X
X

Fact Check: এগৰাকী মহিলাক নিৰ্মমভাবে প্ৰহাৰ কৰাৰ ভিডিঅ’ মণিপুৰ হিংসাৰ লগত সম্পৰ্কিত নহয়।

  • By: Pallavi Mishra
  • Published: Jun 30, 2023 at 02:44 PM
  • Updated: Jun 30, 2023 at 02:53 PM

নিউ দিল্লি (বিশ্বাস নিউজ)- মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজত সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত কেম’ফ্লেজ পেটাৰ্নৰ কাপোৰ পিন্ধি থকা কেইবাজন ব্যক্তিয়ে, এগৰাকী মহিলাক অত্যাচাৰ কৰি থকা দেখা পোৱা গৈছে। কিছুমান সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’খন মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ লগত সম্পৰ্কিত বুলি দাবি কৰিছে।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’খন প্ৰকৃততে ম্যানমাৰৰ আৰু ইয়াৰ মণিপুৰ হিংসাৰ লগত কোনো সম্পৰ্ক নাই।

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰী‘Shivam Kushwaha’ (শিভম কুশৱাহ)(আৰ্কাইভ লিঙ্ক) 19 জুন ত এই ভিডিঅ’খন এই কেপশ্বনৰ লগত শ্বেয়াৰ কৰিছে, প্ৰকৃততে হিন্দিত আছিল, ”মণিপুৰ মোদি আৰু শাহৰ নিয়ন্ত্ৰণৰ বাহিৰত গুছি গ’ল। এজন খৃষ্টান কুকি কিশোৰী ছোৱালিক অস্ত্ৰধাৰী সাধাৰণ নাগৰিকে অত্যাচাৰ কৰা আৰু গুলিয়াই হত্যা কৰাৰ ভিডিঅ’ পোহৰলৈ আহিছে। মণিপুৰ জ্বলিছে আৰু মোদি নিশ্চুপ”

তদন্ত

ভাইৰাল দাবি অনুসন্ধান কৰিবলৈ, আমি ভিডিঅ’খনৰ পৰা কিফ্ৰেম ব্যৱহাৰ কৰি এটা গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ কৰিলো। ম্যানমাৰ নিউজ প’ৰ্টাল ‘Myanmar Now’,-ত আমি 6 ডিচেম্বৰ 2022 ৰ এটা সংবাদ পালো য’ত ভাইৰাল ভিডিঅ’খনৰ পৰা এখন কিফ্ৰেম ব্যৱহাৰ কৰা হৈছিল। সংবাদখনৰ শীৰ্ষক আছিল, “এনইউজি তেঁওলোকৰ প্ৰতিৰোধ দলৰ সদস্যসকলৰ দ্বাৰা মহিলাৰ নিৰ্মম হত্যাৰ তদন্ত আৰম্ভ কৰিছে”। এনইউজি হ’ল, নেশ্বনাল ইউনাইটেড গভাৰ্নমেন্ট। সংবাদ তথ্য মতে, ম্যানমাৰ পিপল ডিফেঞ্ছ ফৰ্ছে মহিলাগৰাকীক এজন তথ্যদাতা চৰ হিচাপে সন্দেহ কৰি নিৰ্মমভাবে প্ৰহাৰ কৰে আৰু হত্যা কৰে।

আমি ‘Click for PDF’-ত ম্যানমাৰত একে ঘটনাৰ এখন সংবাদ ডিচেম্বৰ 2022 থকা পালো। তাত শীৰ্ষ ছবি হিচাপে ভাইৰাল ভিডিঅ’খনৰ এটা কিফ্ৰেমও অন্তৰ্ভুক্ত কৰা হৈছে।

সংবাদদাতা পাঅ’জেল চাঅ’বা, যিজনে স্থানীয় নিউজ চাইট, দা ফ্ৰণ্টায়াৰ মণিপুৰ-ৰ বাবে মণিপুৰ হিংসাৰ ঘটনাৰ সংবাদ সংগ্ৰহ কৰি আছে, তেঁও বিশ্বাস নিউজক এই তথ্যৰ বিষয়ে নিশ্চিত কৰিছে যে এই ভাইৰাল ভিডিঅ’খন নিশ্চিতৰুপে ম্যানমাৰৰ আৰু মণিপুৰৰ নহয়।

3 মে মেইতেই আৰু কুকি সম্প্ৰদায়ৰ মাজত জাতিগত সংঘৰ্ষৰ পিছত মণিপুৰত হিংসাত্মক ঘটনাৰ সুত্ৰপাত হয়। তথ্য মতে, মৃতৰ সংখ্যা এতিয়ালৈ 100। মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে অধিক তথ্য ইয়াৰ, ইয়াৰ আৰু ইয়াৰ সংবাদসমূহত পঢ়িব পাৰিব।

সদৌ শেষত, আমি, পুৰণি ভিডিঅ’ এখন মণিপুৰৰ বুলি ভুল তথ্যৰ সৈতে শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী ‘Shivam Kushwaha’,-ৰ ফেচবুক প্ৰ’ফাইল ষ্কেন কৰিলো। আমি গম পালো যে তেঁও মধ্য প্ৰদেশৰ বাসিন্দা আৰু তেঁওৰ 600-ৰ অধিক অনুসৰণকাৰী আছে।

উপসংহাৰ:  মহিলাক নিৰ্মমভাবে প্ৰহাৰ কৰাৰ ভিডিঅ’ ম্যানমাৰৰ, মণিপুৰৰ নহয়। ইয়াক মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ লগত ভুলকৈ যুক্ত কৰি প্ৰচাৰ কৰা হৈ আছে।

  • Claim Review : মণিপুৰ হিংসাৰ নতুন ভিডিঅ’
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী ‘Shivam Kushwaha’
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later