X
X

Fact Check: আছানছ’লৰ পৰা পুৰি লৈ বন্দে ভাৰত চলোৱাৰ এই ৰেলৰ ন’টিফিকেচনখন ভুৱা

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই দাবি ভুৱা। এয়া এখন ভুৱা ন’টিফিকেচন। ভাৰতীয়ে ৰেলে এনে কোনো সম্ভাব্য ন’টিফিকেচন সঁদৰি কৰা নাই।

  • By: Umam Noor
  • Published: Dec 18, 2023 at 05:59 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত ভাৰতীয় ৰেলৱেৰ এখন স্ক্ৰিনশট ভাইৰাল হোৱাৰ খবৰ আহিছে, য’ত বন্দে ভাৰত ৰেলৰ আছানছ’লৰ পৰা পুৰি লৈ সম্ভাব্য সময়সূচী দিয়া হৈছে। এই সময়সূচী অনুসৰি, আছানছ’লৰ পৰা বাঁকুড়া আৰু ভুৱনেশ্বৰ হৈ বন্দে ভাৰত পুৰিলৈ যাব। 

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই দাবি ভুৱা। এয়া এখন ভুৱা ন’টিফিকেচন। ভাৰতীয়ে ৰেলে এনে কোনো সম্ভাব্য ন’টিফিকেচন সঁদৰি কৰা নাই।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, ”আছানছ’লৰ পৰা পুৰি লৈ বন্দে ভাৰত। সম্ভাব্য সূচী।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। 

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পুনপ্ৰথমতে আমি নিউজ বিছাৰিলো, কিন্তু আমি এনে কোনো সংবাদ নাপালো। যদি সঁচাকৈ এনে কোনো খবৰ হলেহেঁতেন তেন্তে, কোনোবা নিৰ্ভৰযোগ্য ৱেবচাইটত এই সন্দৰ্ভত নিশ্চয়ই খবৰ থাকিলেহেঁতেন। 

তদন্ত আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি ইষ্টাৰ্ন ৰেলৱেৰ সামাজিক মাধ্যম হেণ্ডেলত ভাইৰাল ন’টিফিকেশনখন বিছৰা আৰম্ভ কৰিলোঁ। তদন্ত প্ৰক্ৰিয়াত আমি ইষ্টাৰ্ন ৰেলৱেৰ এক্স হেণ্ডেলত 6 ডিচেম্বৰৰ এখন পোষ্ট পালো, য’ত এই ন’টিফিকেশনখনক ভুৱা বুলি ঘোষণা কৰা হৈছে।

ইষ্টাৰ্ন ৰেলৱেৰ হেডকুৱাটাৰে এই খন্ডন কৰা সংবাদক নিজৰ অফিছিয়েল ফেচবুক পেজতও সঁদৰি কৰিছে।  

ভাইৰাল পোষ্ট সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি পূৰ্ব ৰেলৱেৰ পিআৰঅ’ Shri Diptimoy Dutta লগত যোগাযোগ কৰিলোঁ আৰু তেঁওও ভাইৰাল ন’টিফিকেশনক ভুৱা বুলি ঘোষণা কৰিছে। 

ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজন পশ্চিম বঙ্গৰ বাসিন্দা।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, এই দাবি ভুৱা। এয়া এখন ভুৱা ন’টিফিকেচন। ভাৰতীয়ে ৰেলে এনে কোনো সম্ভাব্য ন’টিফিকেচন সঁদৰি কৰা নাই।

  • Claim Review : আছানছ’লৰ পৰা পুৰি লৈ বন্দে ভাৰত। সম্ভাব্য সূচী।
  • Claimed By : Sourav Satpati Amit
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later