Fact Check: এগৰাকী মুছলমান ব্যক্তিক হত্যাৰ দাবীৰে ভাইৰেল ভিডিঅ’ বাংলাদেশৰ, ত্ৰিপুৰাৰ বুলি সাম্প্ৰদায়িক ৰহনেৰে ভাইৰেল
বাংলাদেশৰ মিৰপুৰত ভূমি অধিগ্ৰহণৰ এখন পাৰিবাৰিক কাঁজিয়াৰ বাবে এজন লোকক চোকা অস্ত্ৰৰে হত্যা কৰাৰ এটা ভিডিঅ’ ভাইৰেল কৰা হৈছে আৰু ইয়াক ত্ৰিপুৰাত সংঘটিত হত্যা বুলি উল্লেখ কৰি এটা সাম্প্ৰদায়িক ৰহণেৰে ভাইৰেল কৰা হৈছে।
- By: Abhishek Parashar
- Published: Oct 31, 2021 at 11:25 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। দুৰ্গা পূজাৰ সময়ত বাংলাদেশত সংঘটিত সাম্প্ৰদায়িক হিংসাৰ পিছত, পুৰণি আৰু অপ্ৰাসঙ্গিক বিভিন্ন ভিডিঅ’ ভাৰতীয় প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত মিছা আৰু উত্তেজক দাবীৰ সৈতে ধাৰাবাহিকভাৱে শ্বেয়াৰ কৰা হৈছে। তেনে এটা ভিডিঅ’ত দেখা গৈছে যে এজন মানুহক একাংশ লোকে বৰ্বৰভাৱে আক্ৰমণ কৰিছে। এই ভিডিঅ’টোকেই ত্ৰিপুৰাত হিন্দু সম্প্ৰদায়ৰ লোকসকলে এজন মুছলমান লোকক হত্যা কৰিছিল বুলি দাবী কৰা হৈছে।
বিশ্বাস নিউজৰ তদন্তত এয়া মিছা আৰু সাম্প্ৰদায়িক উন্মাদনা বিয়পোৱাৰ উদ্দেশ্য প্ৰচাৰিত বুলি প্ৰমাণিত হৈছে। ভাইৰেল হৈ থকা ভিডিঅ’টো বাংলাদেশৰ এটা ঘটনাৰ, য’ত পাৰস্পৰিক শত্ৰুতাৰ এক ঘটনাত শ্বাহিনউদ্দিন নামৰ এজন লোকক কিছু লোকে হত্যা কৰিছিল। একেটা নৃশংস হত্যাকাণ্ডৰ ভিডিঅ’ সাম্প্ৰদায়িক ৰং দি ত্ৰিপুৰাৰ নামত ভাইৰেল কৰা হৈছে।
কি এই ভাইৰেল পোষ্ট?
ছ’চিয়েল মিডিয়া ইউজাৰ ‘Dr Mohd Shakir Khan (30K)’ এ বাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ”ত্ৰিপুৰাত হিন্দুত্ববাদী একাংশ লোকে মুছলমান লোকসকলৰ ওপৰত সন্ত্ৰাস সৃষ্টি কৰি ৰাখিছে। বিগত দুটা দিনত আধা ডজনতকৈও অধিক মছজিদ ধ্বংস কৰা হৈছে!
মুছলমানৰ ওপৰত আক্ৰমণ বন্ধ হোৱাৰ নামেই লোৱা নাই আৰু প্ৰতিটো স্থানতে মুচলমান লোকক হত্যা কৰা হৈছে আঘাত কৰা হৈছে। চাওক কিমান নৃসংশভাৱে কাটি পেলোৱা হৈছে মানুহজনক!”
