X
X

Fact Check: চার্চত জুই লগাৰ এই ভিডিঅ’ ফ্ৰাঞ্চৰ হয়, মণিপুৰৰ নহয়

নতুন দিল্লী (বিশ্বাস নিউজ)। মণিপুৰত চলি থকা হিংসাৰ মাজত সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত চাৰ্চৰ দৰে দেখা এখন ভৱনত জুই লগা দেখা পোৱা যায়। পোষ্টৰ লগত দাবি কৰা হৈছে যে, এই চাৰ্চ মণিপুৰত আছে, যত প্ৰদৰ্শনকাৰীসকলে এই চাৰ্চত অগ্নিসংযোগ কৰিছে।  

বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুৱা বুলি প্ৰমানিত হৈছে। জ্বলি থকা এই ভিডিঅ’ ফ্ৰাঞ্চৰ হয়। ইয়াৰ মণিপুৰ হিংসাৰ লগত কোনো সম্পৰ্ক নাই। 

কি আছে ভাইৰাল পোষ্টত?

জ্বলি থকা চাৰ্চৰ ভাইৰাল ভিডিঅ’খনক 15 জুলাই ড. ৱিনীত কুমাৰ গৰ্গ নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভ্রমাত্মক কেপচনৰ সৈতে লিখিছে যে, প্রকৃততে হিন্দিত আছিল “#মণিপুৰ ছুগ্নু ইম্ফল। হিংসা,  অগ্নিসংযোগ বন্ধ হোৱা নাই। বিজেপি সমৰ্থক উগ্ৰপন্থিয়ে 300 বছৰৰও অধিক পুৰণি  St. Joseph’s  চার্চ জ্বলাই দিলে। 74 দিনৰ পৰা মণিপুৰ জ্বলিছে।” 

তদন্ত

আমি ভিডিঅ’ৰ তদন্তৰ বাবে ইয়াৰ ষ্ক্ৰিনশ্বটক গুগল ৰিভাৰ্ছ ইমেজত বিছাৰিলো। আমি এই ষ্ক্ৰীণশ্বটখন ফ্ৰাঞ্চৰ বিখ্যাত টিভি চেনেল, ফ্ৰাঞ্চ 3 ৰ ৱেবচাইটত এটা সংবাদত পালো। সংবাদটোৰ মতে,  ফ্ৰাঞ্চৰ মাৰ্নেত কাঠেৰে গঢ়া ঐতিহাসিক চাৰ্চ, এল’এগ্লিছ ন’ট্রে ডেম-ডি ড্র’ছনে-ত জুই লাগি গল আৰু কিছু সময় পিছত ভৱন ভাঙি গ’ল। জুই লগাৰ কাৰণ গম পোৱা নগল। 

আমি এই জ্বলি থকা চাৰ্চৰ ছবি ফ্ৰাঞ্চৰ নিউজ ৱেবচাইট bfmtv.com তও পালো। তাত এয়া স্পষ্ট হৈছে যে, এই ঘটনাটো ফ্ৰাঞ্চৰ মাৰ্নেত অৱস্থিত এখন চাৰ্চৰ,  যাৰ নাম এল’এগ্লিছ ন’ট্রে ডেম-ডি ড্র’ছনে আছিল।

মণিপুৰ হিংসাৰ সংবাদ কাভাৰ কৰা ফ্ৰিলাঞ্চ সংবাদদাতা জেমচ খাঙ্গেবামে এয়া স্পষ্ট কৰিলে যে,  ভাইৰাল ছবিৰ মণিপুৰত চলি থকা হিংসাৰ লগত কোনো সম্পৰ্ক নাই আৰু এয়া মণিপুৰৰ ছেইণ্ট জ’ছেফ চাৰ্চ নহয়।

মণিপুৰৰ হিংসা 3 মে-ত হোৱা মৈতি আৰু কুকি সম্প্ৰদায়ৰ মাজৰ জাতীয় সংঘৰ্ষৰ ফলাফল। আৰু এতিয়ালৈ, 100 ৰও অধিক লোক এই হিংসাৰ বলি হৈছে। মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিক লৈ অধিক তথ্য ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰি।

জ্বলি থকা চার্চৰ ভিডিঅ’ক ড. ৱিনীত কুমাৰ গৰ্গ নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে ভুল দাবিৰ সৈতে আপল’ড কৰিছে। ব্যৱহাৰকাৰীজনৰ 900ৰ অধিক অনুসৰণকাৰী আছে। 

উপসংহাৰ: জ্বলি থকা চাৰ্চৰ এই ভিডিঅ’ ফ্ৰাঞ্চৰ হয়,  আৰু ইয়াৰ লগত থকা  মণিপুৰ হিংসাৰ সন্দৰ্ভত দাবি ভুল। 

  • Claim Review : বিজেপি সমৰ্থক উগ্ৰপন্থিসকলে 300 বছৰৰও অধিক পুৰনা ছেইণ্ট জ’সেফ চাৰ্চত অগ্নিসংযোগ কৰিলে
  • Claimed By : Facebook User Dr Vineet Kumar Garg( ফেচবুক ব্যবহাৰকাৰী ড. ৱিনীত কুমাৰ গৰ্গ)
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later