Fact Check: খড়গপুৰ ৰেল ষ্টেশনত হাইটেনচন তাৰ পড়াৰ ফলত মৃত্যু হোৱা নাই TTE –ৰ , দাবিটো বিভ্ৰান্তিকৰ

ভাইৰাল ভিডিঅ’ৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে পশ্চিম বঙ্গৰ খড়গপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত টিটিআই চৰদাৰ সুজান সিংৰ ওপৰত হাইটেনচন তাৰ ভাঙি পৰিছিল, যাৰ ফলত তেঁও আহত হৈছিল। কিন্তু তেঁওৰ মৃত্যুৰ দাবি ভ্ৰমাত্মক হয়।

Fact Check: খড়গপুৰ ৰেল ষ্টেশনত হাইটেনচন তাৰ পড়াৰ ফলত মৃত্যু হোৱা নাই TTE –ৰ , দাবিটো বিভ্ৰান্তিকৰ

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত আকৌ এবাৰ এখন ভিডিঅ’ ভাইৰাল হৈ আছে, য’ত দুজন ব্যক্তিক ৰেল ষ্টেচনত নিজৰ মাজত কথা পাতি থকা দেখা পোৱা যায়। সেই মুহুৰ্তত এজন ব্যক্তিৰ কাৰেণ্ট লাগি যায় আৰু ব্যক্তিগৰাকী ৰেলৰ ট্ৰেকৰ ওপৰত পৰি যায়। ভিডিঅ’খনক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, ব্যক্তিগৰাকীৰ ম’বাইল ফোন হাইটেনচন তাৰৰ লগত সংযুক্ত হোৱাৰ ফলত এই ঘটনা ঘটিছে আৰু এই কাৰণেই মানুহজনৰ মৃত্যু হৈছে।

ভাইৰাল ভিডিঅ’ৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে পশ্চিম বঙ্গৰ খড়গপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত টিটিআই চৰদাৰ সুজান সিংৰ ওপৰত হাইটেনচন তাৰ ভাঙি পৰিছিল, যাৰ ফলত তেঁও আহত হৈছিল। কিন্তু তেঁওৰ মৃত্যুৰ দাবি ভ্ৰমাত্মক হয়।

কি আছে ভাইৰাল পোষ্টত?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে, ”জনহিতাৰ্থে আৱশ্যক, ম’বাইলৰ ইয়াৰ ফোনত নেট সক্ৰিয় হোৱাৰ লগে লগে, ৰেলত সংযুক্ত হাইটেনচন তাৰৰ পৰা কাৰেন্ট কানৰ মাধ্যমে মগজুলৈ গৈ পালে তাৰ পিছত হল এয়া। ৰেলৰ প্লেটফৰ্মত ইয়াৰফোন ব্লুটুথ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক আৰু প্লেটফৰ্মত ৰেলৰ ট্ৰেকৰ ওচৰত থিয় নহ’ব।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণিত পুনপ্ৰথমতে আমি কিৱাৰ্ডৰ জৰিয়তে ভাইৰাল ভিডিঅ’খন বিছাৰিলোঁ। এই প্ৰক্ৰিয়াত আমি টাইমচ অফ ইণ্ডিয়া ডট ইণ্ডিয়া টাইমচৰ ৱেবচাইটত 2022-ৰ 8 ডিচেম্বৰ তাৰিখত সংবাদৰ লগত ভিডিঅ’খন আপল’ড হোৱা দেখা পালো। ইয়াত থকা তথ্য মতে, পশ্চিম বঙ্গৰ খড়গপুৰ ৰেল ষ্টেচনত এজন টিকেট কালেক্টৰ, সুজান সিং চৰদাৰৰ ওপৰত বিদ্যুতৰ তাৰ পড়িল। ঘটনাত চৰদাৰ বাৰ্ণ ইনজুৰি( পোৰাৰ ফলত আহত) হৈছে। ৰেলৱে কৰ্মী আৰু যাত্ৰীসকলৰ তৎপৰতাত তেঁওৰ প্ৰাণ কথমপি ৰক্ষা পায়। 

আকৌ এই সন্দৰ্ভত হিন্দুস্তান টাইমচৰ 2022-ৰ 8 ডিচেম্বৰ তাৰিখৰ সংবাদ মতে, পশ্চিম বঙ্গৰ খড়গপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত থিয় হৈ থকা এজন ব্যক্তিৰ ওপৰত হাইটেনচন তাপ নিক্ষিপ্ত হোৱাৰ ঘটনা চিচিটিভিত বন্দী হৈছে। ব্যক্তিজনক জলি যোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তেঁওৰ অৱস্থা এতিয়া সুস্থিৰ বুলি জানিপ পৰা গৈছে। সম্পূৰ্ণ সংবাদ ইয়াত পঢ়িব পাৰিব। 

আমি ইয়াৰ আগতও ভ্ৰমাত্মক পোষ্টৰ ফেক্ট চেক কৰিছোঁ আৰু তেতিয়া আমি পশ্চিম বঙ্গৰ দৈনিক জাগৰণৰ সম্পাদক জে.কে. বাজপেয়ীৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেঁওক এই সন্দৰ্ভত অৱগত কৰি জনাইছিলো যে, এই ঘটনা পশ্চিম বঙ্গৰ খড়গপুৰ ৰেল ষ্টেচনত সংঘটিত হৈছিল। হাইটেনচন তাৰ টিকেট চেকাৰৰ ওপৰত চিঙি পৰিছিল। যাৰ পিছত তেঁও আহত হৈছিল আৰু তেঁও এতিয়া সুস্থ।  

ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনৰ 18 হাজাৰতকৈ অধিক মানুহে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ ভাইৰাল ভিডিঅ’ৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে পশ্চিম বঙ্গৰ খড়গপুৰ ৰেল ষ্টেচনৰ প্লেটফৰ্মত টিটিআই চৰদাৰ সুজান সিংৰ ওপৰত হাইটেনচন তাৰ ভাঙি পৰিছিল, যাৰ ফলত তেঁও আহত হৈছিল। কিন্তু তেঁওৰ মৃত্যুৰ দাবি ভ্ৰমাত্মক হয়।

Misleading
Symbols that define nature of fake news
জানক পোৰা সত্য...

আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাপচাপ নাম্বাৰত 9205270923 আমালৈ মেচেজ পঠাব পাৰে
কপিৰাইট ©2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ

Related Posts
রিসেন্ট পোস্টস