অনুসন্ধান
বিশ্বাস নিউজৰ অনুসন্ধানত, ত্ৰিপুৰাত এনে কোনো ঘটনা সংঘটিত হোৱাৰ কথা প্ৰমাণ পোৱা নাছিলো। অৱশ্যে অনুসন্ধানত আমি ত্ৰিপুৰাত সাম্প্ৰদায়িক হিংসাৰ কথা উল্লেখ কৰা কেইবাটাও প্ৰতিবেদন পাইছিলো। ত্ৰিপুৰা আৰক্ষীৰ অফিচিয়েল টুইটাৰ হেণ্ডেল অনুসৰি, পানীসাগৰৰ মছজিদত কোনো অগ্নিসংযোগ হোৱা নাই। আৰক্ষীয়ে এই ভিডিঅ’টোৰ জৰিয়তে ফেচবুক আৰু টুইটাৰত কোনো উৰাবাতৰি প্ৰচাৰ নকৰিবলৈও জনসাধাৰণক আহ্বান জনাইছে।
তাৰ পিছত আমি ভিডিঅ’টোৰ মূল উৎসটো বিচাৰি উলিয়াবলৈ InVID ত লাভ কৰা ফ্ৰেমবোৰৰ বিপৰীত ছবি অনুসন্ধানৰ পিছত বাংলাদেশী নিউজ চেনেল ‘Jamuna TV’ত আপলোড কৰা ভিডিঅ’টো পাইছিলো, য’ত ভাইৰেল ভিডিঅ’টো দেকা গৈছে।
ইয়াত উল্লেখ কৰা তথ্য অনুসৰি, মৃত ব্যক্তিজন আছিল শ্বাহিনউদ্দিন, যাক তীক্ষ্ণ অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল আৰু ঘটনাটো বাংলাদেশৰ পল্লৱীত সংঘটিত হৈছিল। অনুসন্ধানত ঘটনাটোৰ এটা ভিডিঅ’ আন এটা ইউটিউব চেনেলতো দেখা গৈছিল, আৰু ইয়াতো এই ঘটনাটো বাংলাদেশৰ বুলি বৰ্ণনা কৰা হৈছিল।
বাতৰি অনুসন্ধানত, আমি ২০২১ চনৰ ১৬ মে’ত বাংলাদেশৰ বাতৰি কাকত দ্য ডেইলী ষ্টাৰৰ ৱেব পৰ্টেলত প্ৰকাশিত এটা প্ৰতিবেদন পাইছিলো, য’ত ঘটনাটোৰ বিষয়ে উল্লেখ কৰা হৈছিল।
প্ৰতিবেদনত দিয়া তথ্যই ভিডিঅ’ বুলেটিনত কৰা দাবীটো নিশ্চিত কৰে। প্ৰতিবেদন অনুসৰি, “ঢাকাৰ মিৰপুৰ অঞ্চলত ভূমি অধিগ্ৰহণৰ বাবে কিছুলোকে চোকা অস্ত্ৰৰে এজন লোকক হত্যা কৰিছিল। পল্লবী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৱাজেদ আলীয়ে ডেইলী ষ্টাৰক জনায় যে মৃত ব্যক্তিজনৰ নাম শ্বাহিনউদ্দিন (৪০)। ‘
এই পৰ্যন্ত আমাৰ অনুসন্ধানৰ পৰা এইটো স্পষ্ট যে ভাইৰেল হৈ থকা ভিডিঅ’টো বাংলাদেশৰ মিৰপুৰ অঞ্চলত সংঘটিত এটা ঘটনাৰ, য’ত এজন লোকক (শ্বাহিনউদ্দিন) ভূমি অধিগ্ৰহণৰকোনো পাৰিবাৰিক কাঁজিয়াক লৈ কিছুলোকে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰিছিল।
আমি ভিডিঅ’টোক লৈ Time8 ৰ ত্ৰিপুৰাৰ সংবাদদাতা অভিজিত নাথৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ কয়, “এই ভিডিঅ’টো ত্ৰিপুৰাৰ কোনো ঘটনাৰ সৈতে সম্পৰ্কিত নহয়। ৰাজ্যখনত এনে কোনো ঘটনা সংঘটিত হোৱা নাই।’
ভাইৰেল ভিডিঅ’টো মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা ইউজাৰজনৰ টুইটাৰ প্ৰ’ফাইলত প্ৰায় ২৯,০০০ লোক আছে।
নিষ্কৰ্ষঃ বাংলাদেশৰ মিৰপুৰত ভূমি অধিগ্ৰহণৰ এখন পাৰিবাৰিক কাঁজিয়াৰ বাবে এজন লোকক চোকা অস্ত্ৰৰে হত্যা কৰাৰ এটা ভিডিঅ’ ভাইৰেল কৰা হৈছে আৰু ইয়াক ত্ৰিপুৰাত সংঘটিত হত্যা বুলি উল্লেখ কৰি এটা সাম্প্ৰদায়িক ৰহণেৰে ভাইৰেল কৰা হৈছে।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.