X
X

Fact Check: এজনী বক্সাৰে ৰেফাৰীক নিজৰ হাত ধৰিবলৈ নিদিয়াৰ এটা ভিডিঅ’ ক্লিপক বিভ্ৰান্তিকৰ দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে

এয়া মাথো এটা ক্লিপ হয়। সেই বক্সিং খেলৰ সম্পূৰ্ণ ভিডিঅ’ত দেখা পোৱা গৈছে যে কেই ছেকণ্ড মানৰ এই ক্লিপৰ পাছতে বক্সাৰ জনীয়ে ৰেফাৰীক তেওঁৰ হাতখন ধৰিবলৈ দিছে।

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত হিজাব পিন্ধি থকা এজনী মহিলা বক্সাৰৰ ভিডিঅ’ ভাইৰেল হৈ আছে। তাত দেখা পোৱা গৈ আছে যে তেওঁ ৰেফাৰীক নিজৰ হাত ধৰিবলৈ দিয়া নাই। এই ভিডিঅ’ক এইটো দাবী কৰি ভাইৰেল কৰা হৈ আছে যে এই গৰাকী মহিলা বক্সাৰে ৰেফাৰীক নিজৰ হাত ধৰিবলৈ দিয়া নাই কিয়নো তেওঁ মুছলমান হয়। বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে এই দাবী মিছা হয়। ভাইৰেল হোৱা ভিডিঅ’টো সম্পূৰ্ণ নহয়। এয়া মাথো এটা ক্লিপ হয়। সেই বক্সিং খেলৰ সম্পূৰ্ণ ভিডিঅ’ত দেখা পোৱা গৈছে যে কেই ছেকণ্ড মানৰ এই ক্লিপৰ পাছতে বক্সাৰ জনীয়ে ৰেফাৰীক তেওঁৰ হাতখন ধৰিবলৈ দিছে।

কি ভাইৰেল হৈ আছে?

এই ভাইৰেল পোষ্ট (আৰ্কাইভ লিংক), শ্বেয়াৰ কৰি ফেচবুক ইউজাৰ ‘মেৰাজ আলম’-এ লিখিছে, “মই এজন মুছলমান হয়, মোৰ ধৰ্মই এই অনুমতি নিদিয়ে যে অইন কোনো পুৰুষে মোৰ হাত ধৰক! #Islam_ki_shehzadiya”

তদন্ত

ভাইৰেল ভিডিঅ’ত দেখা পোৱা গৈছে, বক্সিং ৰিং-ত লিখা আছে Asiad U 22 Men and Woman। আমি এই ভিডিঅ’ৰ কী-ফ্ৰেমসমূহক গুগল ৰিভাৰ্ছ ইমেজত কী-ৱাৰ্ড দি ছাৰ্চ কৰাৰ পাছত দেখা পালোঁ যে এই খেলখনৰ সম্পূৰ্ণ ভিডিঅ’ SPORT LIVE নামৰ এটা ইউটিউব চেনেলত আপল’ড কৰা হৈছে। 3:42 ছেকেণ্ডৰ এই ভিডিঅ’ত ভাইৰেল হোৱা ভিডিঅ’ৰ অংশটো 3:00 ছেকেণ্ডত দেখা পোৱা যাব। প্ৰথমতে উজবেক খেলুৱৈ জনীয়ে ৰেফাৰীক নিজৰ হাতখন ধৰিবলৈ দিয়া নাছিল, কিন্তু 3:14 ছেকেণ্ডত তেওঁ নিজৰ হাতখন ধৰিবলৈ দিছিলে। ইয়াৰ পাছত উজবেক খেলুৱৈসকলে কোচৰ ওচৰত গৈ তেওঁক হাই ফাইভো দিছিলে।

বক্সিং খেলত ৰেফাৰীয়ে বিজেতাৰ হাতখন দাঙি ধৰি ঘোষণা কৰে যে কোন বিজয়ী হৈছে। কোন বিজয়ী হ’ব সেয়া বিচাৰকসকলে দিয়া পইণ্টৰ ভিত্তিত ঠিক কৰা হয়। অৱশ্যে, আমি ছাৰ্চ কৰাৰ পাছত এনেকুৱা কিছুমান ভিডিঅ’ দেখা পাইছোঁ, য’ত ৰেফাৰীয়ে বিজয়ী খেলুৱৈৰ হাতখন দাঙি ধৰাৰ সলনি বিজয়ীৰ ফালে নিজৰ হাতখন দাঙি দেখুৱাই দিয়ে কোন বিজয়ী হৈছে।

এই ভিডিঅ’ সম্বন্ধে দৈনিক জাগৰণ ডিজিটেল-ৰ স্প’ৰ্টছ হেড বিপ্লৱে কৈছে, “মহিলা বক্সাৰ জনীয়ে ৰেফাৰীক নিজৰ হাতখন ধৰিবলৈ নিদিয়াৰ কাৰণ আছিল এয়াই যে সেই খেলত তেওঁ পৰাস্ত হৈছিলে। নিজৰ পৰাজয়ৰ প্ৰতিক্ৰিয়া স্বৰূপ হে তেওঁ তেনেকুৱা আচৰণ কৰিছিলে। পাছত অৱশ্যে তেওঁ নিজৰ হাতখন ধৰিবলৈ দিছিলে। বক্সিং-ত কোন জয়ী হ’ব সেয়া ঠিক কৰাৰ কাৰণে পাঁচজন বিচাৰক থাকে। কেতিয়াবা কোনো খেলুৱৈ সঠিক পাঞ্চ দিব নোৱাৰিলেও তেওঁলোকে ভাবে যে তেওঁহে জিকিব, কিন্তু বিচাৰকসকলে বিপক্ষ খেলুৱৈক জয়ী বুলি ঘোষণা কৰে কিয়নো তেওঁ হে সঠিক পাঞ্চ দিব পাৰিছে। ইপিনে ৰেফাৰীয়ে দুয়ো জন বক্সাৰৰে হাতখন ধৰি থাকে, কিয়নো কোন জয়ী হৈছে সেয়া তেতিয়াও জানিব পৰা যোৱা নাই। বিজয়ীৰ নাম ঘোষণা হোৱাৰ পাছত হে ৰেফাৰীয়ে বিজয়ী বক্সাৰৰ হাতখন দাঙি ধৰে।”

ভাইৰেল হোৱা এই পোষ্ট ফেচবুক ইউজাৰ মেৰাজ আলমে শ্বেয়াৰ কৰিছে। ফেচবুকত এই ইউজাৰৰ 2,704 জন ফল’ৱাৰ আছে।

নিষ্কৰ্ষঃ এয়া মাথো এটা ক্লিপ হয়। সেই বক্সিং খেলৰ সম্পূৰ্ণ ভিডিঅ’ত দেখা পোৱা গৈছে যে কেই ছেকণ্ড মানৰ এই ক্লিপৰ পাছতে বক্সাৰ জনীয়ে ৰেফাৰীক তেওঁৰ হাতখন ধৰিবলৈ দিছে।

  • Claim Review : মুছলমান বক্সাৰে ৰেফাৰীক নিজৰ হাত ধৰিবলৈ দিয়া নাই।
  • Claimed By : ফেচবুক ইউজাৰ মেৰাজ আলম
  • Fact Check : Misleading
Misleading
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later