X
X

সত্যতা পৰীক্ষা: বাৰমেৰৰ এজন ল’ৰাৰ নাচৰ ভিডিঅ’ত থকা ল’ৰাজন ইন্দ্ৰ কুমাৰ মেঘাৱলৰ বুলি দাবী

বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হোৱা ভিডিঅ’ত যিজন ল’ৰা নাচি আছে সি ৰাজস্থানৰ জাল’ৰৰ পঢ়ুৱৈ ইন্দ্ৰ কুমাৰ মেঘাৱল নহয়। তাত থকা ল’ৰা জন হ’ল হৰিশ ভীল। সি বাৰমেৰৰ নিবাসী হয়।

  • By: Abhishek Parashar
  • Published: Aug 29, 2022 at 10:27 AM
  • Updated: Aug 31, 2022 at 11:51 AM

নতুন দিল্লী (বিশ্বাস নিউজ): ইন্দ্ৰ কুমাৰ মেঘাৱল নামৰ 9 বছৰীয়া এজন ল’ৰাৰ শিক্ষকৰ হাতত মাৰ খাই মৃত্যু হৈছিল। ঘটনাটো হ’ল ৰাজস্থানৰ জাল’ৰৰ সৰস্বতী বিদ্যা মন্দিৰ স্কুলৰ। এই ঘটনা সম্বন্ধীয় এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ’ত দেখা পোৱা গৈ আছে যে এজন সৰু ল’ৰা ৰাজস্থানী গীতত নাচি আছে। তাত এয়া দাবী কৰা হৈছে যে ভিডিঅ’ত নাচি থকা ল’ৰাজন হ’ল ইন্দ্ৰ কুমাৰ মেঘাৱল নামৰ পঢ়ুৱৈ জন। বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে বাতৰিটো বিভ্ৰান্তিকৰ হয়। ভিডিঅ’টো ইন্দ্ৰ কুমাৰ মেঘাৱলৰ নহয়, এইটো হ’ল ৰাজস্থানৰ বাৰমেৰৰ এজন পঢ়ুৱৈৰ ভিডিঅ’ হয়। সেই ল’ৰা জনৰ নাম হৰিশ ভীল।

দাবী:

ফেচবুক ইউজাৰ ড. খুশ্ব নৱাজে এই ভিডিঅ’ শ্বেয়াৰ কৰি হিন্দীত এই বুলি লিখিছিল, “ইন্দ্ৰৰ কিছুমান স্মৃতি, এই ভিডিঅ’-ত চাওঁক সৰলতা, সৰল এই শিশুটো নাজানে যে কলহৰপৰা পানী লৈ খোৱাৰ কাৰণে তাক মাৰি পেলোৱা হ’ব। এয়া বিশ্বাস কৰা টান যে এই দুখীয়া আৰু সৰল শিশুটো ইমান নিৰ্মম শাস্তি পাবলগীয়া হৈছিল। শত-শত চেলাম।”

এই পোষ্টৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাওঁক।

দাবী:

আনুষংগিক কী-ৱাৰ্ড দি আমি গুগলত বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ। আমি ব্ৰিলিয়াণ্ট ইণ্ডিয়াৰ নামত থকা এটা টুইটাৰ একাউণ্টত এই দাবী সম্বন্ধীয় টুইট এটা পাইছিলোঁ। তাত থকা শিৰোনাম অনুসৰি, ভাইৰেল হোৱা ভিডিঅ’ত থকা ল’ৰাজন হ’ল হৰিশ ভীল। সি ৰাজস্থানৰ বাৰমেৰ নিবাসী এজন পঢ়ুৱৈ হয়।

প্ৰাপ্ত তথ্যৰ ভিত্তিত, আমি আনুষংগিক কী-ৱাৰ্ড দি ফেচবুকত ছাৰ্চ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আমি দেখা পালোঁ সেই একেখন ভিডিঅ’ GUPS গোমৰখ ধাম তাৰাতা, চোহতান, বাৰমেৰ নামৰ এটা ফেচবুক পেজ-ত আপল’ড কৰা হৈছে। সেইটো 30 জুলাই 2020-ত শ্বেয়াৰ কৰা হৈছিল। তাত থকা শিৰোনামত উল্লেখ কৰা হৈছে, এই ভিডিঅ’ত যিজন ল’ৰাক নাচি থকা দেখা পোৱা গৈছে সি ইন্দ্ৰ কুমাৰ মেঘাৱল নহয়, ইয়াত থকা ল’ৰাজনৰ নাম হৰিশ ভীল হয়। সি হ’ল ৰাজস্থানৰ বাৰমেৰ নিবাসী এজন পঢ়ুৱৈ।

নিশ্চিত হোৱাৰ কাৰণে আমি গোমৰখ ধাম তাৰাতা স্কুলৰ শিক্ষক তুকৰাজ ভাটিৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে, “ভাইৰেল হোৱা এই দাবী মিছা হয়। সৰু লৰাজনৰ নাম হৰিশ ভীল হয় আৰু সি দ্বিতীয় শ্ৰেণীত পঢ়ে। ল’ৰাজন তাৰাতাৰা অঞ্চলৰ নিবাসী হয়। এই ভিডিঅ’টো 30 জুলাইৰ হয়। আচলতে আমাৰ স্কুলত প্ৰত্যেক শনিবাৰে ‘নো বেগ ডে’ উদযাপন কৰা হয়। তাতেই অংশগ্ৰহণ কৰি হৰিশে নাচটো কৰিছিল। ল’ৰা ভালেই আছে, সি 15 আগষ্টৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল।”

আমি ড. খুশ্ব নৱাজৰ অৰ্থাত যিজন ইউজাৰে ভাইৰেল হোৱা সেই দাবীটো কৰিছিল তেওঁৰ ছ’চিয়েল স্কেনিং কৰিছিলোঁ অন্তিম পৰ্যায়ত। স্কেন কৰাৰ পাছত আমি গম পালোঁ যে ইউজাৰজন এটা আদৰ্শৰ দ্বাৰা প্ৰভাৱিত। প্ৰ’ফাইলত থকা তথ্য অনুসৰি, ইউজাৰ জন উত্তৰ প্ৰদেশৰ নিবাসী হয়।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হোৱা ভিডিঅ’ত যিজন ল’ৰা নাচি আছে সি ৰাজস্থানৰ জাল’ৰৰ পঢ়ুৱৈ ইন্দ্ৰ কুমাৰ মেঘাৱল নহয়। তাত থকা ল’ৰা জন হ’ল হৰিশ ভীল। সি বাৰমেৰৰ নিবাসী হয়।

  • Claim Review : ইন্দ্ৰ কুমাৰ মেঘাৱলৰ নাচৰ ভিডিঅ’
  • Claimed By : ড. খুশ্ব নৱাজ
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later