X
X

Fact Check: এটা কোম্পানীয়ে পানীৰ তলত কৰোৱা বিস্ফোৰণকে আকাশৰ পৰা বজ্ৰপাত পৰা বুলি ভাইৰেল কৰা হৈছে

উপসংহাৰ: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত দাবীটো ভুৱা বুলি পতিয়ন গৈছে। দৰাচলতে, এয়া কোনো মহাকাশীয় বজ্ৰপাত নহয়, এয়া এক নিয়ন্ত্ৰিত বিস্ফোৰণহে আছিল।

নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা পোষ্ট ব্যাপকভাৱে ভাইৰেল হৈ আছে, য’ত এটা খালত এটা বিস্ফোৰণ হোৱা দেখা গৈছে। এই পোষ্টটোৰ সৈতে দাবী কৰা হৈছে যে এয়া এটা নদীত হোৱা বজ্ৰপাতৰ ভিডিঅ’। বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত এই দাবী ভুৱা বুলি প্ৰমাণিত হৈছে। দৰাচলতে, এয়া কোনো মহাকাশীয় বজ্ৰপাত নহয়, এয়া এক পৰিকল্পিত আৰু নিয়ন্ত্ৰিত বিস্ফোৰণহে আছিল।

কি এই ভাইৰেল পোষ্ট

ফে’চবুক পেজ ‘Lokesh destiny rider’ এ এই ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, ‘নদীত মহাকাশৰ পৰা হোৱা বজ্ৰপাতৰ অদ্ভূত দৃশ্য।”

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে গুগল ৰিভাৰ্চ ইমেজত ভিডিঅ’টোৰ কীফ্ৰেমবোৰ অনুসন্ধান কৰিছিল। আমি ২১ ডিচেম্বৰ, ২০২১ তাৰিখে ফিনলেণ্ডৰ ৱাটাৰ ইঞ্জিনিয়াৰিং ফাৰ্ম Rannikon Merityö ত আপলোড কৰা এই ভিডিঅ’টো পাইছিলোঁ। বৰ্ণনা অনুসৰি, এইটো এটা নিয়ন্ত্ৰিত বিস্ফোৰণ আছিল আৰু এয়া কেৱল নদীৰ গভীৰতা বৃদ্ধি কৰিবলৈ কৰা হৈছিল।

এই বিষয়ত আমি Rannikon Merityö ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ইস্কিন হোফেনোছাৰৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায় যে, “এই ভিডিঅ’টো বজ্ৰপাতৰ নহয়, এয়া এক নিয়ন্ত্ৰিত বিস্ফোৰণৰহে দৃশ্য। আমি এনে কাৰ্যকলাপত বিশেষজ্ঞ আৰু এনে ধৰণৰ বিস্ফোৰণ অতি পৰিপাটিৰে কৰোঁ।”

অনুসন্ধান কৰাৰ পিছত, আমি কিছুমান প্ৰকৃত ভিডিঅ’ পাইছিলো য’ত জলাশয়বোৰত বজ্ৰপাত হোৱা দেখা গৈছিল। ইয়াত স্পষ্টকৈ দেখা যায় যে পানীত বজ্ৰপাতৰ ফলত বিস্ফোৰণৰ দৰে অস্থিৰতাৰ সৃষ্টি নহয়।

বিশ্বাস নিউজে শেষত ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰী Lokesh destiny rider ৰ সামাজিক স্কেনিং চলাইছিল। আমি লাভ কৰা তথ্য অনুসৰি ব্যৱহাৰকাৰীজনক ২৩৭ জন লোকে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত দাবীটো ভুৱা বুলি পতিয়ন গৈছে। দৰাচলতে, এয়া কোনো মহাকাশীয় বজ্ৰপাত নহয়, এয়া এক নিয়ন্ত্ৰিত বিস্ফোৰণহে আছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later