপাব্লিক ৱৰ্ল্ডৰ ইউটিউব চেনেলত আপল’ড হোৱা দেখা গ’ল। ইয়াত থকা তথ্য মতে, তীছ হাজাৰী ক’ৰ্টত আৰক্ষী আৰু অধিবক্তাসকলৰ মাজত পাৰ্কিংক লৈ হোৱা সংঘৰ্ষৰ বাবে 20 জন আৰক্ষী ৰু 8 জন অধিবক্তা আহত হৈছে। 

এই সন্দৰ্ভত 2019 চনৰ নৱ্ম্বেৰ মাহৰ দৈনিক জাগৰণৰ সংবাদ মতে, উত্তৰ দিল্লীৰ তীছ হাজাৰী ক’ৰ্টত শনিবাৰ দুপুৰিয়া লকাপৰ বাহিৰত গাড়ি ৰখাক লৈ অধিবক্তা আৰু আৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈ গ’ল। এজন অধিবক্তা লকাপৰ বাহিৰত গাড়ি ৰাখি আছিল। মানা কৰাৰ পিছতও যেতিয়া তেঁও নামানিলে, আৰক্ষীৰ লগত তেঁওৰ কাজিয়া হৈ গ’ল। ইয়াৰ বাবে খঙত বলিয়া অধিবক্তাসকলে আৰক্ষীৰ লগত  দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। “ইয়াৰ মাজতে নিজকে ৰক্ষা কৰিবলৈ আৰক্ষীৰ তৰফৰ পৰা শূণ্যত চলোৱা গুলি এজন অধিবক্তাৰ বুকুত লাগিল। তাত অইন দুজন অধিবক্তা আঘাতপ্ৰাপ্ত হ’ল। এই ঘটনাৰ পিছত অধিবক্তাসকল বলিয়া হৈ গ’ল আৰু তেঁওলোকে আৰক্ষীৰ লগত মাৰধৰ কৰিবলৈ আৰম্ভ কৰিলে।  পিছত অধিবক্তাসকলে ক’ৰ্টত থিয় হৈ থকা এখন আৰক্ষীৰ জিপছি আৰু 13 খন মটৰচাইকেলত অগ্নিসংযোগ কৰাৰ লগতে সাতখন কয়েদিৰ ভেনও ভাঙচুৰ কৰিলে।“

2024 চনৰ 21 মাৰ্চৰ সংবাদ মতে, ‘বিজেপি মুখপাত্ৰ আৰু জ্যেষ্ঠ অধিবক্তা গৌৰৱ ভাটিয়াৰ লগত ন’য়ডা ক’ৰ্টত জ্যেষ্ঠ অধিবক্তাৰ লগত কাজিয়া আৰু বেণ্ড কাঢ়ি লোৱাৰ ঘটনা পোহৰলৈ আহিছে, আনহাতে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ছুও মোটু কগনিজেন্স লৈছে। এচচি-এ ইয়াক গুৰুতৰ ঘটনা বুলি অভিহিত কৰি জাননী জাৰি কৰিছে।”

ভাইৰাল ভিডিঅ’ সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে ৰাষ্ট্ৰীয় সংবাদ কভাৰ কৰা দৈনিক জাগৰণৰ সংবাদদাতা জেপি ৰঞ্জনৰ লগত যোগাযোগ কৰা হ’ল আৰু ভাইৰাল পোষ্ট তেঁওৰ লগত শ্বেয়াৰ কৰিলোঁ। তেঁও আমাক এই সন্দৰ্ভত নিশ্চিত কৰিলে যে, এই ভিডিঅ’খন 2019 চনত তীছ হাজাৰী ক’ৰ্টত সংঘটিত সংঘাতৰ ঘটনাৰ হয়, এয়া কোনো সাম্প্ৰতিক সময়ৰ ঘটনা নহয়।

ভাইৰাল পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনক 8 হাজাৰতকৈ অধিক মানুহে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হোৱা ভিডিঅ’টো 2019 চনৰ সেই সময়ৰ যেতিয়া তীছ হাজাৰী আদালতত পাৰ্কিংক লৈ আৰক্ষী আৰু অধিবক্তাৰ মাজত সংঘৰ্ষ হৈছিল। এতিয়া এই পুৰণি ভিডিঅ’টো গৌৰৱ ভাটিয়াৰ গোচৰৰ সৈতে সংযুক্ত কৰি বিভ্ৰান্তীকৰ দাবীৰে প্ৰচাৰ কৰা হৈ আছে।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস