X
X

Fact Check: অসমৰ এগৰাকী মহিলাক বেতেৰে কোবাই থকা ভিডিঅ’ এটা পশ্চিম বংগৰ বুলি প্ৰচাৰ

  • By: Abhishek Parashar
  • Published: Aug 9, 2019 at 07:03 PM
  • Updated: Sep 10, 2020 at 03:54 PM

চছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল য’ত এগৰাকী মহিলাক এজন লোকে নিৰ্দয় ভাবে বেতেৰে কোবাই থকা দেখা গৈছিল। ভিডিঅ’টো পশ্চিম বংগত সংঘটিত বুলি মিছা তথ্যেৰে প্ৰচাৰ কৰা হৈছিল। ভিডিঅ’টোৰ শীৰ্ষক আছিলঃ “পশ্চিম বংগৰ ৰহিংগীয়া মুছলমান অধ্যুসিত অঞ্চলত শ্বৰীয়াৰ নিৰ্দেশ অনুসৰি হিন্দু লোকক অত্যাচাৰ”। বিশ্বাস নিউজে এই বিষয়ে অনুসন্ধান কৰে আৰু উদ্ধাৰ কৰে যে ভিডিঅ’টো পশ্চিম বংগৰ নহয়, বৰঞ্চ অসমৰহে।

দাবীঃ

চছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল য’ত এগৰাকী মহিলাক এজন লোকে নিৰ্দয় ভাবে প্ৰকাশ্যে বেতেৰে কোবাই থকা দেখা গৈছিল। এটা সময়ত মহিলাগৰাকী মাটিত বাগৰি পৰিছিল কিন্তু তথাপিও মানুহজনে কোবাই গৈছিল, কিছু সংখ্যক লোকে মহিলাগৰাকীক আঁতৰলৈ লৈ নোযোৱা পৰ্যন্ত।

এই পোষ্টটো ফেচ্‌বুকৰ ‘ভাৰত মাতা কী জয়’ নামৰ পেজ এটাত প্ৰকাশ কৰা হৈছিল আৰু ১৩,০০০ হাজাৰতকৈয়ো অধিক লোকে ভিডিঅ’টো চাইছিল।

অনুসন্ধানঃ

ইনভিদ-টুল ব্যৱহাৰ কৰি আৰু ‘ৰিভাৰ্ছ ইমেজ চাৰ্চ’ কৰি আমি ইউটিউবত এটা ভিডিঅ’ পাইছিলোঁ। ২০১৭ চনৰ ১৫ জুন তাৰিখে ‘সমাচাৰ নামা’ নামৰ চেনেল এটাই এই ভিডিঅ’টো আপলোড কৰিছিল।

https://www.youtube.com/watch?v=hUvKys3OUUI

আমি গুগলযোগে আৰু অনুসন্ধান কৰোঁ আৰু ‘ইণ্ডিয়া টু-ডে’ৰ ৱেব-চাইটত এটা প্ৰৱন্ধ পাওঁ য’ত একেই ভিডিঅ’টো ব্যৱহাৰ কৰা হৈছিল।

২০১৭ চনৰ ১৪ জুনৰ প্ৰতিবেদন অনুসৰি, ঘটনাটো অসমৰ নগাঁও জিলাৰ ধিং গাঁৱৰ।

“অসমত আশ্চৰ্য- গাঁও-পঞ্চায়তৰ নিৰ্দেশত মহিলাক নিপিষ্ট”

পশ্চিম বংগৰ ৰহিংগীয়া সম্পৰ্কে অসত্য আৰু বিভ্ৰান্তিমূলক তথ্যেৰে বাতৰি পৰিৱেশন কৰা এয়েই প্ৰথম নহয়। এনে বহুতো অসত্য কাহিনীৰ প্ৰচাৰ আগতেও হৈছে।

সিদ্ধান্তঃ

এগৰাকী মহিলাক এজন লোকে নিৰ্দয় ভাবে বেতেৰে কোবাই থকা ভিডিঅ’টো অসমৰ নগাঁও জিলাৰ, পশ্চিম বংগৰ নহয়।

এফবিৱাই টিটিডবলিউ

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাতচাপ নাম্বাৰত 9205270923. আমালৈ মেচেজ পঠাব পাৰে. কপিৰাইট@2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ.

  • Claim Review : woman being brutally caned by a man publically
  • Claimed By : FB User-भारत माता की जय
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later